——————————————
মোৰ বিয়াৰ সময়ত বন্ধু এজন লগতলৈ ছোৱালী সুধিব গ’লো।
ছোৱালী জনীয়ে দুখন প্লেটত দুটা সিজোৱা কণী দিলে।কণীৰ লগত অলপ মিঠাতেল আৰু নিমখ দিছিল।প্লেট দুখন থৈ তাই পানী আনিবলৈ গ’ল।
মোৰ বন্ধুজনে চামুচেৰে কণীটোত হেচা দিওতে পিচলি কণীটো সোমালগৈ ড্ৰয়িং ৰূমটোত থকা চাঙৰ তলত।
দুৰ্ঘোৰ সমস্যাত পৰিলো আমি।কণীটো আনিবলৈ চাঙৰ তলত সোমাম,কোনোবাই দেখিব।তেনেকৈ তাতে এৰিম ,গৃহস্থই পিছত দেখি অভদ্ৰ বুলি ভাবিব।
গনি মথি শেষত কণীটো উদ্ধাৰ কৰাটোকে সিদ্ধান্ত লৈ বন্ধু সোমালগৈ চাঙৰ তলত।
সেই সময়তে ছোৱালী জনীয়ে পানী লৈ আহি দেখে যে এজন মানুহ নাই।কিন্তু বন্ধুৰ ভৰি দুখন আছিল ওলাই।তাকে দেখি তাই আচৰিত হৈ সুধিলে—-আপুনি চাঙৰ তলত যে?
বন্ধুই কি কব!সেমেনা সেমেনিকৈ তাৰে পৰাই দিলে উত্তৰ—-তোমালোকক কথা পাতিবলৈ সুবিধা দিবৰ বাবেই মই লুকাই আছো ইয়াত—–
2020-04-14