কুৰুক্ষেত্ৰৰ অন্যায় যুদ্ধ

……প্ৰাণেশ্বৰ শৰ্মা……

কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত কৌৰৱ পাণ্ডৱ দুয়োপক্ষই মিলি যুদ্ধ সম্পৰ্কীয় কিছুমান নীতি প্ৰস্তুত কৰি লৈছিল।যেনে–
১)প্ৰতি দিনে ৰাতিপুৱা নিৰ্দিষ্ট সময়ত ৰণভেৰী বজাই যুদ্ধৰ আৰম্ভ ঘোষণা কৰা হ’ব।
2)সূৰ্যাস্তৰ লগে লগেই প্ৰতিদিনৰ যুদ্ধৰ সমাপ্তি ঘোষণা হ’ব।যুদ্ধৰ সমাপ্তি ঘোষণাৰ পিছত কোনেও কাৰো ওপৰত অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰিব।সেই সময়ত প্ৰয়োজনবোধে দুয়োপক্ষৰ লোকে পাৰস্পৰিক মিলামিচা কৰিব পাৰিব।
৩)ৰথীৰ লগত ৰথী, মহাৰথীৰ লগত মহাৰথী –এনেকৈ সমানে সমানেহে যুদ্ধ কৰিব পাৰিব।
৪)পদাতিকৰ লগত পদাতিক, অশ্বাৰোহীৰ লগত অশ্বাৰোহী আদি ধৰণেহে যুদ্ধ কৰিব পাৰিব।
৫)এজন যোদ্ধাৰ লগত এজনেহে যুজ কৰিব পাৰিব।এজনৰ লগত একেলগে কেইবাজনো ৰথী বা মহাৰথীয়ে যুজিব নোৱাৰিব।
৬)নিৰস্ত্ৰ জনৰ ওপৰত অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰিব।
৭)এজনৰ লগত যুজ কৰি থাকোতে পিছফালৰ পৰা আনে অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰিব।
৮)যুদ্ধত পিছমুখ দিয়াজনৰ বা পলৰীয়া জনৰ ওপৰত অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰিব।
৯)যুদ্ধ নকৰো বুলি অস্ত্ৰ পেলাই দিলে সেইজনৰ ওপৰত অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰিব।
১০)সাৰথিলৈ পোনপটীয়াকৈ অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰিব।
১১)যি বাহনত উঠি যুদ্ধ কৰি থাকে সেই বাহন নষ্ট হলে বা মৃত্যু হলে প্ৰতিপক্ষই নিজে বাহনত থাকি তেওৰ লগত যুজিব নোৱাৰিব।
১২)গদা যুদ্ধৰ নীতি অনুসৰি প্ৰতিপক্ষৰ ককালৰ তলৰ অংশত প্ৰহাৰ কৰিব নোৱাৰিব।
১৩)সকলো যুদ্ধৰ সাধাৰণ নীতি অনুসৰি পোনে পোনে অতি শক্তিশালী অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰিব।কম শক্তিশালী অস্ত্ৰ সমূহ বিফল হলেহে ক্ৰমান্বয়ে ব্ৰহ্মাস্ত্ৰ, বৈঞ্চবাস্ত্ৰ আদি প্ৰয়োগ কৰিব পাৰিব। আৰু
১৪)যুদ্ধৰ বাতৰি দিয়া বা আন যোগাযোগ ৰক্ষাকাৰী দূতৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰিব।
এই নিয়ম সমূহ ভংগ কৰি যুদ্ধ কৰিলে সেয়া অন্যায় যুদ্ধ হিচাপে গণ্য হব।

এতিয়া আহো কুৰুক্ষেত্ৰৰ যুদ্ধত কোন পক্ষই কেইখন অন্যায় যুদ্ধ কৰিছিল, তাৰ প্ৰসঙ্গলৈ—-
পাণ্ডৱ পক্ষ—-
১)ভীষ্মক অৰ্জুনে নপুংষক এজনক সন্মুখত ৰাখি পিছফালৰ পৰা শৰ মাৰি পৰাজিত কৰিছিল।
২)দ্ৰোণাচাৰ্যক নিৰস্ত্ৰ অৱস্থাত আৰু লগতে মিছা কথাৰ আশ্ৰয় লৈ বধ কৰিছিল।
৩)কৰ্ণক নিৰস্ত্ৰ আৰু বাহনহীন অৱস্থাত বধ কৰিছিল।
৪)সাত্যকিয়ে ভুৰিশ্ৰৱাক নিৰস্ত্ৰ অৱস্থাত বধ কৰিছিল।
৫)ভীমে দূৰ্যোধনক ককালৰ তলৰ অংশত গদাৰে প্ৰহাৰ কৰি পৰাজিত কৰিছিল।
৬)জয়দ্ৰথক বধ কৰোতেও কৃষ্ণই চলনা কৰি অসময়ত সূৰ্যাস্তৰ সৃষ্টি কৰিছিল আৰু তাৰ পিছত জয়দ্ৰথ ওলাই অহাত নিৰস্ত্ৰ অৱস্থাত বধ কৰাইছিল।

কৌৰৱ পক্ষ—
১)অকলশৰীয়া অভিমন্যুক সপ্তৰথীয়ে বেঢ়ি মাৰিছিল।
২)অশ্বথ্বামাই নিশা যুদ্ধবিৰতি অৱস্থাত আৰু প্ৰতিপক্ষ শুই থকা অৱস্থাত দ্ৰোপদীৰ পাচজন পুত্ৰক হত্যা কৰিছিল।
৩)অশ্বথ্বামাই স্ত্ৰীৰ ওপৰত (উত্তৰা) অস্ত্ৰ প্ৰয়োগ কৰিছিল।
দুয়োপক্ষই কৰা অন্যায় যুদ্ধৰ যি তালিকা দিয়া হ’ল, তাত হয়তো কোনো পক্ষৰ কোনোখন অন্যায় যুদ্ধ ৰৈ যাবও পাৰে।সেই সময়ত মোক যুদ্ধৰ দূতে যি Information দিছিল, তাৰ ভিত্তিতহে যুগুত কৰা হৈছে।

এতিয়া দুয়োপক্ষৰ অন্যায় যুদ্ধৰ তালিকাৰ পৰা দেখা গ’ল যে ,সংখ্যাত পাণ্ডৱে কৰা অন্যায় যুদ্ধই বেছি।আনহাতে, প্ৰথমখন অন্যায় যুদ্ধ কৰিছিল পাণ্ডৱেই, ভীষ্মৰ লগত।
গতিকে দেখা গ’ল, আমি যদিও ভাৱো যে যুদ্ধত কেৱল কৌৰৱসকলেহে অন্যায় কৰিছিল, তেনে নহয়।পাণ্ডৱে বেছিকৈহে কৰিছিল।যুদ্ধৰ নীতি কিন্তু নীতিশীল পাণ্ডৱে আগতেই আৰু অধিককৈ ভংগ কৰিছিল।অৰ্থাৎ, পাণ্ডৱেও অনীতিপৰায়নৰ লগত নীতিশীল হৈ থাকিব নোৱাৰিলে আৰু প্ৰতিহিংসা পূৰণৰ বাবে অন্যায়ৰ আশ্ৰয় ল’লে।
অৱশ্যে এই ক্ষেত্ৰত যুদ্ধৰ আগৰ কথাবোৰ সামৰা হোৱা নাই।আগৰ পৰ্যায়ততো কৌৰৱে পাণ্ডৱৰ ওপৰত অন্যায়েই অন্যায় কৰিছিল।
অৱশ্যে সেই অন্যায়ৰ আৰত যে পাণ্ডৱসকলৰ তিলমাত্ৰও দোষ নাছিল, তেনেকুৱাও নহয়।এই বিষয়ে বাৰু পিছত আলোচনা কৰা হব।
কিন্তু পাণ্ডৱৰ ক্ষেত্ৰত এটাই যুক্তি আছে যে ,সকলোবোৰ অন্যায় যুদ্ধ ভগৱান শ্ৰীকৃষ্ণৰ পৰামৰ্শমতে কৰিছিল।অৰ্থাৎ, ঈশ্বৰৰ ইচ্ছাত মানৱৰ কল্যাণৰ হকেই কৰিছিল।কাৰণ ,ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে🙏🙏

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *