ব্যৱসায়ত সোনকালে প্ৰতিষ্ঠিত হোৱাৰ ৮ টা টিপছ্ ( Eight tips to be more successful in business) !!
প্ৰাচীন কালত বুদ্ধিমান আৰু জ্ঞানী লোক সকলৰ ভিতৰত অন্যতম আছিল আচাৰ্য চাণক্য। চাণক্যই নিজৰ বুদ্ধি আৰু কূটনীতিৰ জৰিয়তে চন্দ্ৰগুপ্ত মৌৰ্য্যক খুব কম বয়সতে ৰাজ সিংহাসনত বহুৱাই পেলাইছিল আৰু মৌৰ্য্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল।
চাণক্য অৰ্থশাস্ত্ৰৰ লগতে ব্যৱসায়, বাণিজ্য, মানুহৰ ৰীতি নীতি আদি সকলোতে পাণ্ডিত্য আছিল। তেওঁ ব্যৱসায় বাণিজ্যৰ বাবে এনে কিছুমান উপদেশ দি গৈছিল যিবোৰ মানিলে এজন নতুন ব্যৱসায়ীয়ো খুব কম দিনৰ ভিতৰতে সৰ্বাধিক উন্নতি সাধন কৰি নিজৰ ব্যৱসায় খুব কম সময়তে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হব পাৰে। এনে এই শক্তিশালী নীতি সমূহ হৈছে:-
১) নিজকে তিনিটা প্ৰশ্ন কৰা ব্যৱসায় আৰম্ভ কৰাৰ আগতে ( Ask three questions to yourself before starting a business) :-
চাণক্যই কৈছিল এটি ব্যৱসায় আৰম্ভ কৰাৰ আগতে নিজকে তিনিটা প্ৰশ্ন কৰি তাৰ উত্তৰ সমূহ নিজে সঠিক ভাৱে প্ৰস্তুত কৰিহে ব্যৱসায় আৰম্ভ কৰিব লাগে । এই প্ৰশ্ন তিনিটা হৈছে :- তুমি এই কাম কিয় কৰিছা ? ইয়াৰ ফলাফল কি হ’ব পাৰে ? ইয়াত সফলতা পোৱা যাবনে নাই ? যেতিয়াই এই তিনি প্ৰশ্নৰ সন্তোষজনক উত্তৰ পাব তেতিয়াই ব্যৱসায় টি আৰম্ভ কৰিব। এই কথাৰ অৰ্থ এনে যে যেতিয়া মানুহে কোনো ব্যৱসায় আৰম্ভণি কৰে তেতিয়া তেওঁ অন্য এজন লোকৰ একে নিচিনা ব্যৱসায় ডুবি যোৱাৰ কথা বাৰে বাৰে ভাবে আৰু তাকেলৈ চিন্তিত হয়; কিন্তু সেই কথাত মন দিয়াতকৈ এইটোতহে নিশ্চিত কৰিব লাগিব যে তেওঁৰ এই ব্যৱসায় কৰাৰ সঁচাকৈ যোগ্যতা আছে নে নাই ? যদিহে যোগ্যতা থকা বুলি নিজৰ আত্মবিশ্বাস জাগিছে তেন্তে ব্যৱসায় আৰম্ভ কৰক। আৰু যদি নাই বুলি ভাবিছে তেন্তে সেই কাম বা ব্যৱসায় আৰম্ভই নকৰিব। কাৰণ মানুহে সদায় আনে কৰি যোৱা ভুলৰ পৰা শিকিব লাগে কাৰণ নিজে ভুল কৰি কৰি শিকিবলে জীৱন ইমানো দীঘলীয়া নহয়।
২) ব্যৱসায় কৰিলে সদায় ব্যৱহাৰ ভাল হ’ব লাগিব ( Keep morality always) :-
এটি উদাহৰণ স্বৰূপে এখন চহৰত দুখন মৌজোলৰ দোকান আছিল। দোকান দুখনৰ দূৰত্ব তেনেই কম আছিল কিন্তু এখন দোকানৰ বিক্ৰী যথেষ্ট বেছি আৰু আনখন দোকানৰ মালিকে মাখি মাৰি থাকে দিনৰ দিনটো। আচাৰ্য চাণক্যই দুয়োখন দোকানক যেতিয়া ভালদৰে নিৰীক্ষণ কৰিলে তেতিয়া তেওঁ গম পালে যে বেছি বিক্ৰী হোৱা দোকানত মৌজোল থকাৰ উপৰিও মালিক জনৰ মুখতো আছিল মৌ অৰ্থাৎ তেওঁ ৰকথা বতৰা খুব মিঠা আছিল আৰু আনজনৰ ব্যৱহাৰ আছিল কৰ্কশ। সেয়ে চাণক্যই কৈ গৈছে যে বুদ্ধিমান আৰু জ্ঞানী লোকে সদায় মধুৰ বাক্য মুখত ৰাখে আৰু ব্যৱহাৰ কৰে।
৩) ব্যৱসায়ত সততা লাগিব ( Good will ) :-
আচাৰ্য চাণক্যই কৈছিল ব্যৱসায়ত বিক্ৰিজাত সামগ্ৰী আৰু সেৱা সদায় উন্নত মানৰ হোৱা অতি দৰকাৰী। আপোনাৰ সামগ্ৰীৰ গুণগত মানদণ্ড ভাল হ’লে গ্ৰাহক বাৰে বাৰে আপোনাৰ প্রতিষ্ঠানলৈ উভতিব। ব্যৱসায়ৰ প্ৰথম অৱস্থাত লাভ কমকৈ আহিলেও সামগ্রীৰ মানদণ্ডৰ লগত বুজাবুজি কৰিব নালাগে।
উদাহৰণ স্বৰূপে কিছু বছৰত আগত এটি মোবাইল আপুনি পাইছিল সেয়া হৈছে Samsung galaxy 7 , যাৰ বেটাৰীৰ বিস্ফোৰণ হৈছিল আৰু কোম্পানীয়ে এই মডেলৰ সকলো মোবাইল ফোন গ্ৰাহকৰ পৰা ঘূৰাই লৈ সমূদাই টকা গ্ৰহকক ঘূৰাই দিছিল এক মাত্ৰ গ্ৰাহকৰ বিশ্বাস ঘূৰাই অনাৰ বাবে। সেয়ে কোৱা হয় সদায় ব্যৱসায় নিজৰ সদিচ্ছা লাগিব।
৪) ব্যৱসায়ৰ গোপন কথা আনক কব নালাগে ( Never tell your business secretes to other) :- আচাৰ্য চাণক্যই কৈছিল যে ব্যৱসায়ৰ আটাইতকৈ গুৰু মন্ত্ৰ হৈছে আপোনাৰ ব্যৱসায়ৰ গোপন কথা গোপনে ৰখাটো। কাৰণ আপোনাৰ শত্ৰু থাকিবই আৰু নিজৰ বন্ধুও কেতিয়াবা শত্ৰু হৈ যাব পাৰে। নিজৰ ব্যৱসায়ৰ গোপনিয়তা আৰু গোপন সূত্ৰ আনক স্পষ্ট কৰিব নালাগে। এই চাণক্য নীতিৰ প্রতিফলনতে সকলো ডাঙৰ কোম্পানীয়ে নিজৰ উৎপাদন আৰু সামগ্ৰীৰ উৎপাদন সূত্ৰ মাত্ৰ তেওঁলোকৰ কেইজনমান বিষয়াৰ মাজত সীমাবদ্ধ ৰাখে । সেয়ে হয়তো KFC ৰ নিচিনা সুস্বাদু চিকেন মাত্ৰ KFC তে পোৱা যায়, কোকা কোলা কোম্পানীৰ পানীয়ৰ সূত্ৰ আজিৰ তাৰিখলৈ তেওঁলোকে গোপনে ৰাখিছে।
৫) আচাৰ্য চাণক্যই কৈছে ব্যৱসায়ত সৎ হওক কিন্তু অতি বেছি সৎ নহ’ব ( Never show so much honesty in business ) :-
আচাৰ্যই কৈছিল ” অৰণ্যত সদায় চিধা গছবিলাক প্ৰথমে কাটি পেলোৱা হয় আৰু তাৰ পিছতহে টেৰা বেকা গছ বিলাক কাটে । ইয়াৰ অৰ্থ এইটো যে যদি আপুনি ব্যৱসায়ত বেছি চিধা হয় তেন্তে আপোনাক সকলোৱে ঠগিব। সেয়ে পৰিস্থিতিৰ লগত মিলাই ৰাখিহে আপুনি কিমান সৎ হ’ব তাক নিজেই নিৰ্ধাৰণ কৰিহে সততা বিচাৰ কৰক। কিন্তু এনে নহয় যে আচাৰ্যই আপোনাক অসৎ হবলৈ কৈছে ; মাত্ৰ বেছি সততা দেখুৱাবলৈ মানা কৰিছে।
৬) নিজৰ ব্যৱসায়ত মুৰ্খ কৰ্মচাৰী নিয়োগ নকৰিব ( Never employ foolish employee in your business) :-
আচাৰ্য চাণক্যই কৈছে নিজৰ ব্যৱসায়ত মূৰ্খ কৰ্মচাৰী নিয়োগ কৰিলে মালিকৰ তিনিটা ক্ষতি হ’ব ১) সময়ৰ ক্ষতি ২) অৰ্থ লোকচান আৰু ৩) নৰক গমন। অৰ্থত কৰ্মচাৰী নিয়োগ কৰোঁতে বুদ্ধিমান আৰু সাধুতা গুণ চাই হে নিয়োগ কৰক। নৰক গমন মানে ব্যৱসায়ৰ অকাল মৃত্যু হোৱাৰ কথা কোৱা হৈছে। সেয়ে কোৱা হয় যে কম বেতনত পালেও মূৰ্খ কৰ্মচাৰী নিয়োগ কৰিব নালাগে কিয়নো এজন মূৰ্খ কৰ্মচাৰীয়ে আন বাকী কেইজন কৰ্মচাৰীকো মূৰ্খ হবলৈ বাধ্য কৰিব। আচাৰ্যৰ মতে ব্যৱসায়ীক প্ৰতিস্থানত কৰ্মচাৰী ৰাখোঁতে সদায় তেওঁৰ সহিষ্ণু গুণ, ত্যাগ আৰু দক্ষতা পৰীক্ষা কৰি লোৱা উচিত।
৭) নিজৰ দুৰ্বলতা আনক স্পষ্ট কৰিব নালাগে ( Never tell you business losses to other) :-
আচাৰ্যই কৈছে ব্যৱসায়ত নিজৰ দুৰ্বলতা আনক বা নিজৰ ব্যৱসায়ীক বন্ধুৰ সৈতেও স্পষ্ট কৰিব নালাগে। যেনেকৈ বিষহীন সাপেও বিষ থকা সাপৰ দৰেই আচৰণ কৰে ঠিক তেনেদৰে নিজৰ দুৰ্বলতা আনক দেখাব নালাগে কিয়নো আপোনাৰ দুৰ্বলতাৰ সুযোগ লৈ শত্ৰুৱে আপোনাক আঘাট হানি ব্যৱসায়ৰ ক্ষতি সাধন কৰিব।
৮) ব্যৱসায়ত বিভিন্ন লোকৰ সৈতে চুক্তি কৰোঁতে সাৱধান হব লাগে ( Be careful in every deal) :-
চাণক্যই কৈছে লোভীয়াক টকা দি, অহংকাৰীৰ সন্মুখত হাতযোৰ কৰি, মূৰ্খক মূৰ্খামি কৰিবলৈ দি আৰু জ্ঞানীক সত্য কথাৰে বশ কৰিহে চুক্তি কৰিব লাগে। অৰ্থাৎ বিভিন্ন প্ৰকাৰ লোকক বিভিন্ন প্ৰকাৰে সন্তুষ্ট কৰি ব্যৱসায় আগবঢ়াই নিব লাগে। অৰ্থাৎ যি দেৱতা যি ফুলৰে সন্তুষ্ট হয় সেই ফুলে দান কৰা উচিত।
মই সুখী এই উপদেশ পোৱাৰ বাবে