প্ৰসঙ্গ :: বিহু নৃত্য

…..প্ৰাণেশ্বৰ শৰ্মা…..

কালিৰ আলোচনাত উল্লেখ কৰিছিলো যে আজিকালি বিহুসুৰীয়া আধুনিক গীতেৰে বিহুনৃত্য প্ৰদৰ্শন কৰে।ইয়াৰ প্ৰধান কাৰণ হ’ল যন্ত্ৰস্থ গীতৰ সুলভতা।কোনো কষ্ট নকৰাকৈয়ে যন্ত্ৰস্থ গীত পোৱা যায়, সেয়ে হোৱাই নোহোৱাই তাৰ জৰিয়তেই নৃত্য প্ৰদৰ্শন কৰে।
কিন্তু দৰাচলতে বিহুনৃত্যত মানুহে বাদ্য আৰু গীত ব্যৱহাৰ কৰা উচিত।তাৰ কাৰণে উদ্যোক্তাসকলে সমূহীয়াভাৱে বাদ্য বা গায়কৰ ব্যৱস্থা কৰিব পাৰে।বা প্ৰতিযোগীয়ে নিজাববীয়াকৈ ব্যৱস্থা কৰিব পাৰে।
এইটো সফলকাম কৰি তুলিবলৈ হলে উদ্যোক্তাসকলে চিঠি বা গোহাৰিত উল্লেখ কৰি দিয়াটো বাধ্যতামূলক হব যে প্ৰতিযোগীসকলে যন্ত্ৰস্থ গীতত নৃত্য প্ৰদৰ্শন কৰিব নোৱাৰিব।

যন্ত্ৰস্থ গীতৰ পৰিৱৰ্তে manual গীত বাদ্য ব্যৱহাৰ কৰিলে সংস্কৃতিৰ মৰ্যদাও ৰক্ষা হয় আৰু অনুষ্ঠানো উপভোগ্য হয়।
আনহাতে, তেনেকুৱা ধৰাবন্ধা ব্যৱস্থা যদি নাথাকে তেতিয়া বিচাৰকসকলে বিচাৰ কৰোতে manual গীত বাদ্য ব্যৱহাৰ কৰা প্ৰতিযোগীক ফলাফলৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিলে পৰৱৰ্তী সময়ত সকলোৱে সেইটো কৰিবলৈ বাধ্য বা উৎসাহী হব।
manual ব্যৱস্থাত নাচোন বেয়া হলেও যন্ত্ৰস্থ ব্যৱস্থাতকৈ নম্বৰ বেছি পোৱা উচিত।কাৰণ বেয়াগীতত ভাল নচাতকৈ ভাল গীতত বেয়া নচাটো মোৰ বোধেৰে বেছি যথোপযুক্ত।
আকৌ যন্ত্ৰস্থ বিহুসুৰীয়া আধুনিক গীতত প্ৰকৃততে বিহুনৃত্যৰ ভংগী দেখুৱাব পাৰে জানো?মোৰ বোধেৰে তেনেকুৱা গীতত নাচিলে বহুৱালিহে হয়।গীতে কৈছে কিবা, কিন্তু দেখাইছে বিহুৰ ভংগী।
গতিকে উদ্যোক্তা আৰু বিচাৰকসকলে এনেবোৰ দিশত মনোযোগ দি অনুষ্ঠানসমূহ যথাযথ কৰি তোলাৰ ক্ষেত্ৰত সচেষ্ট হোৱাটো প্ৰয়োজন।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *