ৰাতিপুৱা আৰু ৰাতি ৰুটি খায় ভালপাই নেকি ? সাৱধান !! ৰুটি কিয় খাব লাগে ? ৰুটি খোৱাৰ উপকাৰ কি ? আটাৰ নে ময়দাৰ ৰুটি খাব লাগে ?
যদি আপুনি ৰাতি আৰু ৰাতিপুৱা ৰুটি খাই তেন্তে সাৱধান হোৱা ভাল কাৰণ আপুনি ৰুটি কেনেকৈ প্ৰস্তুত কৰিছে, কি আটাৰ ৰুটি খাইছে আৰু কেতিয়া খাইছে এই গুৰুত্বপূৰ্ণ কথাবোৰ নজনাকৈয়ে যদি খাইছে এই স্বাস্থ্যসন্মত খাদ্যবিধে কেতিয়াবা বিপদতো পেলাব পাৰে। বহু লোকে দেহৰ ওজন কমাবলৈ দুয়োবেলা ৰুটি খাই, বহুজনে ডায়েবেটিচ কমাবলৈ ৰুটি সেৱন কৰে, বহুজনে দেহৰ সৌন্দৰ্য্য ধৰি ৰাখিবলৈ ৰুটি খাই । তেজৰ কলেষ্টৰল বাঢ়ি গলে , হৃদযন্ত্ৰৰ ৰোগ হলেও চিকিৎসকে ৰুটি খাবলৈ উপদেশ দিয়ে। কিন্ত ভুল পদ্ধতিৰ দ্বাৰা ৰুটি খায় বহুজনেই সমস্যা সমূহ বৃদ্ধি কৰাও দেখা যায়।
যদিহে গমধানৰ পৰা প্ৰস্তুত কৰা আটাৰ ( non refined flour) ৰুটি খোৱা হয় তেন্তে দেহত ভিটামিনৰ অভাৱ দূৰ হ’ব। কিয়নো এই আটাত থাকে প্ৰচুৰ পৰিমাণে ভিটামিন B 1, B2, B6, B9 আৰু ভিটামিন E, চেলেনীয়াম, ফাইবাৰ, জিংক আদি। কিন্তু এটা কথা ৰুটি সেৱন কৰা লোকজনে নিজেই নিৰ্ধাৰণ কৰিব লাগিব যে তেওঁৰ খাদনলীয়ে ৰুটি হজম কৰিব পাৰিছে নে নাই; অৰ্থাৎ যদি ৰুটি খোৱাৰ পৰা কাৰোবাৰ কোষ্ঠ কাঠিন্য হয় নাইবা ডায়েৰীয়া হয় বা অত্যন্ত গেছৰ সমস্যা দেখা দিয়ে তেন্তে তেনে লোকে ৰুটি খোৱা অনুচিত নহ’লে লাভতকৈ লোকচান বেছি হ’ব শৰীৰৰ।
কেঞ্চাৰ ৰোগী সকলে দিনৰ এসাজ গমৰ পৰা প্ৰস্তুত কৰা আটা ( non refined flour) ৰ ৰুটি খোৱা উপকাৰী হয় যিহেতু এই ৰুটিত পোৱা যায় চেলেনীয়াম নামৰ এন্টী অক্সিডেণ্ট বিধ, ফাইবাৰ আৰু ভিটামিন B কম্প্লেক্স সমূহ। লগতে এই ৰুটি সেৱন কৰিলে দেহত আৰম্ভ হ’ব খোজা সম্ভাৱনাময় কেঞ্চাৰ কোষ সমূহ বাধাপ্ৰাপ্ত হ’ব। সেয়ে ভৱিষ্যতে কেঞ্চাৰ ৰোগৰ পৰা দূৰৈত থাকিবলৈ এসাজ ৰুটি খোৱা লাভজনক।
ৰুটি সেৱন কৰি দেহৰ ওজন নিয়ন্ত্ৰণ কৰিবলৈ কিন্ত ৰুটি নিৰ্দিষ্ট পৰিমাণে খাব লাগিব। আৰু হিচাপত ৰুটি সেৱন কৰিলে পেটৰ গেছৰ সমস্যা ও দূৰ কৰিব পাৰি। এজন ৬০ কিলোগ্ৰাম ওজনৰ ব্যক্তিয়ে এসাজত মধ্যম আকাৰৰ ৰুটি ২-৩ খন খোৱা উত্তম। কিন্তু একে সাজতে ৬- ৭ খন ৰুটি খালে উপকাৰৰ পৰিবৰ্তে অপকাৰ হ’ব । দেহৰ ওজনৰ লগত পৰিপূৰক মাত্ৰাৰ ৰুটি সেৱন কৰিলে ৰুটিত থকা ফাইবাৰ সমূহে শৰীৰৰ বিপাকীয় কাৰ্য্য ক্ষিপ্ৰতৰ কৰি দেহৰ ওজন নিয়ন্ত্ৰণ কৰিব। কিন্তু বেছিকৈ খালে গেছৰ সমস্যাৰ লগতে দেহৰ ওজন বাঢ়িবহে।
ডায়েবেটিচ ৰোগীৰ বাবে এবিধ উত্তম খাদ্য হৈছে ৰুটি কিয়নো এই ৰুটিৰ গলাইছেমিক ইণ্ডেস্ক অইন খাদ্যৰ তুলনাত কম। ডায়েবেটিচ ৰোগীয়ে এসাজত মাত্ৰ ১-২ দুখন মধ্যম আকাৰৰ ৰুটিহে সেৱন কৰিব পাৰে তাতোকৈ বেছি নহয়। যদিহে দুখন ৰুটি খোৱাৰ পিছতো ভোক থাকে তেন্তে সেই ক্ষুধা ফলমুল নাইবা কেইমুঠিমান ভাতেৰে পূৰণ কৰিব লাগে অত্যাধিক ৰুটিৰে নহয়।
খাটি গমৰ আটাত পোৱা যায় যথেষ্ট পৰিমাণে জিংক। যাৰ ফলত এই ৰুটি সেৱনে দেহত যথেষ্ট শক্তি প্ৰদান কৰাৰ উপৰিও দেহৰ ছাঁলৰ বাবেও উপকাৰী। ফলতে ৰুটি সেৱন কৰিলে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু খাদ্যনলী সক্ৰিয় হয়।
ৰুটি কেনেকৈ খোৱাৰ ফলত অপকাৰ হয় ??
ৰুটি সদায় গমৰ পৰা শোধনীকৰণ নকৰাকৈ প্ৰস্তুত কৰা আঁটা (non refined flour) ৰ যাক ৰঙা আঁটা বুলিও কোৱা হয় তাৰহে খাব লাগে। কিন্তু পেকেটত পোৱা বগা আটা সমূহ স্বাস্থ্যৰ বাবে কোনোমানে উপকাৰী নহয়। এই বগা আটাত কোনো ধৰণৰ ভিটামিন, খনিজ লৱন আদি নাথাকে কিয়নো এই আটা প্ৰস্তুত কৰোঁতে প্ৰয়োগ কৰা শোধনীকৰণ প্ৰক্ৰিয়াত ঘেঁহুৰ সকলো পোষক দ্ৰব্য নষ্ট হৈ যায়। বৰং এই বগা আটা বা মৈদাৰ ৰুটি সেৱন কৰিলে গেছ, এচিডিটিৰ সমস্যা হ’ব আৰু ই কোনো কাৰণতে ডায়েবেটিচ, কলেষ্টৰল আৰু দেহৰ ওজন নিয়ন্ত্ৰণ নকৰে; মাত্ৰ এই আটাত থকা চৰ্বীয়ে দেহৰ স্থূলতা বৃদ্ধি কৰিব। যাৰ ফলতেই এই বগা আটাক আৰু মৈদাক ” Glue of gut” বুলি কোৱা হয় অৰ্থাৎ পেটৰ বাবে ই আঠাহে।
ৰুটি প্ৰস্তুত কৰোঁতে মন কৰিবলগীয়া কথা হৈছে ব্যৱহাৰ কৰা পানী; কেতিয়াও ঠাণ্ডা পানীৰে নহয় উতলা পানীৰে আটাগুৰি সিদ্ধ কৰিহে ৰুটি প্ৰস্তুত কৰিব লাগে। ঠাণ্ডা পানীৰে প্ৰস্তুত কৰা কেঁচা ৰুটি খালে পাচন ক্ৰিয়া মন্থৰ হয়। লগতে ৰুটি প্ৰস্তুত কৰোঁতে তেল, ঘি আদি প্ৰয়োগ কৰা অনুচিত। অৰ্থাৎ ৰুটি মানে ৰুটি খালেহে উপকাৰ পাব; আটাৰে বনোৱা পৰঠা বা লুচি আদি নহয়।
ৰাতিপুৱা আৰু ৰাতি ৰুটি খালে যিসকল লোকৰ গেছ , এচিডিটি সমস্যা হয়, দেহ দুৰ্বল অনুভৱ হয় তেওঁলোকে ৰুটি দুপৰীয়া খোৱা উত্তম। আনকি ৰাতি ৰুটি খোৱাৰ পিছত যদি কাৰোবাৰ টোপনিৰ সমস্যা হয় তেন্তে তেঁওলোকেও ৰাতি ৰুটি খোৱা অপকাৰী। সেয়েহে ৰুটি খোৱাৰ উত্তম সময় দুপৰীয়াৰ সাজ বুলি বিভিন্ন গৱেষক সকলে মত পোষণ কৰিছে। ইয়াৰ উপৰিও দুপৰীয়া ৰুটি সেৱন কৰিলে টোপনি টোপনি ভাব, কামৰ উৎসাহ নোহোৱা আদিৰ পৰা বাচি থাকিব পাৰি।
৮০কেজি ওজনৰ ব্যক্তি এজনে মধ্যমীয়া আকাৰৰ ৰুটি কেইখন খালে উপকাৰ পাব?
ডাইবেটিচর বিষয়ে আৰু ভালকৈ বহলাই লিখিব। এছিডির বিষয়ে বহলাই লিখার কাৰনে অনুৰোধ থাকিল। ডায়েবেটিছ থকা লোকৰ কেতিয়া কেনেকৈ রুটি খাব লাগে জনাব।