5 habits you have to avoid

এই ৫ বদ অভ্যাসে মানুহৰ জীৱন নিঃশেষ কৰে – অমৃত বাণী !

  এই পৃথিৱীত আপুনি মাত্ৰ দুই প্ৰকাৰৰ মানুহ দেখিবলৈ পাব , মাত্ৰ দুই প্ৰকাৰৰ ১) তেওঁলোক, যিয়ে নিজৰ বেয়া অভ্যাস সমূহক নিজে নিয়ন্ত্ৰণ কৰি নিজৰ জীৱন সফল কৰে আৰু ২) তেওঁলোক, যিয়ে জানি বা নাজানি বেয়া আৰু কুঅভ্যাস সমূহৰ চিকাৰ হৈ নিজৰ জীৱন তুচ্ছ মানৰ কৰে, সুন্দৰ জীৱন ধ্বংস কৰে।

Few tips to control and manage your abuse child

Atomic habits নামৰ বিখ্যাত গ্ৰন্থখনত লিখক James Clear য়ে কৈছে, ” মানুহৰ অভ্যাস চক্ৰবৃদ্ধি সুতৰ দৰে অৰ্থাৎ compound interest দৰে , যেনেদৰে চক্ৰবৃদ্ধি সুতে দীঘলীয়া সময়ত এটি সৰু ধনৰাশিৰ পৰিমানক সূতে মুলে প্ৰকাণ্ড কৰি দিব পাৰে ঠিক একেদৰে মানুহৰ দুই তিনিটা অভ্যাসে আগন্তুক দুই তিনি বছৰৰ ভিতৰতে মানুহৰ ভৱিষ্যতক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিব পাৰে “। লিখক James Clear ৰ মতে আপুনি যদি নিতৌ ১% হলেও নিজক improve কৰে তেতিয়া প্ৰায় এক বছৰৰ ভিতৰত আপুনি নিজকে প্ৰায় 37 % উন্নত কৰিব পাৰিব ; কিয়নো প্রতিটো সৰু পৰিবৰ্তন হৈছে এটা ডাঙৰ সাফল্যৰ অংশবিশেষ । আপুনি আপোনাৰ জীৱনত লাহে লাহে ,সৰু সৰু পৰিবৰ্তন আনি জীৱনৰ পটভূমি পৰিবৰ্তন কৰিব পাৰে।

Few tips to control and manage your abuse child

আজি এনে ধৰণৰ ৫ টি বেয়া অভ্যাসৰ বিষয়ে আলোচনা কৰা হ’ব যিবোৰ আপুনি খুব সৰু কথা বুলি ভাবিব পাৰে, কিন্তু মনত ৰাখিব এইবোৰ বেয়া অভ্যাসৰ দ্বাৰাই জনজীৱন সম্পূৰ্ণৰূপে বিনষ্ট হয়। আৰু যদি আপুনি বিচাৰে জীৱন সফল কৰিবলৈ , জীৱনত বহুদূৰ আগুৱাই যাবলৈ তেনেহলে এই কুঅভ্যাসৰ পৰা দূৰৈত থকা অতি দৰকাৰী।

৫ ) Habits of masturbation and watching porn movies ( হস্তমৈথুন আৰু পৰ্ণ চোৱা ) :- আমাৰ দেশত এই porn চোৱা লোকৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে ; যাৰ ফলত আমাৰ দেশৰ যুৱক সকলৰ মনোযোগ নিজৰ কেৰিয়াৰৰ পৰা বিচলিত হৈছে , লগতে কিশোৰ সকলো এই porn ৰ চিকাৰ হৈ পৰিছে । এই অভ্যাসে যুৱক আৰু কিশোৰ সকলৰ জীৱন শূণ্য কৰি পেলাই ; porn চাই masturbation কৰা কাৰ্যই যুৱকৰ শৰীৰৰ ভীষণ ক্ষতিসাধন কৰে । এটি sperm , যিয়ে এটি শিশুৰ জন্ম দিয়ে সেই মূল্যবান বস্তু নিজৰ pleasure ৰ বাবে নলাত পেলাই দিয়া অত্যন্ত হতাশাজনক।

৪) Wasting time being online ( বেছিকৈ সামাজিক মাধ্যমৰ নিচা) :- আজিকালিৰ বহুলোক এই বেয়া অভ্যাসৰ কবলত ডুবি আছে ; শিশুৰ পৰা বৃদ্ধ আজিকালি কোনো এই অভ্যাসৰ পৰা বাচিব পৰা নাই । মোবাইল ফোন কোনো বেয়া বস্তু নহয়, মাত্ৰ ইয়াৰ addiction অত্যন্ত অপকাৰী। মোবাইল ফোন মানুহৰ সুবিধাৰ বাবে তৈয়াৰ কৰা হৈছে কিন্তু আজিকালি বহুলোকে ইয়াৰ অপব্যৱহাৰ কৰিবলৈ লৈছে। হিচাপতকৈ বেছি সকলো মানুহে মোবাইল ব্যৱহাৰ কৰে দিনটোত। এক বিশেষ গৱেষণাত প্ৰকাশ যে এজন সাধাৰণ মানুহে দিনৰ ৪ – ৫ ৰ পৰা ঘণ্টা মোবাইল ব্যৱহাৰ কৰে, আৰু তাৰে ভিতৰত এনে মানুহ আছে যাৰ মোবাইলৰ স্ক্ৰীন আঠ ঘণ্টাতকৈ বেছি অন হৈ থাকে। মোবাইল ফোনৰ সৎ ব্যৱহাৰ কৰিলে বহু নতুন নতুন কথা শিকিব পাৰি, বহু কাম কৰিব পাৰি, কিন্ত অনেকেই প্ৰযুক্তিবিদ্যাৰ ভুল ব্যৱহাৰ কৰাৰ বাবে বহুজনৰ জীৱন শেষ হৈছে। এই মোবাইল ফোনৰ addiction আপোনাৰ যদি আছে তেন্তে সেয়া সোনকালে পৰিহাৰ কৰা উচিত নহ’লে তাৰ পৰিনাম ভুগিব লাগিব।

Think this in your loneliness

৩ ) Habits of overthinking ( বেছি চিন্তা কৰা ) :- এক নতুন সমীক্ষাত কোৱা হৈছে যে বৰ্তমানৰ ২৫ – ৩৭ বছৰ বয়সৰ ভিতৰৰ প্ৰায় ৭৫% লোক overthinking ৰ চিকাৰত পৰিছে। বহু ছাত্ৰ ছাত্ৰী আনকি বৃদ্ধলোক সকলো আজিকালি overthinking ৰ চিকাৰত ভীতিগ্ৰস্ত ; ইয়াৰ ফলত দিনে প্ৰতিদিনে সমস্যা বাঢ়ি গৈছে । Overthinking কৰিলে সৰু সমস্যা ডাঙৰ হয় আৰু বাঢ়ি গৈ জীৱন ধ্বংস কৰে । Overthinking য়ে মগজুৰ creative ক্ষমতা হ্ৰাস কৰে সেয়ে কোৱা হয় “think less and live more” । আমাৰ ঋণাত্মক overthinking সমূহক বিদায় দিব লাগিব, কেৱল মাত্ৰ ধনাত্মক চিন্তা কৰিব লাগিব ; আৰু নিজৰ মাজত যেতিয়া সকলো ধনাত্মক দেখিবলৈ চেষ্টা কৰিব তেতিয়া আপোনাৰ জীৱনে সলনি হৈ যাব।

২) Wasting time in making friendship with opposite gender ( বিপৰীত লিংগৰ সৈতে বন্ধুত্ব কৰি সময় অপচয় কৰা ) :- ছাত্ৰ ছাত্ৰী জীৱনৰ বহু সময় অপচয় হয় বন্ধুত্ব স্থাপনৰ বাবে ; কি ল’ৰা কিম্বা ছোৱালী সকলোৰে একে প্ৰবৃত্তি। মানি লোৱা হ’ল যে এইটো এই বয়সৰ দুৰ্বলতা তথাপিও এই অভ্যাসৰ পৰা দূৰৈত থকা অতি দৰকাৰী , যিয়ে নিজৰ কেৰিয়াৰ গঢ়া সময়ত এই কৰ্মৰ পৰা নিজকে সংযত ৰাখিব জানে সেইসকল ভৱিষ্যত জীৱনত আটাইতকৈ সুখী আৰু সফল হয়। মনত ৰখা দৰকাৰী যে ছাত্ৰ – ছাত্ৰীৰ সোণালী ৰেখাৰ সময়চোৱাত এই কামৰ কোনো মূল্য নাথাকে।

laziness

মা দেউতাৰ কিছু বেয়া অভ্যাসে অন্ধকাৰ কৰিব পাৰে সন্তানৰ ভৱিষ্যত ! সম্পুৰ্ণ জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

মা দেউতাৰ কিছু বেয়া অভ্যাসে অন্ধকাৰ কৰিব পাৰে সন্তানৰ ভৱিষ্যত !

১) Thinking instead of doing ( সপোন বেছি কিন্তু কৰ্মহীন ) :- বাক্য আৰু কৰ্মৰ মাজত যথেষ্ট প্ৰভেদ থাকে । এই পৃথিৱীত তিনি ধৰণৰ মানুহ পোৱা যায় :- ১) যিয়ে কৈ ভাল পায় যে এইটো কৰিম, সেইটো কৰিব কিন্ত বাস্তৱত একো নকৰে মাত্ৰ কথাৰ কথা কয় , ২) যিয়ে কোৱাৰ লগতে কৰি দেখুৱাই আৰু ৩) তেওঁলোক , যিয়ে একো নকয় মাত্ৰ এদিন সকলো কৰি উঠি আদর্শৰ কেন্দ্ৰবিন্দু হৈ পৰে সকলোৰে। সেয়ে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ মানুহ হোৱাৰ প্ৰয়োজন নাই, এই তৃতীয় শ্ৰেণীৰ মানুহ হোৱা দৰকাৰী ; চিন্তা নহয় কৰি দেখুৱাই দিয়া দৰকাৰী, কৈ নহয় কামৰ দ্বাৰা দেখুৱাই দিয়া দৰকাৰী। বহু লোকে চিন্তা কৰি নিজৰ শক্তিৰ অপচয় কৰে সেয়ে অতিৰিক্ত চিন্তাক প্ৰশ্ৰয় দিয়া অনুচিত ; মাত্ৰ action লোৱা বাঞ্চনীয়।

POPULAR ASSAMESE VIDEO

Share it with:

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *