লক ডাউনে প্ৰকৃতিৰ উপকাৰ সাধিছে

…….প্ৰাণেশ্বৰ শৰ্মা……..

লক ডাউনৰ পৰা বিভিন্ন দিশত যিমানেই ক্ষতি নহওক কিয়, মানুহ আৰু প্ৰকৃতিৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু উল্লেখনীয় উপকাৰ সাধন হৈছে।
এইকেইদিন পৰিবেশ অতিকৈ নিৰ্মল হৈ উঠিছে।গাড়ী–মটৰ , কল-কাৰখানাৰ বিকট শব্দ নোহোৱা বাবে জীৱ জন্তুসমূহে নিৰ্ভয়ে বিচৰণ কৰিছে।জীৱ জন্তুৱে নিৰ্ভয়তা পাইছে মানুহৰ সমাগম আৰু অত্যাচাৰৰ পৰা।এইকেইদিন চৰাইৰ কাকলি কি মনোমোহাকৈ শুনা গৈছে।লক ডাউনৰ বাবে মানুহৰ খং হলেও প্ৰকৃতিয়ে কিন্তু ৰং পাইছে।
প্ৰদূষণমুক্ত নিকা পৰিবেশৰ বাবে মানুহৰ বিভিন্ন বেমাৰ-আজাৰ কমিছে।
কৰণাৰ বাবে দেশত যদি চাৰিশজনৰ মৃত্যু হৈছে, কিন্তু কমেও চাৰিলাখ জনৰ মৃত্যু ৰোধ হৈছে অন্যান্য দিশৰ পৰা।দুৰ্ঘটনা আৰু প্ৰদূষণযুক্ত বেমাৰত এই সময়ছোৱাত কিমান লোকৰ যে অকাল মৃত্যু নহলহেতেন !!
সেয়েহে মই ভাবো, কৰণাতংক আতৰাৰ পিছতো প্ৰতিবছৰে এটা “”লক ডাউন সপ্তাহ”” পালন কৰাৰ ব্যৱস্থা কৰিব লাগে।এসপ্তাহৰ লক ডাউনে এবছৰলৈ যথেষ্ট কাম দিব।মাজে মাজে উপবাস দিলে যেনেকৈ মানুহৰ পেটৰ ইঞ্জিনে ৰেহাই পাই স্বাস্থ্য ভাল হয় ,তেনেদৰে প্ৰতিবছৰৰ এসপ্তাহৰ লক ডাউনে মানুহ আৰু প্ৰকৃতিৰ স্বাস্থ্য ভালে ৰাখিব।মানুহ আৰু প্ৰকৃতিৰ অপমৃত্যু হ্ৰাস হব।জীৱকুলৰ বংশবৃদ্ধি হব।বিলুপ্তপ্ৰায় জীৱসমূহ পুনৰ বংশবিস্তাৰৰ দিশে আগবঢ়াৰো সম্ভাৱনা বাঢ়িব।
গতিকে–স্বাগতম, লক ডাউন সপ্তাহ ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *