…..প্ৰাণেশ্বৰ শৰ্মা…..
এখন ৰাজ্যৰ এজন কৃষকে তৰমুজৰ খেতি কৰিছিল।এদিন তেও এটা তৰমুজ লৈ ৰাজদৰবাৰ পালেগৈ।মনত আশা—-তৰমুজটো খাই ভাল পালে ৰজাই তেওক পুৰস্কাৰ দিব।
তেও আশা কৰা মতেই ৰজাই তৰমুজটো খাই ভাল পালে আৰু কি মূল্য লাগে সুধিলে।মানুহজনে তেতিয়া সানুনয়ে ক’লে—–মহাৰাজ, তৰমুজটোৰ মূল্য হিচাপে মোক উদং পিঠিত বিশটা চমতাৰ কোব মৰাওক।
ৰজা অবাক।এও কয় কি !!
ৰজাই ক’লে—তুমি এয়া কি কৈছা।তোমাৰ তৰমুজ খাই মই সন্তুষ্ট হৈছো।তোমাক আকৌ চমতাৰে কিয় কোবাম?
কৃষকজনো নাচোৰবান্দা।তেওক বিশটা চমতাৰ কোব লাগিবই।তাকো উদং পিঠিত।
অৱশেষত ৰজা মান্তি হ’ল।চাউদাঙক আদেশ দিলে যিমান সম্ভৱ কম কষ্ট পোৱাকৈ বিশটা চমতাৰ কোব মাৰিবৰ বাবে।সেইমতে চাউদাঙে হিচাপ কৰি কৰি কোবাবলৈ ধৰিলে।ঠিক দহটা কোব হোৱাৰ লগে লগে মানুহজনে চাউদাঙক ৰখালে আৰু ৰজাক কবলৈ ধৰিলে—–
মহাৰাজ, বাকী থকা এই দহটা কোব আপোনাৰ দুৱৰীজনৰ প্ৰাপ্য।গতিকে এইকেইটা কোব তেওক প্ৰদান কৰিব লাগে।
কাৰণ সোধাত মানুহজনে ক’লে—-
মহাৰাজ, মই আপোনাৰ দৰবাৰলৈ সোমাব খোজাত আপোনাৰ দুৱৰীজনে প্ৰবেশৰ অনুমতি দিব খোজা নাছিল।মই অনুনয় বিনয় কৰাত তেও এটা চৰ্তত মোক সোমাব দিলে।সেইটো হ’ল, মই তৰমুজটোৰ যি মূল্য পাও,তাৰে আধা তেওক দিব লাগিব।গতিকে মহাৰাজ, বাকী থকা দহটা কোব তেওৰ প্ৰাপ্য।
ৰজাই সকলো বুজিলে।দুৱৰীজনক মতাই আনি তেওৰ উদং পিঠিত দহটা প্ৰচণ্ড কোব সোধালে।আৰু কৃষকজনক তৰমুজটোৰ মূল্যৰ লগতে পুৰস্কাৰ প্ৰদান কৰি বিদায় দিলে।
(বন্ধু সকলৰ পৰা গল্পটিৰ সাৰাংশ পাম বুলি কামনা কৰিলো।ভাল পালে share কৰিব পাৰিব)