বিষ্ণু পুৰাণত উল্লেখ অনুসৰি দৈনন্দিন পথত চলাফুৰা সময়ত অথবা পথ পাৰ হোৱাৰ সময়ত কিছুমান বস্তু স্পৰ্শ কৰা বা ভৰি দিয়া অনুচিত। কিন্তু বৰ্তমান সময়ত মানুহে কিবা বিশেষ বিষয়ৰ কথা উল্লেখ কৰিলে তাৰ পিছত থকা বৈজ্ঞানিক যুক্তি বিচাৰিবলৈ আৰম্ভ কৰে যদিও আজিৰ এই বিষয়ৰ যুক্তি হিন্দু সনাতন ধৰ্মৰ ধৰ্মগ্ৰন্থ সমূহত খুব সুন্দৰভাৱে বৰ্ণনা কৰা আছে যিবোৰ বহু মানুহে নাজানে আৰু জানিবলৈ চেষ্টা নকৰে আৰু সেই অজ্ঞানতাৰ বাবে মানুহে বিভিন্ন সময়ত শাৰীৰিক আৰু মানসিক কষ্টত ভুগিব লাগে ; কেতিয়াবা মানুহ মৃত্যুৰ মুখতো পৰে। আৰু বিষ্ণু পুৰাণ অনুসৰি সেই বস্তু সমূহ যি সমূহ পথত পৰি থকাৰ পিছত ভুলতেও স্পৰ্শ কৰিব নালাগে সেই সমূহ হৈছে :-
প্ৰথমে হৈছে কোনো অজানা প্ৰাণীৰ মৃতদেহ যদি পথত পৰি থাকে সেই মৃতদেহ স্পৰ্শ কৰা বা তাৰ ওপৰেৰে পাৰ হৈ যোৱা উচিত নহয়। বিষ্ণু পুৰাণ অনুসৰি ৰাস্তাত পৰি থকা প্ৰাণীসমূহৰ মৃত্যু দুৰ্ঘটনাৰ বাবে হয় আৰু যদিহে মানুহে সেই মৃতদেহ ভুলতেও স্পৰ্শ কৰে তেনেহলে অতি শীঘ্ৰে ঘৰলৈ উভতি পুনঃ স্নান কৰা উচিত। স্নান কৰা বিষয়ত ধৰ্ম গ্ৰন্থত কোৱা হৈছে যে মৃতদেহ অথবা মৃতদেহৰ চাৰিওফালে বিভিন্ন অশুভ শক্তিৰ প্ৰভাৱ থাকে লাগিলে সেই মৃতদেহ কোনো জীৱ জন্তুৰে নহওঁক কিয় ; সেয়ে কোনো ব্যক্তি যদি এই মৃতদেহ ৰ সংস্পৰ্শলৈ আহে তেতিয়াই তেওঁৰ পবিত্ৰতা নষ্ট হোৱাৰ উপৰিও পৰৱৰ্তী সময়ত তেওঁ ভিন্ন সমস্যাৰ সন্মুখীন হবলগীয়া হ’ব পাৰে।
বিষ্ণু পুৰাণত দ্বিতীয় যি বস্তুৰ কথা কোৱা হৈছে সেয়া হৈছে কেশ বা চুলি। সাধাৰণতে চুলিক কোনো বিশেষ ভয়ানক বস্তু বুলি ভবা নহয় যদিও পৌৰাণিক শাস্ত্ৰ অনুসৰি চুলিক কিছু বিশেষ ক্ষেত্ৰত অশুভ বুলি কোৱা হয়। এবাৰ ভীষ্মই অৰ্জুনক কৈছিল, যদি ভুলতো খাদ্যত চুলি পৰি যায় সেই খাদ্য গ্ৰহণ কৰা উচিত নহয় কাৰণ এনেবোৰ ভোজনে পিশাসক আকৃষ্ট কৰে। আৰু যেতিয়া কোনো ব্যক্তিয়ে কেশ ত্যাগ কৰে তেতিয়া বুজা যায় যে তেওঁ তেওঁৰ লগত থকা সেইসমূহ অশুভ শক্তিকো ত্যাগ কৰে যিসমূহ তেওঁৰ জীৱনৰ কষ্টৰ কাৰণ আৰু সেই কাৰণে জন্ম , মৃত্যু আৰু শুভ , অশুভ মুহূৰ্ত সমূহত মুণ্ডণ কৰোৱা হয় । ৰাস্তাত পৰি থকা মুণ্ডণৰ চুলি স্পর্শ কৰা উচিত নহয় কাৰণ সেই ব্যক্তিৰ ওপৰত থকা সমস্ত অশুভ শক্তিৰ প্ৰভাৱ স্পৰ্শ কৰা ব্যক্তিৰ ওপৰত পৰিব পাৰে।
তৃতীয় বস্তুপদ হৈছে ভষ্ম অথবা চাই , যেতিয়া কোনো স্থানত যজ্ঞ অথবা পূজা কৰা হয় তেতিয়া সেই যজ্ঞৰ ভষ্ম বহুসময়ত ভুলবশত পথত পেলাই দিয়া হয় বা পৰি ৰয়, অগ্নিদেৱতাৰ কৃপাত উৎপন্ন সেই ভষ্ম খুব পবিত্ৰ বুলি মান্যতা দিয়া হয় , যদি কোনোবাই ভুল বশত এই ভষ্ম পথত অতিক্ৰম কৰে বা ভষ্মত ভৰি দিয়ে তেন্তে সেইটো এক পাপ কৰ্ম বুলি বিবেচিত হৈ পৰিব আৰু যাৰ বাবে জীৱনত কষ্ট ভোগ কৰিব লগীয়া হ’ব পাৰে ।
চতুৰ্থ যি বস্তু সমূহ যিবোৰত ভৰি দিয়া উচিত নহয় সেয়া হৈছে তান্ত্ৰিক কৰ্মত ব্যৱহৃত বস্তু যেনে অস্থি, নেমু, জলকীয়া, লবঙ , পান , ভিন্ন প্ৰকাৰৰ বস্ত্ৰ পথৰ ওপৰত যদি ভুলতে বা কোনোবাই চক্ৰান্ত কৰিবলৈ পেলাই ৰাখিছে তেন্তে সেইবোৰ চুব বা স্পৰ্শ কৰা অনুচিত। এনে কৰ্মৰ উদ্দেশ্য হৈছে সেই অশুভ শক্তিয়ে যাতে সেই বস্তুসমূহ ৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। আৰু যদি সেই বস্তু কোনোবাই স্পৰ্শ কৰে তেন্তে অশুভ শক্তি তেওঁৰ ওপৰত ৰুষ্ট হৈ তেওঁৰ ক্ষতিসাধন কৰিব পাৰে যাক সাধাৰণত প্ৰেতবাধা বুলি কোৱা হয়।
পঞ্চম যি বস্তু পথ পাৰ হওঁতে বা পথ বুলি যাওঁতে মনোযোগ দিয়া উচিত সেয়া হৈছে কন্টক বা কাঁইট। কোৱা হয় কন্টকময় পথ দুৰ্ভাগ্যৰ প্ৰতীক, তেনে পথত চলাফুৰা কৰিলে ভৰিত আঘাত হোৱাৰ উপৰিও জীৱনলৈ দুৰ্ভাগ্য মাতি আনিব পাৰে।
সদায় মহা মৃত্যুঞ্জয় মন্ত্ৰ সদায় পাঠ কৰাৰ সুফল সমূহ – অমৃত বাণী। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
সদায় মহা মৃত্যুঞ্জয় মন্ত্ৰ সদায় পাঠ কৰাৰ সুফল সমূহ – অমৃত বাণী।
বেয়া সময় অহাৰ আগতে ভগৱানে দিয়া ৫ টা সংকেত – শ্ৰী কৃষ্ণ বাণী। জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
বেয়া সময় অহাৰ আগতে ভগৱানে দিয়া ৫ টা সংকেত – শ্ৰী কৃষ্ণ বাণী।
ষষ্ঠ বস্তু বিধ হৈছে ৰাস্তাত পৰি থকা, বৈ যোৱা স্নানৰ জলত ভৰি দিয়া ; হিন্দু ধৰ্ম শাস্ত্ৰ অনুসৰি স্নানক শৰীৰ আৰু সুস্থ দেহৰ সুখৰ শুদ্ধিৰ কাৰক বুলি মান্যতা দিয়া হয়, আৰু স্নান কৰিলে যাবতীয় অশুচি নাশ হয়। আৰু কাৰোবাৰ স্নানৰ জল যদি কোনোবাই ৰাস্তা পাৰ হওঁতে গছকি দিয়ে সেইটো তেওঁৰ কষ্টৰ কাৰক হৈ পৰিব পাৰে।
সপ্তম বস্তুবিধ কোনো এক নিৰ্দিষ্ট বস্তু নহয় বৰং মানুহৰ দ্বাৰা পেলাই দিয়া বিভিন্ন ধৰণৰ বৰ্জিত পদাৰ্থ। সেইবোৰ হ’ব পাৰে মল, মূত্ৰ, থু, খেকাৰ, পান তামোলৰ পিক আদি ইত্যাদি। যিসমূহত ৰাস্তা পাৰ হওঁতে ভৰি দিলে ভিন্ন শাৰীৰিক সমস্যা যেনে উদাৰাময় , মূৰৰ বিষ হোৱাৰ উপৰিও দেহত কিছু নাকাৰাত্মক শক্তিৰ প্ৰভাৱো পৰিব পাৰে ।
POPULAR ASSAMESE VIDEO
Good advice. Thanks for giving news