আমি সকলোৱে জানো যে আমি মানুহ বিভিন্ন প্ৰকাৰৰ আৰু সেই ভিন্ন মানুহৰ জ্ঞান আৰু বুদ্ধিমত্তাৰ পৰিসৰো ভিন্ন। আৰু সেই বাবেই হয়তো মানুহে জানি নাজানি বিভিন্ন ধৰণৰ ভুল কৰি দিয়ে যাক আমাৰ ধৰ্মশাস্ত্ৰত পাপ বুলি জ্ঞান কৰা হয়। লগতে জানি বা অজানিতে কৰা এই পাপ কৰ্মৰ ফল মানুহে এদিন ভুগিবলৈ বাধ্য হয়।
আমি বহুজনৰ মুখৰ পৰা শুনিবলৈ পাওঁ যে শিশুৱে কোনো পাপ নকৰে বা শিশুৰ দ্বাৰা পাপ সংঘটিত নহয় , শিশুৰ পাপ নালাগে ! কিন্তু এই বিষয়ত আমাৰ স্বাস্ত্ৰই আচলতে কি কৈছে ?
আপোনালোকে হয়তো মান্দব্য ঋষিৰ কথা শুনিছে ; হিন্দু পুৰাণ অনুসৰি তেওঁ এজন খ্যাতনামা ঋষি আছিল, খান্দব নামৰ এখনি বনৰ এখন আশ্ৰমত তেওঁ ধ্যান কৰিছিল। এদিন তেওঁ ধ্যানত মগ্ন হৈ থকা সময়ত কেইজনমান ডকাইত লুকাই লুকাই গৈ তেওঁৰ আশ্ৰমত জিৰণি লৈছিল; তাকে দেখি ঋষিয়ে ডকাইত কেইজনক প্ৰশ্ন কৰিছিল যে তেওঁলোকে কাৰ ভয়ত পলাই ফুৰিছে। কিন্তু ডকাইত কেইজনে মিছাকৈ কৈছিল, ” হে ঋষিবৰ আমি হৈছোঁ ব্যৱসায়ী মানুহ আৰু কেইজনমান ডকাইতে আমাক বহুদূৰ অনুসৰণ কৰি আছে , তেওঁলোকে হয়তো আমাৰ লগত থকা সমস্ত ধন সম্পত্তি কাঢ়ি লৈ যাব পাৰে, আৰু হয়তো আমাক মাৰি পেলাব পাৰে ; সেয়ে কৃপা কৰি আপুনি আমাক আশ্ৰয় প্ৰদান কৰক আৰু আমাক সহায় কৰক”। ঋষি মান্দব্যই ডকাইত সকলৰ সকলো কথা বিশ্বাসত লৈ তেওঁলোকৰ সমস্ত ধন সম্পত্তি ঋষিৰ নিজৰ জুপুৰিত সোমাই থৈ তেওঁলোকক কিছু দূৰলৈ পলাই যাবলৈ কলে। কথা শুনি ডকাইত কেইজনে তেওঁলোকৰ সকলো ডকাইতিৰ ধন সম্পত্তি ঋষিৰ জুপুৰিত সোমাই সেই স্থান ত্যাগ কৰিছিল।
এনেতে কিছুসময় পিছত সেই ৰাজ্যৰ সৈনিকৰ দল এটি ঋষিৰ আশ্ৰমলৈ আহি ঋষিৰ জুপুৰিত প্ৰৱেশ কৰিছিল ; ঋষিৰ জুপুৰিত তালাচী লৈ সৈনিক সকলে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ডকাইতে বলপূৰ্বক ভাৱে কাঢ়ি অনা বহু ধন সম্পদ উদ্ধাৰ কৰিছিল, লগতে সৈনিক সকলে ঋষি মান্দব্যক সেই ডকাইত সকলৰ এজন সদস্য বুলি জ্ঞান কৰি উদ্ধাৰ হোৱা ধন সম্পদৰ সৈতে ঋষি মান্দব্যকো ৰাজ দৰবাৰলৈ বন্দী কৰি লৈ গৈছিল । যোৱাৰ সময়ত ঋষিয়ে নিজৰ সততা প্ৰমাণ কৰিবলৈ নানান কথা কৈছিল যদিও সৈনিক সকলে কোনো কথা শুনিবলৈ মান্তি হোৱা নাছিল। ৰাজ দৰবাৰত উপস্থিত হৈ সৈনিক সকলে ৰজাক সকলো কথা বুজাই কোৱাত ৰজাই ঋষিক উদ্দেশ্যে কৰি কৈছিল, ” সাধু সন্তৰ বেশত তুমি চুৰি ডকাইতি কৰি আছা , যাৰ কোনো ক্ষমা নাথাকে”। আৰু ৰজাই সৈনিক সকলক সেই ছদ্মবেশী সাধুক শূলত দিয়াৰ বাবে হুকুম কৰিছিল”। মান্দব্যই ৰজাক বহু কাকূটি মিনতি কৰিছিল যদিও ৰজাই কোনো কথা শুনিবলৈ প্ৰস্তুত নাছিল। ৰজাৰ আজ্ঞা অনুসৰি সৈনিক সকলে ঋষিক টানি আজুৰি শূলত উঠাই দিছিল ফাঁচী দিবৰ বাবে যদিও সেই মুহূৰ্ততে এক অদ্ভুত কাণ্ড সংঘটিত হৈ পৰিছিল। ফাঁচী কাঠত বহু সময় ওলমি থকাৰ পিছতো মান্দব্য ঋষিৰ একোৱে নহ’ল মৃত্যু বহু দূৰৰ কথা । সেই অদ্ভুত দৃশ্য প্ৰত্যক্ষ কৰি সৈনিক সকলে ভয় খাইছিল আৰু দৌৰি ৰজাৰ ওচৰলৈ গৈ সকলো কথা অৱগত কৰিছিল।
ঘটনাৰ বিৱৰণ শুনি জ্ঞানী ৰজাই বুজি উঠিছিল যে ঋষি আচলতে অপৰাধী নহয়, আৰু তেওঁ আচম্বিতে ঋষি মান্দব্যৰ ওচৰলৈ গৈ ক্ষমা প্ৰাৰ্থনা বিচাৰি কৈছিল, ” হে মহৰ্ষি মোৰ ভুল হৈছে আপোনাক চিনিব নোৱাৰি সেয়ে আপুনি মোক ক্ষমা কৰি দিব”। ৰজাৰ কথা শুনি মান্দব্যই কৈছিল, ” হে মহাৰাজ মই আপোনাক ক্ষমা কৰিব পাৰিম কিন্তু যমৰাজক ক্ষমা কৰিব নোৱাৰিম “। সেই কথা কৈ মান্দব্য ঋষি নিজৰ তপবলৰ দ্বাৰা যমলোকলৈ গমন কৰিছিল আৰু যমলোকত প্ৰৱেশ কৰি যমৰাজক প্ৰশ্ন কৰিছিল, ” হে ধৰ্মৰাজ মই মোৰ গোটেই জীৱনত কোনো পাপ কৰ্ম কৰা নাই তথাপি মই ফাঁচীকাঠত উঠি ওলমিব লগা হ’ল কিয় , আপুনি মোক সেয়া কোন পাপৰ শাস্তি দিলে”? যমৰাজে বহুসময় মনে মনে থাকি উত্তৰ দিছিল , ” হে মুনিবৰ আপুনি আপোনাৰ শিশু কালত সৰু সৰু বহু কীটপতঙ্গ কোনো কাৰণ নোহোৱাকৈ মাৰি পেলাইছিল আৰু আজি আপুনি তাৰেই কৰ্মফল ভোগ কৰিছে”।
লগে লগে মান্দব্য ঋষিয়ে উত্তৰ দিছিল, ” হে ধৰ্মৰাজ আপুনি কি নাজানে নেকি যে জন্মৰ পৰা ১২ বছৰ বয়সলৈকে বালক বালিকাই যি কৰ্ম কৰিলেও অধৰ্ম বা পাপ বুলি গণ্য কৰা নাযায় কাৰণ সেই বয়সত শিশু অবুজ হৈ থাকে, তেওঁলোকে কি ধৰ্ম কি অধৰ্ম সেয়া বুজাৰ জ্ঞান নাথাকে ; আৰু ভগৱানেও তেনে শিশুৱে কৰা পাপ কৰ্মক মাফ কৰি দিয়ে , আৰু ময়ো সেয়া পাপ শিশু কালতহে কৰিছিলোঁ , মাত্ৰ সেয়াই নহয় আপুনি এইটো ও পাহৰি গৈছে যে মানুহে যি অপৰাধ কৰে সেই অনুযায়ী শাস্তি দিয়া উচিত, মাত্ৰাৰ অধিক দণ্ড দিয়াকো পাপ বুলি গণ্য কৰা হয়, আৰু যিজনে ন্যায়মূৰ্তি হৈ অইনৰ অন্যায় কৰে তেওঁ নিজেই এজন অপৰাধী হৈ যায় “। তাৰ পিছত মান্দব্য ঋষিয়ে কৈছিল, ” হে ধৰ্মৰাজ, আপোনাক মই অভিশাপ দিলোঁ , আপুনি এই পাপ কৰ্মৰ বাবে মৃত্যুলোকত মনুষ্য ৰূপে জন্ম গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিব এদিন , যত আপুনি অন্যায় আৰু ন্যায়ৰ বিচাৰ কৰি কৰি ভাগৰি পৰিব লাগিব”।
আৰু সেই মান্দব্য ঋষিৰ অভিশাপৰ ফলতে দ্বাপৰ যুগত যমৰাজে বিদূৰ ৰূপে জন্ম গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল। আৰু এই পৌৰাণিক ঘটনাৰ পৰা এইটো কথা পৰিষ্কাৰ যে জন্মৰ পৰা ১২ বছৰলৈ কৰা কোনো কাৰ্যক শাস্ত্ৰ অনুসৰি অধৰ্ম বুলি গণ্য কৰা নহয়, আৰু সেই বয়সলৈকে কৰা কাৰ্য্য আৰু পাপ সমূহ ভগৱানে ক্ষমা কৰি দিয়ে ; বিপৰীতে ১২ বছৰৰ পিছত কৰা পাপৰ ফল কিন্তু এদিন নহয় এদিন ভুগিবলৈ বাধ্য হয় মানৱ। সেয়ে মানুহে সদায় ভাল কাম কৰা উচিত , ধৰ্মৰ পথত খোজ দিয়া উচিত।
এই ৫ মহাপাপ কৰিলে মনুষ্যই ৭ জন্ম নৰকত দহিব লাগে ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
এই পৃথিৱীত মানুহ ধ্বংশৰ কাৰণ এই তিনিটা – শ্ৰীকৃষ্ণ অমৃত বাণী। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
এই পৃথিৱীত মানুহ ধ্বংশৰ কাৰণ এই তিনিটা – শ্ৰীকৃষ্ণ অমৃত বাণী।
ভগৱান শ্ৰীকৃষ্ণই ভ্ৰূণ হত্যাক আটাইতকৈ ডাঙৰ পাপ বুলি অভিহিত কৰিছে। মহাভাৰতৰ যুদ্ধৰ পিছত দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাই উত্তৰাৰ গৰ্ভত থকা বালকৰ ওপৰত যেতিয়া ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছিল সেই কৰ্মক মহাপাপ গণ্য কৰি ভগৱান শ্ৰীকৃষ্ণই অশ্বত্থামাক চৰম শাস্তি প্ৰদান কৰিছিল।
Popular Assamese video