three qualities of women

   ৰামায়ণত ৰাৱণৰ বিষয়ে সকলোৱে শুনিছে যিজন আছিল ৰামায়ণৰ প্ৰধান চৰিত্ৰ সমূহৰ ভিতৰত এজন। লংকাপতি ৰাৱণ আছিল অত্যন্ত জ্ঞানী আৰু এজন বীৰ যোদ্ধা , তেওঁ বেদশাস্ত্ৰ , জ্যোতিষ শাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰত প্ৰচণ্ড জ্ঞানৰ অধিকাৰী আছিল, তেওঁ মহাদেৱৰ পৰম ভক্ত আছিল ; তেওঁ নিজৰ বাহুবলৰে স্বৰ্গ, মৰ্ত্য আৰু পাতাল বিজয় কৰিব পাৰিছিল, আৰু সেইবাবেই সমস্ত দেৱ দেৱীয়ে তেওঁক সমীহ কৰি চলিছিল। এই ৰাৱণ হৈছে ৰামায়ণৰ মুখ্য খলনায়ক , তেওঁ অত্যন্ত জ্ঞানী আছিল যদিও নানান পাপকৰ্মত লিপ্ত হৈ পৰিছিল, যিসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ পাপকৰ্ম কৰিছিল তেওঁ মাতা সীতাক হৰণ কৰি, যাৰ বাবে তেওঁৰ মৃত্য পৰ্যন্ত হৈছিল। ৰামায়ণত বৰ্ণিত অনুসৰি ভগৱান বিষ্ণুৰ অৱতাৰ ৰামচন্দ্ৰই ৰাৱণৰ বংশ ধ্বংস কৰিছিল, কিন্তু এই সেই বীৰ পৰাক্ৰমী ৰাৱণে মহিলাৰ প্ৰসংগত এনে কিছুমান কথা ব্যাখ্যা কৰি গৈছিল যিসমূহ পৰৱৰ্তী সময়ত সত্য বুলি মানি লব খোজে।

three qualities of womenwhen we must speak

ৰাৱণে প্ৰাণত্যাগ কৰাৰ আগমুহূৰ্তত নাৰীৰ প্ৰসংগত কৈছিল যে নাৰী অত্যন্ত লোভী আৰু সুবিধাবাদী হয়। নিজৰ সুবিধাৰ বাবে মহিলাই বহুদূৰ যাব পাৰে, নিজৰ সুবিধাৰ বাবে লোকক ঠগিবলৈ বা বিশ্বাসঘাটকতা কৰিবলৈ দুবাৰ ভাবি নাচায়। অৰ্থাৎ তেওঁলোকে নিজে কিবা পাবলৈ নিজৰ ইচ্ছা অনুসৰি সিদ্ধান্ত লৈ পেলায় আৰু যাৰ বাবে বহুসময়ত তেওঁলোক নিজেই বিপদত পৰে আৰু অইনকো বিপদলৈ ঠেলি দিব পাৰে। মৃত্যু সজ্জাত ৰাৱণে মহিলাৰ প্ৰসংগত কৈ যোৱা এই কথাৰ সত্যতা সামগ্ৰিক ভাৱে আছে বুলি কোৱা কিন্তু অনুচিত নে উচিত সেয়া এক ডাঙৰ সাঁথৰ।

meditation and good healthwhen we must speak

মহিলাৰ প্ৰসংগত ৰাৱণে যি দ্বিতীয় কথা কৈছিল সেয়া হৈছে মহিলাই নিজে কোৱা কথা নিজেই সলনি কৰিবলৈ বেছি সময় নালাগে। মহিলাই সঁচা কথা খুব কমকৈ কয় পৰিবৰ্তে বেছিকৈ মিছাৰ আশ্ৰয় লয়। সেয়ে খুব সোনকালে মহিলাক বিশ্বাসত লোৱা সহজ কথা নহয় আৰু বহুত চিন্তা ভাৱনা কৰিহে মহিলাক বিশ্বাসত লোৱা দৰকাৰী। ইয়াৰ উপৰিও মহিলাই এজনৰ কথা আন এজনক কৈ পেলাই ; যাৰ ফলত এজনৰ সৈতে অইন এজনৰ তৰ্ক বিতৰ্ক , শাৰীৰিক প্ৰহাৰ আদিৰ ঘটনা সংঘটিত হৈ পৰে। ৰাৱণৰ এই কথাৰ কিমান গ্ৰহণযোগ্যতা আছে সেয়া এষাৰ মতামত বাক্যৰ দ্বাৰা প্ৰকাশ কৰা খুব জটিলতা আছে।

Lucky girl characters

মহিলাৰ প্ৰসংগত ৰাৱণে মৃত্যুৰ আগমুহূৰ্তত কোৱা তৃতীয় কথাষাৰ হৈছে যে মহিলাৰ পেটত কোনো কথা হজম নহয় । মহিলাৰ সৈতে যিমানেই ঘনিষ্ঠতা নাথাকক কিয় এদিন নহয় এদিন মহিলাই আনৰ গোপন তথ্য আৰু ৰহস্য লোকৰ ওচৰত প্ৰকাশ কৰিবই। কোনো ব্যক্তিৰ যিকোনো গোপন আৰু ৰহস্যময় কথা কোনো মহিলাৰ আগত প্ৰকাশ কৰা অনুচিত অন্যথা সেই ৰহস্য এদিন নহয় এদিন লোকৰ কাণত পৰা নিশ্চিত।

relationship tips

মুছলিম দেশ য়েমেনত অসংখ্য লোকে হিন্দু ধৰ্ম পালন কৰিছে ! -ৰহস্য। জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

মুছলিম দেশ য়েমেনত অসংখ্য লোকে হিন্দু ধৰ্ম পালন কৰিছে ! -ৰহস্য।

এই পৃথিৱীত মানুহ ধ্বংশৰ কাৰণ এই তিনিটা – শ্ৰীকৃষ্ণ অমৃত বাণী। জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

এই পৃথিৱীত মানুহ ধ্বংশৰ কাৰণ এই তিনিটা – শ্ৰীকৃষ্ণ অমৃত বাণী।

ইয়াৰ উপৰিও মহিলাই খুব সোনকালে মানুহক বিশ্বাস কৰি পেলাই যাৰ ফলত মহিলাই নিজে কোনো বেয়া মানুহৰ সংগ আৰু জালত পৰি আপোন বিপদ মাতি আনে । মহিলাই সোনকালে অইনক বিশ্বাস কৰি খুব সোনকালে নিজৰ সংসাৰৰ বিপদ আৰু অশান্তি মাতি আনে। তাৰোপৰি মহিলাৰ যেতিয়া খং উঠে সেই সময়ত সন্মুখ সমৰত কোন আছে সেয়া পাহৰি পেলাই , সন্মুখৰ জনক সমীহ নকৰে।

POPULAR ASSAMESE VIDEO 

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *