motivation to child to build up as a good human

৩-৪ বছৰৰ পৰাই সন্তানক এই উপায়ে নম্ৰ, ভদ্ৰ কৰি গঢ়ি তোলক!

  সকলো মানুহে নিজৰ শিশু বয়সৰ পৰাই নম্ৰ ,ভদ্ৰ আৰু সভ্য হোৱাৰ শিক্ষা লৈ ডাঙৰ দীঘল হয় ! কিন্তু শিকা কথাসমূহ গঢ় লয় মুষ্টিমেয় কেইজনমান লোকৰ জীৱনতহে ! তথাপি এটা কথা নুই কৰিব নোৱাৰি যে যদি সন্তানক ঠিকমতে কম বয়সতে এই শিক্ষা ব্যৱহাৰিক ভাৱে শিকাই দিয়া হয় তেতিয়া কথাবোৰ তেওঁলোকৰ মনত গাঁঠি যায় আৰু সেই অনুযায়ী তেওঁলোক খোজ দিবলৈ শিকে।

বিপৰীতে সন্তানৰ মাজত বিভিন্ন পাৰিপাৰ্শ্বিক কাৰণত খং, ক্ৰোধ , ক্ষোভ , অভিমান, কঠোৰ ব্যৱহাৰ দেখা পোৱা যায় আজিৰ সমাজ ব্যৱস্থাত। অনেক বাৰ সন্তানৰ এনে আচৰণ দেখি মা দেউতা আচম্বিত হৈ পৰে, হতাশাত পৰে। আৰু বহু পলমকৈহে বহু পিতৃ মাতৃয়ে সন্তানক মৰম হওঁক ধমকৰ চলেৰে হওক শিকাবলৈ চেষ্টা কৰে নম্ৰতা, ভদ্ৰতা আদিৰ বিষয়ে ।

তলত কিছু এনে উপায় দিয়া হৈছে যিসমূহে সন্তানক নম্ৰ ভদ্ৰ শিকাবলৈ সাহাৰ্য্য কৰিব। (১) মা পিতাক দেখি সন্তানে বহু কথা শিকে , সেয়ে মা পিতাই যদি আন কাৰোবাৰ সৈতে কঠোৰ ভাৱে আচৰণ কৰা সন্তানে দেখে আৰু যদি সেয়া সদায়ে হয় তেতিয়া সন্তানে সেই অভদ্ৰ আৰু কঠোৰ আচৰণ সমূহত অজানিতে অভ্যস্ত হৈ পৰাটো খাটাং। সেয়ে সন্তানৰ সন্মুখত মা পিতা সংযমী হোৱা দৰকাৰী, প্ৰথমে তেওঁলোকে নিজকে পৰিৱৰ্তন কৰা জৰুৰী, নিজৰ ব্যৱহাৰ আৰু আচৰণত নম্ৰতা, ভদ্ৰতা আৰু ধৈৰ্য্য উপস্থাপন কৰা অত্যন্ত প্ৰয়োজনীয়। নহলে অভিভাৱকক যি দেখিব সন্তানে সেয়াই কৰিব।

তিনি চাৰি বছৰ বয়সতে আপোনাৰ শিশুক স্কুলত দিবনে ? জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰি পঢ়ক

যাৰ শিশুক ৩ – ৪ বছৰৰ ভিতৰত স্কুলত দিব খুজিছে তেওঁ পঢ়ক এই বাৰ্তা !

(২) সকলো মানুহ নিজ নিজ কামত নিয়োজিত আৰু ব্যস্ত। বৰ্তমান মানুহে 4G এৰি 10G লৈ যাব বিচাৰে। এনে জটিল সন্ধিক্ষণত লোকৰ ফালে ঘূৰি চাবলৈ আনকি পথৰ দাঁতিত কোনো বাগৰি পৰিলেও চাবৰ সময় নাই ; লোকক সহায় কৰাৰ মানসিকতা আৰু সময় কত থাকিব।

WHEN TO GIVE ADMISSION TO YOUR CHILD IN SCHOOL

অভিভাৱকে সন্তানৰ সন্মুখত সদায় লোকৰ সহায় কৰক , তেওঁলোকক শিকাওক অসহায় জনলৈ সহায়ৰ হাত আগবঢ়াই দিয়াৰ পুন্যৰ কথা ; কাৰোবাৰ অকণমান সময়ে কেনেকৈ এজনক জীৱন দান দিব পাৰে সেই কথা বুজাওক, শিকাই দিয়ক যে লোকক সহায় কৰিলে মানসিক শান্তি পোৱা যায় ; তাৰ ফলত সন্তানৰ মনত বিনম্ৰতা আৰু দয়াশীলতাৰ সঞ্চাৰ হ’ব। মনত ৰাখিব এই সংস্কাৰী মনোভাৱে সন্তানক ভৱিষ্যত জীৱনত বহু সহায় কৰিব।

(৩) সন্তানক ভাল ব্যৱহাৰৰ শিক্ষা মা দেউতাই দিব লাগিব। আপোনাৰ সন্মুখত যদি সন্তানে কাৰোবাৰ অপকাৰ কৰিছে, কিবা সৰু ডাঙৰ ভুল কৰিছে তেন্তে সেই সময়তে সন্তানক ভুল স্বীকাৰ কৰিবলৈ আগ্ৰহী কৰক, ক্ষমা খুজিবলৈ শিকাওক। যাৰ ফলত সন্তানৰ ভুল কৰাৰ , মিছা কথা কোৱাৰ আৰু নিজৰ ভুল আনৰ ওপৰত আৰোপ কৰাৰ বেয়া অভ্যাস সমূহ লাহে লাহে আতৰি যাব আৰু আচাৰ ব্যৱহাৰৰ লগতে স্বভাৱ নমনীয় হৈ পৰিব।

WHEN TO GIVE ADMISSION TO YOUR CHILD IN SCHOOL

(৪) অহংকাৰৰ মনোভাৱ শিশুৰ মানসিকতাৰ বাবে অত্যন্ত ক্ষতিকাৰক। অহংকাৰৰ ফলত শিশুৰ মনত নেতিবাচক চিন্তাধাৰাই বাহ লয়। মনত ৰাখিব পিতৃ মাতৃৰ কোনো আচৰণৰ ফলত যাতে নিজৰ সন্তান অহংকাৰী হৈ নাযায়। সন্তানক সদায় আনৰ সৈতে, অইন শিশুৰ লগত মিলামিছা কৰাত বাধা প্ৰদান নকৰিব ; সকলোৰে সৈতে মিলামিছা কৰাৰ ফলত তেওঁলোকৰ সকলোৰে সৈতে বন্ধুত্ব আৰু আত্মীয়তা বৃদ্ধি হৈ পৰিব আৰু সৰু ডাঙৰ কথাবোৰ বুজিব পাৰিব।

Who is happy in this earth dog or human ?

(৫) মহাপুৰুষ সকলৰ অনুপ্ৰেৰণা মূলক কাহিনী অৱশ্যে শুনাবলৈ নাপাহৰিব সন্তানক। ইয়াৰ ফলত সন্তানৰ মনত নম্ৰতাৰ সঞ্চাৰ হ’ব। মহাপুৰুষৰ অমৃত বাণী সমূহ অল্প বয়সৰ শিশুয়ে শুনি খুব ভাল পায় আৰু তেওঁলোকেও তেনে হোৱাৰ ইচ্ছা কৰে ফলত শিশুৰ মনত লাহে লাহে বেয়া স্বভাৱ সমূহ পৰিৱৰ্তন হৈ সু – পৰিৱৰ্তনশীল স্বভাৱ দেখিবলৈ পোৱা যাব।

৬) নিজৰ প্ৰসংশা সকলোয়ে শুনি ভাল পায়, শিশু সকলো ইয়াৰ বিপৰীত নহয়। অভিভাৱক সকলে নিজৰ সন্তানৰ প্ৰসংশা কৰাৰ লগতে আনৰ লৰা ছোৱালীৰো প্ৰসংশা কৰা দৰকাৰী, যাৰ ফলত আপোনাৰ সন্তানৰ প্ৰতি আনৰ আকৰ্ষণ বাঢ়িব ফলত শিশুৰ মনত বিনম্ৰতাৰ সঞ্চাৰ হ’ব।

WHEN TO GIVE ADMISSION TO YOUR CHILD IN SCHOOL

৭) শিশুৰ মনত বিনম্ৰতাৰ বীজ সিঁচাৰ বাবে শিশু সকল পৰস্পৰে পৰস্পৰৰ সৈতে লগ পাব লাগিব, একেলগে খেলা ধূলা কৰিব লাগিব। সিহঁতে পৰস্পৰৰ মাজত যেতিয়া বুজাবুজি আৰু মিলামিছা ভালকৈ বুজি পোৱা হ’ব তেতিয়া তেওঁলোকৰ মাজত বিনম্ৰতাৰ লগতে একাগ্ৰতা, ধৈৰ্য্য আৰু সহিষ্ণুতা গুণো বৃদ্ধি পাব।

৮) প্ৰত্যেক মা দেউতাই শিশুক যিমান পাৰে সোনকালে নিজৰ পৰম্পৰা আৰু সভ্য সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিব লাগে । লগতে ডাঙৰক সন্মান কৰা, আনক সাহাৰ্য্য কৰা, দৰিদ্ৰ আৰু অসহায় জনক দান কৰাৰ শিক্ষা সন্তানক বাৰুকৈয়ে দিয়ক। বৃদ্ধ, অবলা জনক সহায় কৰা শিকাওক। মা দেউতাৰ গুৰুত্ব বুজাওক। পিতৃ মাতৃয়ে নিজৰ মা দেউতাক পৰিচাৰ্য কৰা যে মহৎ কাম সেয়া কথা আৰু ব্যৱহাৰিক ভাৱে শিকাওক।

Good management of child by parents

৮) সৰুৰে পৰা সন্তানক ধৰ্মীয় গোড়ামীৰ পৰা বিৰত ৰাখক । আজিকালি সামাজিক মাধ্যম সমূহত ধৰ্মান্ধতাই বিষবাষ্প দিবলৈ একো বাকী এৰা নাই ; এই বিষবাষ্পই হয়তো সুন্দৰ পৃথিৱীক ধ্বংসৰ গৰাহলৈ নিবৰ বাবে বেছি দিন নলব। সেয়ে আজিৰ শিশুক মানৱতা বোধ আৰু পৃথিৱীৰ এক ধৰ্ম যে মানৱধৰ্ম সেয়া জ্ঞান অৱশ্যেই দিয়ক । শিশুক কওঁক যে জন্মৰ সময়ত কোনো লোকৰে ধৰ্মৰ লেবেল নাথাকে সকলো মানুহ হৈ জন্ম লয় , জন্মৰ পিছতহে মানুহে ধৰ্মৰ পোছাক পৰিধান কৰে। ইয়াৰ ফলত আপোনাৰ সন্তান উদাৰ হৈ পৰিব আৰু তেওঁ এদিন মানৱ প্ৰেমী হৈ পৰিচয় লব।

POPULAR ASSAMESE VIDEO

Share it with:

4 Comments

  1. ৮ নম্বৰ পইণ্টটো কমলপুৰেও মনত ৰখা ভাল

  2. Kintu ajikali jugat pun mana sidha bah xunkale kati dia hoi ae bixoye xixuk ki siksha dibo lagibo.

Leave a Reply

Your email address will not be published. Required fields are marked *