সকলো অভিভাৱকে ভাবে যে নিজৰ সৰু শিশুটি ভাল হওঁক ডাঙৰ হওঁক, আৰু ভৱিষ্যত ডাঙৰ মানুহ হওঁক। কিন্তু বাস্তৱত সকলোৰে সেই ভাগ্য নাথাকে ফলত অভিভাৱকে তেওঁলোকৰ সন্তানক মানুহ কৰি গঢ়িবলৈ সক্ষম নহয় যাৰ পৰিপ্ৰেক্ষিতত সেই সন্তান ডাঙৰ হৈ সমাজৰ আৰু দেশৰ ক্ষতিসাধন কৰে, পৰিয়ালৰ সকলো মান সন্মান ধূলিত মিহলাই দিয়ে। এটা কথা সর্বদা মনত ৰখা দৰকাৰী যে অধিকাংশ সন্তান কিন্তু নিজৰ মাতা পিতাৰ বাবেই বিপথে বিচৰণ কৰে।
পিতৃ মাতৃ আৰু সন্তানৰ সম্পৰ্ক সদায় বন্ধুৰ দৰে হোৱা দৰকাৰী যাতে তেওঁলোকে সকলো কথা ইজনে সিজনৰ সৈতে ভাগবতৰা কৰিব পাৰে, যদি সন্তানে মা পিতাক কথা কবলৈ সংকোচ কৰে বা লজ্জা কৰে নাইবা অত্যাধিক ব্যস্ততাৰ বাবে যদি মা দেউতাই সন্তানক সময় দিব নোৱাৰে তেন্তে সেয়া সন্তানৰ বাবে কোনো প্ৰকাৰে মংগলজনক নহয়। জীৱনৰ গুৰুত্বপূৰ্ণ বিষয় সমূহ সন্তানক শিকোৱাৰ প্ৰথম দায়িত্বভাৰ পিতৃ মাতৃৰ ওপৰত । মা পিতাৰ হাজাৰ ব্যস্ততাৰ পিছতো কিছু সময় সন্তানক দিয়া দৰকাৰী কিয়নো পিতৃ মাতৃৰ এটি সৰু বাক্যই সন্তানক পিতৃ মাতৃৰ অনুগত কৰে। আৰু সন্তান পিতৃ মাতৃৰ অনুগত হলেহে সন্তানে সদাচাৰ শিকিব পাৰে।
ভগৱান শ্ৰীকৃষ্ণই প্ৰত্যেকদিন আঠটা কথা নিজৰ সন্তানক মনত পেলাই দিবলৈ উপদেশ দিছিল , আৰু সেয়া তেতিয়ালৈ যেতিয়ালৈ সন্তান ডাঙৰ হৈ নাযায়। ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে প্ৰত্যেক পিতৃ মাতৃৰ দায়িত্ব হৈছে নিজৰ সন্তানক মানুহ হিচাপে গঢ় দিয়াৰ আৰু তাৰ বাবেই সন্তানক তলত উল্লেখিত কথা কেইটা সদায় মনত কৰি দিয়া দৰকাৰী।
উপদেশ নং ( ১ )
সন্তানক সদায় সুধিব লাগে যে তোমাৰ গোটেই দিনটো কেনেকৈ গল ? অৰ্থাৎ সন্তানৰ প্ৰতিদিনৰ কামৰ প্ৰতি পিতৃ মাতৃয়ে আগ্ৰহ প্ৰকাশ কৰা দৰকাৰী । সন্তান যেতিয়া স্কুলৰ পৰা উভতিব নাইবা ৰাতি আহাৰ গ্ৰহণৰ সময়ত , এই প্ৰশ্ন কৰাৰ ফলত শিশু সন্তানৰ শিশু মনে বুজিব যে আপুনি তাৰ বাবে অতি আগ্ৰহী আৰু মনযোগী। আৰু সেই কথাত সন্তানে স্ফূৰ্তি পাব আৰু সকলো কথা এফালৰ পৰা কবলৈ আৰম্ভণি কৰিব।
উপদেশ নং ( ২ )
সন্তানক সময়ে সময়ে প্ৰশংসা কৰা । শিশু সন্তানক কোনো ভাল কামৰ উৎসাহ, অনুপ্ৰেৰণা দিলে তেওঁক প্ৰশংসা কৰিলে সন্তানৰ আত্মবিশ্বাসক দৃঢ়তা দিয়ে । সন্তানে নিজৰ পাৰদৰ্শিতা দেখুৱালে , কাৰোবাক সহায় কৰিলে অৱশ্যেই তেওঁক প্ৰশংসাৰে উপচাই দিয়া বুদ্ধিমান পিতৃ মাতৃৰ গুণ। আৰু তেনে কৰিলে সন্তানে সফলতাৰ অনুভূতি পাব আৰু সন্তানৰ মনত ভৱিষ্যতে জয়ী হোৱাৰ প্ৰেৰণা যোগাব।
উপদেশ নং ( ৩ )
“আমি তোমাক বিশ্বাস কৰো”। যেতিয়া সন্তানক পিতৃ মাতৃয়ে এই কথা বাৰ বাৰ উনুকিয়াই থাকিব তেতিয়া সন্তানে নিজেও বিশ্বাস দিবলৈ প্ৰস্তুত হ’ব , পিতৃ মাতৃক বিশ্বাস কৰিবলৈ আৰম্ভ কৰিব। যাৰ ফলত পিতৃ মাতৃৰ অমৰ্যদা হোৱা কোনো কাম কৰাৰ আগতে সন্তানে বহুবাৰ ভাবিবলৈ বাধ্য হৈ পৰিব।
উপদেশ নং ( ৪ )
“কেতিয়াও সহজতে হাৰ নামানিবা ” । এই কথাই সন্তানক ধৈৰ্যশীল কৰি তুলিব। কোনো কাম এবাৰত সিদ্ধি নহলে যে তেওঁ হতাশ হৈ নাযায়, এটা কাম বাৰে বাৰে কৰিও যদি সমাধা কৰিব নোৱাৰে তেন্তে সেই কাম কি পন্থাৰে কৰিব পাৰি সেইটো যাতে সন্তানে চিন্তা কৰিব পাৰে তাৰ বাবে ওপৰৰ কথা বাৰে বাৰে মনত পেলাই দিয়া দৰকাৰী।
উপদেশ নং ( ৫ )
“মই তোমাক বহুত ভাল পাওঁ”। প্ৰতিজন পিতৃ মাতৃয়ে নিজৰ সন্তানক ভাল পায় তাৰ কোনো দ্বিমত নাই ; সেই ভালপোৱা সদায়ে সন্তানৰ সন্মুখত প্ৰকাশ কৰা অত্যন্ত দৰকাৰী । প্ৰতিদিনে এই কথা প্ৰকাশ কৰা পিতৃ মাতৃ বুদ্ধিমান। সন্তান কেতিয়াবা খং আৰু ক্ষোভত থাকিলেও তেওঁক জোৰকৈ সাবটি ধৰি কওঁক যে “মই তোমাক ভাল পাওঁ” , দেখিব নিমিষতে তেওঁৰ খং কমি গৈছে।
উপদেশ নং ( ৬ )
“আনক সহায় কৰিব লাগে” । সামাজিক হওঁক মানসিক আচৰণ হওঁক , সেইবোৰ শিশুক শিকোৱাৰ দায়িত্ব পিতৃ মাতৃৰ, সন্তানক আনৰ প্ৰয়োজনত সহযোগী হ’বলৈ সদায় প্ৰেৰণা দিয়া দৰকাৰী তেতিয়াহে তেওঁ নিজৰ প্ৰয়োজনত আনৰ পৰা সহায় পাব। অসহায় আৰু দুৰ্বল মানুহৰ কাষত থিয় হ’বলৈ সন্তানক শিক্ষা দিয়া দৰকাৰী। সন্তানক বুজাই দিয়া দৰকাৰী যে ভাল কামৰ ভাল ফল আৰু বেয়া কামৰ পৰিনীতি ভয়ংকৰ । তেতিয়াহে সন্তানে সামাজিক দায়বদ্ধতাৰ বিষয় সমূহ বুজিবলৈ সক্ষম হ’ব।
অভিভাৱকে নিজৰ শিশুক এইসমূহ মিছা কথা কেতিয়াও নকব ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
পিতৃ মাতৃয়ে এই 4 টা কাম আৰু আচৰণ সন্তানৰ সন্মুখত কেতিয়াও নকৰিব ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
পিতৃ মাতৃয়ে এই 4 টা কাম আৰু আচৰণ সন্তানৰ সন্মুখত কেতিয়াও নকৰিব !
উপদেশ নং ( ৭ )
শিশু সন্তানৰ মতামতক গুৰুত্ব প্রদান কৰা দৰকাৰী। তাৰ অৰ্থ এইটো যে পৰিয়ালৰ এজন হিচাপে শিশু সন্তানৰ মতামতৰ বিশেষ গুৰুত্ব নাথাকে যদিও সন্তানে কিবা ওপৰতে কৈ দিলে তেওঁৰ মতামত পোনপটীয়াকৈ আগ্ৰাহ্য কৰা অনুচিত, সেয়া কৰিলে শিশু সন্তান হীনমন্য হৈ পৰিব পাৰে। বিপৰীতে পাৰিলে কোনো বিষয়ত তেওঁৰ মতামত আৰু দৃষ্টিভংগী জানিবলৈ চেষ্টা কৰা উচিত যিটো বহু পিতৃ মাতৃয়ে নকৰে । এনে কৰিলে সন্তানে নিজৰ পৰিয়ালত তেওঁৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিব , নিজৰ দায়িত্ববোধ শিকিব। এনে পৰিঘটনা শিশু সন্তানৰ লগত ঘটি থাকিলে সন্তানৰ চিন্তাশক্তি বৃদ্ধি হৈ পৰিব।
উপদেশ নং ( ৮ )
শিশু সন্তানক কব লাগে যে “তুমি যিমানে ব্যৰ্থ হবা সিমানে শিকিব পাৰিবা”। তাৰ অৰ্থ হৈছে জীৱনত সফল হ’বলৈ হলে ব্যৰ্থতাক লগত লৈ ফুৰিব লাগিব, জীৱনৰ সাৰ্থকতা সদায় সফলতা ৰ দ্বাৰা জোখা নহয়, সফলতা অৰ্জনৰ বাবে মানুহ কিমান আগ্ৰহী কিমান পৰিশ্ৰমি তাৰ ওপৰতে নিৰ্ভৰ কৰে সফলতা। কোনো কামত শিশু সন্তান ব্যৰ্থ হৈছে বুলি হঠাতে বিৰূপ প্ৰতিক্ৰিয়া নকৰি সন্তানক তাৰ সেই কাম কৰাৰ প্ৰয়াস খিনিৰ বাবে ধন্যবাদ জনাই পিছত বিফলতা খিনিৰ পৰ্যালোচনা কৰিলে সন্তানৰ ভুল শুধৰিব।
শেষত শেষ কথা নকলে ভুল হ’ব, আপুনি শিশু সন্তানক যি কথা, যি বিষয় শিকাব সেই বিষয় আপুনি নিজেও পালন কৰা দৰকাৰী নহ’লে শিশু সন্তানৰ আপোনাৰ প্ৰতি আৰু আপোনাৰ উপদেশৰ প্ৰতি কোনো আস্থা নাথাকিব।
Super Assamese comedy video