প্ৰতি শুক্ৰবাৰে সন্ধিয়া এই কৰ্মৰে মা লক্ষ্মীক আদৰক
মানুহৰ জীৱনত প্ৰয়োজনৰ শেষ নাই আজি এইটো পালে কাইলৈ আকৌ সেইটোৰ প্রয়োজন। আৰু এই প্ৰয়োজন বোৰ পূৰাবলৈ দিনৰ দিনটো আমি কৰ্ম কৰি গৈছোঁ নহয়নে। কিন্তু তাৰ মাজতে বহুতৰে বহুত অভাৱ ৰৈ যায় পূৰণ নোহোৱাকৈ। আৰু যিমান কষ্ট কৰিলেও আপোনাৰ এই অভাৱ সমূহ পূৰ্ণ নহব যেতিয়ালৈ আপোনাৰ ঘৰখনত মা লক্ষ্মী দেৱীৰ শুভ দৃষ্টি নপৰিব। কিয়নো আপোনাৰ ঘৰত বাস্তুদোষ বা জন্ম কুণ্ডলীৰ গ্ৰহদোষ থাকিব পাৰে। সেয়ে প্ৰতি শুক্ৰবাৰে সন্ধিয়া সময়ত তলৰ এই মাংগলিক কৰ্মৰ দ্বাৰা আপোনাৰ গৃহ প্ৰৱেশ কৰাওক মা লক্ষ্মীক। আৰু তাৰ ফলতে আপোনাৰ সকলো দুখ দুৰ্গতি দূৰ হব লগতে অৰ্থৰ সংকট দূৰ হব।
প্ৰথমতে স্নান কৰিলৈ এখন শুদ্ধ বস্ত্ৰ পিন্ধি এখন ৰঙা বস্ত্ৰ মাটিত পাৰি লৈ মা লক্ষ্মীৰ পদুম ফুলত বহি থকা মূৰ্তি বা ফটো স্থাপন কৰি লৈ মা লক্ষ্মীক ৰঙা সেন্দুৰ, চাউল, চন্দন আৰু ৰঙা ফুল অৰ্পণ কৰি ভোগ আগবঢ়াই দিয়ক। আৰু লগে লগে এটি শুদ্ধ প্ৰদীপ জ্বলাই ভগবান বিষ্ণু আৰু মা লক্ষ্মীক আৱাহন কৰি “ওম্ নমো ভগৱতে বাসুদেৱায় নমঃ” মন্ত্ৰটি জপ কৰিব। ইয়াৰ পৰাই আপোনাৰ সুখ সমৃদ্ধি বাঢ়িব আৰু আপোনাৰ ঘৰত মা লক্ষ্মীৰ শুভদৃষ্টি পৰিব লগতে মা লক্ষ্মী আপোনাৰ ঘৰতে বাস কৰিব।
লগতে মা লক্ষ্মী গায়ত্ৰী মন্ত্ৰটি ১০৮ বাৰ জপ কৰক। মন্ত্ৰটি হল ” ওম মহালক্ষ্যৈ বিদ্মহে মহাশ্ৰীয়ে ধিমহি তন্নোঃ শ্ৰী প্ৰচোদয়াৎ ।” এই মন্ত্ৰটি শুক্ৰবাৰে জপ কৰিলে মা লক্ষ্মী অত্যন্ত সুখী হয় আৰু আপোনাৰ গৃহত মা লক্ষ্মী দেৱী সদায় বাস কৰিব।