নেমু পানী আদা পানী কিয় নাখাব??

নেমু পানী আদা পানী কিয় খাব ??

    নেমু আৰু আদা সকলোৰে ঘৰত সহজলভ্য। ভিন্ন জনে ভিন্ন ভাবে এই দুবিধ ব্যঞ্জন ব্যৱহাৰ কৰি আহিছে। ভাতৰ সৈতে নেমুৰস চেপি খোৱা আৰু মাংসৰ তৰকাৰী ত আদা ব্যৱহাৰ কৰাতো সকলোৱে জানো। কিন্তু যদিহে আপুনি আদাৰস এচামুচ চেপি লৈ পানীৰ সৈতে আৰু নেমুৰস এচামুচ চেপি পানীৰ সৈতে ৰাতিপুৱা খালিপেটত সেৱন কৰে এই পানীয়ে সাধন কৰিব বহুতো স্বাস্থ্য উপকাৰ।

নেমু পানীৰ গুণসমূহ :-

 ১) যথেষ্ট পৰিমাণে ভিটামিন C সমৃদ্ধ বাবে নেমু সকলোৰে পছন্দৰ। কিয়নো ভিটামিন C দেহৰ ছালৰ সৌন্দৰ্য্যৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত। সেয়ে ছালখন সৌন্দৰ্য্য সদায়েই অটুট ৰাখিবলৈ ৰাতিপুৱা খালিপেটত এচামুচ নেমুৰ ৰস এগিলাচ পানীত মিহলাই খোৱা লাভজনক।

  ২) সন্ধি বা দেহৰ গাঁঠি ফুলা কমাই নেমুৰ ৰসে।

  ৩) কোষ্ঠ-কাঠিন্য কমাই নেমুৰ ৰসে। কোষ্ঠ-কাঠিন্য ত ভোগা লোকে ৰাতি ৰাতি শুবৰ এগিলাচ পানীৰ সৈতে চেনী নিদিয়াকৈ দুচামুচ নেমুৰ ৰস মিহলাই খালে সমস্যা দূৰ হয়।

  ৪) নেমু পানীয়ে দেহত পানীৰ তৃষা কমাই। অত্যাধিক পৰিশ্ৰম কৰি থাকোতে বা শৰীৰ চৰ্চাৰ সময়ত পানীৰ পিয়াহ লাগিলে খালী পানী নাখায় যদিহে নেমুৰ পানী খাব পাৰে দেহৰ ঘাম কমকৈ নিষ্কাষণ হব আৰু পানীৰ পিয়াহ কমিব।

  ৫) কেতিয়াবা ভোক নলগা হোৱা বা খাবলৈ মন নোহোৱা সমস্যা পালে ৰাতিপুৱা খালি পেটত এগিলাছ কুহুমীয়া গৰম পানীৰ লগত এচামুচ নেমুৰ ৰস পাছদিন খালে সমস্যা সমাধান পাব।

 ৬) সঘনাই নেমুৰ পানী খোৱা অভ্যাসে সাধাৰণ চৰ্দি কাঁহ আদিৰ পৰা দূৰৈত ৰাখে।

আদাপানী ৰ গুণাগুণ সমূহ :-

   প্ৰাকৃতিক ভাবে আদাত থকা স্বাস্থ্য উপকাৰী ঘাই উপাদান সমুহ হল:- 6-gingarol, 6-shogaol আৰু 6 – paradol । ইয়াৰ ফলতে আমি আদাপানী সেৱন কৰিলে পাব পাৰোঁ বহুতো স্বাস্থ্য উপকাৰ।

  ১) বমি আৰু বমি বমি লাগিছে যদিহে আনুমানিক এটুকুৰা আদা লওঁক যাতে চেপিলে এক চামুচ ৰস ওলাই। এই টুকুৰা টি চেপি ৰস খিনি এগিলাচ পানীৰ সৈতে খালে উপশম হব। আনকি গৰ্ভৱতী মহিলাৰ বমিৰ বাবেও উপকাৰী।

  ২) আদা পানী ভোকবৰ্দ্ধক । বদহজম, ৰুচি নোহোৱা হলে আদাৰ সৰু টুকুৰা এটি অতি পাতল পাতল কৈ কাটি এগিলাচ গৰম পানীত ১০ মিনিট ডুবাই পানীখিনিৰ সৈতে আদাৰ টুকুৰা খিনিও চোৱাই খাওক।

  ৩) মাইগ্ৰেইন ৰোগ হোৱা সকলে ৰাতি শুবৰ সময়ত এচামুচ আদাৰ ৰস পানীৰ সৈতে খালে মাইগ্ৰেইনৰ আক্ৰমণ কমে।

  ৪) গেষ্ট্ৰিক বা গেষ্ট্ৰিক আলছাৰ ৰ বাবে ৰাতিপুৱা খালি পেটত এগিলাচ পানীত এচামুচ আদাৰ ৰস মিলাই খাব নিশ্চিত ভাবে উপকাৰ পাব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *