…..ডাঃ আজিমুদ্দিন আহমদ….
নাখান্দিবা ঠিয় ঠেক গাতৰ সৌধ
বিভিষিকাৰ নিষ্ঠুৰ কবৰ !
নালাগে চন্দনৰ ঠিয় দাল
সৰিয়হ,ঘি আৰু খেৰকূটাৰ উল্লাসিত অগ্নি !
কবৰ নিদিবা
নকৰিবা ভষ্মীভূত
বিষাক্ত কৰি জননী আইৰ অবয়ব !
আহ্বান কৰি শৃগাল কুকুৰ আৰু শগুনক
টুকৰা-টুকুৰ কৰি মোৰ মেদবহুল কংকালৰ পেশী
তিঘিল ঘিলাই হওঁক বনভোজ তৃপ্তি সিহঁতৰ
প্ৰকৃতিৰ নিদৰ্শন স্বচ্ছতাৰ !
অভিসন্ধী নকৰো নকৰো প্ৰতিবাদ
হেলাৰঙে সহিম ঠোটৰ আঘাত!
মৃত্যু অনিবাৰ্য মোৰ ইহকালত পৰকালতো
বিদায় হাহিঁ হাহিঁ হেলাৰঙে অনিশ্চয় পুন:জনম !
নাকান্দিবা ও আই তই
অশ্ৰুবেদনাই দহিব বৰকৈ !
আৰু তুমি ………..
নাকান্দিবা ! খাবা উল্লাসেৰে উদৰ পুৰাই
ময়ো স্বাভাবিক আছিলো জীৱনকালত !
আহ্বান মাথোন চিৰবিদায়ৰ
নজনাবা অশ্ৰুশিক্ত নয়নেৰে
এপলক আশিষেৰে ……..