প্ৰসঙ্গ:: বিহুগীত

……প্ৰাণেশ্বৰ শৰ্মা…..

বিহুৰ বতৰত আমাৰ তৰফৰ পৰা সদৌটি বন্ধু-বান্ধৱীলৈকৈ হিয়াভৰা ওলগ যাচিলো।
বিহুগীতৰ প্ৰসঙ্গত অকণমান মত বিনিময় কৰিব বিচাৰিছো।
আজিকালি প্ৰকৃত বিহুগীত শুনিব নোপোৱাই হ’ল।বিভিন্ন অনুষ্ঠানত বিহুগীত বুলি গায় বিহুসুৰীয়া আধুনিক গীত।আচৰিত কথা যে, বিহুগীতৰ অনুষ্ঠানত বিহুসুৰীয়া আধুনিক গীত গাই পুৰস্কাৰো পায়।
“”দাপোন ভাঙি গ’লে পেলাই দিবা
পিছে মন ভাঙি গ’লে পেলাই দিব জানো পাৰিবা””
এইটো জানো বিহুগীত?নিশ্চিতভাৱে এইটো বিহুসুৰীয়া আধুনিক গীত।কিন্তু এই গীতটোত বিহু নাচি পুৰস্কাৰ পোৱাও দেখিছো।
এইখিনিতে বিহুৰ বিচাৰকৰ বিহু সম্পৰ্কীয় জ্ঞানৰো কথা আহে।মই উপস্থিত থকা কোনো অনুষ্ঠানতে বিচাৰকে প্ৰতিযোগীক এই ভুলটো আঙুলিয়াই দিয়া দেখা নাই।মই নিজে কিন্তু কেইবাঠাইতো আঙুলিয়াইয়ো দিছো আৰু বিচাৰৰ অযোগ্য হিচাপে গণ্য কৰিছো।অ, যোৱাবেলি এখন প্ৰতিযোগিতাত মোৰ বন্ধুসম ভাতৃ জেহেৰুল হকে এই কথাটো আঙুলিয়াই দিছিল।
প্ৰতিযোগীৰ অভিভাৱক সকলো উপযুক্ত বিহুগীত নিৰ্বাচনৰ ক্ষেত্ৰত সচেতন হোৱা দৰকাৰ।
বিহুগীত বা বিহু নৃত্যৰ অনুষ্ঠানত বিহুসুৰীয়া আধুনিক গীতৰ প্ৰয়োগে বিহুৰ মৰ্যদা হানি কৰিছে।লগতে বিহুক ধ্বংসৰ মুখলৈ ঠেলি নিছে।
সাহিত্য-সংস্কৃতিত পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ প্ৰভাৱ পৰাটো অৱধাৰিত।সংস্কৃতিয়েও সময়ৰ লগে লগে কিছু ৰূপ সলায়।কিন্তু সেইবুলি ইয়াৰ মূল পৰিকাঠামো নষ্ট কৰি পেলোৱাটো গ্ৰহণযোগ্য হব নোৱাৰে।সংস্কৃতিৰ স্বাভাৱিক পৰিৱৰ্তনটো হ’ল তাৰ গীত পদত সমকালীন সমাজৰ প্ৰতিফলন, কিন্তু মূল বিষয়ৰ পৰিৱৰ্তন নহয়।
বিহুগীততো পৰিৱৰ্তিত সমাজৰ স্বাভাৱিক প্ৰতিফলন অতীজৰে পৰাই হৈ আহিছে।এটা সময় আছিল ,যেতিয়া মানুহে চাকৰি কৰাতকৈ খেতি কৰাটোহে বেছি মৰ্যদাপূৰ্ণ বুলি ভাবিছিল।বা চহৰতকৈ গাৱত থকাটো বেছি পচন্দ কৰিছিল।কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে সেই ধাৰণা ক্ৰমাৎ সলনি হৈ আহিবলৈ ধৰিলে।তাৰ প্ৰভাৱ পৰিল বিহুগীতত—-
“” আছে যদি কপালত
থাকিম গৈ ঐ চহৰত ঐ
থাকিম গৈ ঐ চহৰত
তোমাকেনো লগতে লৈ
নাই যদি কপালত
খেতি কৰিম পথাৰত
তুমিয়েনো ৰুই যাবা ভুই””

এয়া হ’ল সময়ৰ প্ৰভাৱ।কিন্তু এয়া বিৰূপ পৰিৱৰ্তন নহয়।
কিছুমান গীতক হয়তো অতি পূৰণি বুলি ভবা হব পাৰে।
“”এইবেলি বিহু মাৰাৰ চলতে
যুৰীয়া আহতৰ তলতে
শুন তৰামাই
মোলৈ জানো মনত পৰা নাই””
এইবিলাক গীতক আমি এতিয়া আউটডেটেদ বুলিয়েই ভাবিব লৈছো।কিন্তু পুৰণিকলীয়া সংস্কৃতি এটাৰ মডাৰ্ণ ৰূপ কিমান যুক্তিসংগত ?

আলোচনাৰ শেষত কব বিচাৰিছো, আমি আমাৰ জাতীয় সংস্কৃতিটোৰ স্বকীয় মৰ্যদা অটুট ৰখাৰ দিশত গুৰুত্ব প্ৰদান কৰিবৰ হ’ল।বিশেষকৈ বিহুৰ অনুষ্ঠানৰ লগত জড়িত সংগঠক সকলে অনুষ্ঠানসমূহ কেৱল পাতিব লাগে বাবেই নাপাতি ইয়াৰ মৰ্যদাৰ দিশটোতো সচেতন হোৱাটো বিচাৰো।আনহাতে, বিচাৰক সকলে বিচাৰ কৰিব যোৱাৰ আগেয়ে সংস্কৃতিটোৰ ক্ষেত্ৰত বিস্তৰ অধ্যয়ন কৰি লোৱাটো উচিত বুলি ভাবো।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *