লক ডাউন আৰু কিছু ইতিবাচক আৰু নেতিবাচক

…….প্ৰাণেশ্বৰ শৰ্মা……

বন্ধুসকল,
লক ডাউনৰ ইতিমধ্যে পাৰ হোৱা সময়ছোৱাত ফেচবুকত দুই এটি অবাঞ্চিত পোষ্টে ভুমুকি মৰাও দেখিবলৈ পোৱা গৈছে। অৱশ্যে এয়া সংখ্যাত অতি তাকৰ।
দুই এজনে এই সময়তো ৰাজনৈতিক মতলবেৰে লেতেৰা ৰাজনৈতিক পোষ্ট দিছে।তেওলোকৰ মতে চৰকাৰেহে যেনিবা কৰণা ভাইৰাছ কঢ়িয়াই আনিছে।বা বেলেগ চৰকাৰ থাকিলে কৰণা সোমাবই নোৱাৰিলেহেতেন।
আকৌ কিছুমানে বিভিন্ন দল সংগঠনক তুচ্চ তাচ্চিল্য কৰি পোষ্ট দিছে।দল সংগঠনবোৰে হেনো একো ভূমিকা নলৈ মৌনতা অৱলম্বন কৰিছে।
কিন্তু কথা হল, কৰণাৰ পৰিস্থিতি সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা যিখিনি কৰিছে সেয়া অতিকৈ প্ৰসংশনীয়।কৰণা প্ৰতিৰোধৰ ক্ষেত্ৰত ইয়াতকৈ আৰু কি কৰিব পাৰে? আপদকালিন সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰতো পদক্ষেপ লব বুলিয়েই আমি আশাবাদী।
আকৌ দল সংগঠন সমূহে এই সময়ত লক ডাউন মানি থকাৰ বাহিৰে আন কি কৰিব পাৰিব?কৰণাৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে সংশ্লিষ্ট লোকক নিয়োগ কৰিছে।এই ক্ষেত্ৰত বিষয়ৰ লগত জড়িত,অভিজ্ঞ বা দায়িত্বপ্ৰাপ্ত লোকেহে অংশগ্ৰহণ কৰিব পাৰিব।এনে পৰিস্থিতিত দল সংগঠনৰ লোকে কিবা কৰিবলৈ আগবাঢ়ি আহিলে দেখো ওলোটা পৰিস্থিতিৰহে সৃষ্টি হব।গতিকে সংশ্লিষ্ট দল সংগঠনৰ লোকে চৰকাৰৰ আহ্বান মানি লৈ গৃহবন্দী হৈ আছে।সেইসকলেও চৰকাৰক সমৰ্থন জনাইছে।
সুখৰ বিষয় যে, কোনো দল সংগঠনে এই সময়ত চৰকাৰক অতীষ্ঠ কৰা নাই,বৰং সমৰ্থন-প্ৰশংসা আৰু সহযোগিতাহে আগবঢ়াইছে।
যি সকল লোকে চৰকাৰৰ নীতি-নিৰ্দেশনা মনা নাই,সেইসকলক কোনো দল, সংগঠন, জাতি,ধৰ্ম আৰু সম্প্ৰদায়ৰ দৃষ্টিৰে চালে ভুল হব।সেই সকলৰ দল এটাই, সেয়া হল—–মূৰ্খৰ দল।
যিবিলাক লোকে আগেয়ে চৰকাৰৰ কটু সমালোচনা কৰিছিল, সেইসকলেও এই সময়ত উৎসাহ যোগাইছে।
অৱশ্যে এজন মতিভ্ৰষ্টই লক ডাউনত হিন্দুত্ববাদৰ গোন্ধ পাইছে।সেইজনো স্বাভাৱিকতে ওপৰত উল্লেখ কৰা মূৰ্খৰ দলৰে অন্তৰ্ভুক্ত লোক।
ওপৰৰ কথাখিনিৰ সাৰমৰ্ম হিচাপে এইটোৱেই কব বিচাৰিছো যে, এই সময়ত আমি অনাহকত কোনেও কাকো তুচ্চ তাচ্চিল্য নকৰি সকলোৱে এই মহা ব্যাধিৰ পৰা ৰক্ষা পোৱাৰ বিষয়েহে চিন্তা কৰিব লাগে আৰু চৰকাৰৰ নিৰ্দেশনা পালনৰ জৰিয়তে সহযোগিতা আগবঢ়াব লাগে।

(মই যি লিখিব গৈছিলো সেই আচল উদ্দেশ্যলৈ যাব নাপাওতেই বহু দীঘল হল।দীঘলীয়া লেখা কোনেও নপঢ়ে।সেয়ে মূল কথাখিনি পৰৱৰ্তী পোষ্টৰ যোগে আগবঢ়োৱাৰ আশাৰে সামৰিছো)
(মোৰ কথাখিনি যিসকলৰ পছন্দ হয় ,সেইসকলে share কৰিব পাৰে)

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *