মদ্যপান কৰা হিন্দু শাস্ত্ৰ সমূহত কলিযুগৰ মহাপাপ সমূহৰ এটি বুলি উল্লেখ আছে। আজিকালি বেছি সংখ্যক লোকে মদ্যপান কৰে আৰু তেওঁলোকে এই মদিৰা পান কৰা সভ্য সমাজৰ এক প্ৰয়োজন বুলি গণ্য কৰে। কিন্তু এই কথা বহুতেই নাজানে যে হিন্দু ধৰ্মত এই মদিৰা পান আটাইতকৈ ডাঙৰ পাপ বুলি গণ্য কৰা হয়।
আমাৰ হিন্দু ধৰ্ম গ্ৰন্থ সমূহত বহু ধৰণৰ পাপ আৰু সেই পাপৰ পৰিণতি কি হয় সেয়া উল্লেখ আছে। অতি উল্লেখযোগ্য ধৰ্ম গ্ৰন্থ শ্ৰীমদ্ভাগৱত গীতাত আছে পাচ ধৰণৰ মহাপাপৰ কথা ; আৰু এই শ্ৰীমদ্ভাগৱত গীতাত উল্লেখ কৰা পাচ ৰকমৰ মহাপাপৰ ভিতৰত আটাইতকৈ ডাঙৰ পাপ হৈছে মদিৰা পান কৰা। ইয়াৰ উপৰিও গীতাত উল্লেখ কৰা হিচাপে ব্ৰাহ্মণ হত্যা আৰু গোহত্যা , স্বৰ্ণ চুৰি কৰা , গুৰুৰ পত্নীক বেয়া নজৰ দিয়া ও ধৰ্ষণ কৰা , বিশ্বাসঘাটকতা কৰা আদি হৈছে অইন চাৰি মহাপাপ।
এটি প্ৰবাদ আছে “যি ঠাইত চইটান ৰূপী পাপ সোমাব নোৱাৰে সেই ঠাইলৈ মদিৰা ৰূপী পাপক পঠিয়াই দিয়া হয়” । অৰ্থাৎ যি ঠাইত মদিৰাই বাঁহ লয় সেই ঠাইৰ মানুহ চইটানলৈ পৰিণত হয়। সেইবাবেই হয়তো মদিৰাত ডুবি যোৱা মানুহে অকল মহিলাই নহয় সকলোকে অপদস্ত কৰে , অকল শত্ৰুকে নহয় গুণী জ্ঞানী জনকো হত্যা কৰি পেলাব পাৰে ; সভ্য সমাজত কলংক মচিব পাৰে , সুস্থিৰ বিষয় ব্যৱস্থাক অস্থিৰ কৰি পেলাব পাৰে।
মদিৰা পান কৰা বেদ আৰু গৰুড় পুৰাণত ও মহাপাপ হিচাপে গণ্য কৰা হৈছে। ঋকবেদত মদ্যপায়ী ব্যক্তিক চইটানৰ লগত তুলনা কৰা হৈছে ; আৰু চইটান হৈছে সেইজন যিজনে অইনৰ সৈতে কলহত লিপ্ত থাকে, যিজন চৰিত্ৰহীন আৰু বিবেক বুদ্ধিহীন।
চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা কোৱা হয় যে যেতিয়া মদিৰা মানুহৰ দেহত প্ৰৱেশ কৰে তেতিয়া সেই ব্যক্তিয়ে নিজৰ বিচাৰ, বিবেক , সংস্কাৰ আৰু সদ্ভাৱ হেৰুৱাই পেলায়।
ৰামায়ণৰ এক প্ৰসংগত দেখা যায় যে যেতিয়া লক্ষণে শুৰ্পনশাৰ নাক আৰু কাণ কাটি দিছিল তেতিয়া শুৰ্পনশাই যন্ত্ৰণাত চটফট কৰি নিজৰ দাদা ৰাৱণৰ ওচৰ পাইছিল গৈ আৰু কথাই কথাই শুৰ্পনশাই চাৰিজন লোকৰ চৰিত্ৰৰ কথা ৰাৱণৰ সন্মুখত উল্লেখ কৰিছিল ; তাৰে ভিতৰত এজনৰ বিষয়ে কৈছিল যে যি সমস্ত ব্যক্তি মদিৰাৰ নিচাত আক্ৰান্ত হয় , তেওঁলোকে গোটেই জীৱন দুখ ভোগ কৰে কিয়নো মদ্যপায়ী ব্যক্তিৰ শৰীৰৰ পৰা লাজ নামৰ আচৰণৰ বিনাশ হৈ যায়।
ইয়াৰ উপৰিও গৰুড় পুৰাণ আৰু নাৰদ পুৰাণত মদ্যপান এক মহাপাপ বুলি আখ্যা দিয়া হৈছে। এই পুৰাণ সমূহত মদিৰাৰ তিনিটা প্ৰকাৰৰ কথা উল্লেখ আছে ; প্ৰথম হৈছে গৌড়ি অৰ্থাৎ গুড়ৰ দ্বাৰা প্ৰস্তুত কৰা মদিৰা , দ্বিতীয়তে পৈষ্টী অৰ্থাৎ চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা মদিৰা আৰু তৃতীয় হৈছে মাধ্বী অৰ্থাৎ ফুল, ফল , পাত আদিৰ দ্বাৰা প্ৰস্তুত কৰা মদিৰা। গৰুড় পুৰাণ আৰু নাৰদ পুৰাণত উল্লেখ আছে যে স্ত্ৰী আৰু পুৰুষে এই তিনিও প্ৰকাৰৰ মদিৰা ৰ পৰা দূৰত্ব বজাই ৰখা উচিত। এই তিনি প্ৰকাৰৰ মদিৰা পান কৰা মানুহ পাপৰ অংশীদাৰ হয় ; তেওঁলোকে যেনেদৰে এই মৰ্ত্যলোকত বিভিন্ন ঘৃণা আৰু লাঞ্চনা ভোগ কৰে ঠিক একেদৰে মৃত্যুৰ পিছতো নৰকত গৈ নানাধৰণৰ ভয়ানক শাস্তি ভোগ কৰে।
যি লোকে সদায় মদিৰা পান কৰে তেওঁলোকৰ পৰা ভগৱানে সদায় দূৰত্ব বজাই ৰাখে, যি ব্যক্তি দিনৰ বেলা ভক্তিত থাকে কিন্তু ৰাতি মদিৰাৰ নিচাত ডুবি যায় সেই ব্যক্তিকো ভগৱানে খুব অপচন্দ কৰে আৰু ভগৱান তেওঁলোকৰ প্ৰতি ৰুদ্ধ হৈ পৰে , তেওঁলোকে দিয়া পূজা ভগৱানে কেতিয়াও গ্ৰহণ নকৰে , যাৰ ফলত তেনে ব্যক্তি সদায় বিপদ আৰু অসন্মানৰ সন্মুখীন হবলৈ বাধ্য হয়। অকল সেয়াই নহয় মদিৰা পান কৰা ব্যক্তিক যিয়ে সহযোগ কৰে তেওঁলোকে ও নৰকত অনেক যন্ত্ৰণাৰ সন্মুখীন হবলগীয়া হয়।
যি ব্যক্তিয়ে মদিৰা পান কৰে সেই ব্যক্তিয়ে পৰজন্মত কুকুৰৰ যোনিত জন্ম গ্ৰহণ কৰে ; লগতে আৰু কোৱা হৈছে যে এজন লোকে এবাৰ মদিৰা পান কৰিলে সেই পাপ সত্তৰ জনমলৈ ৰৈ যায়। অৰ্থাৎ এবাৰ মদিৰা পান কৰা ব্যক্তি আগন্তুক সত্তৰ জনমলৈ নিকৃষ্ট যোনিত জন্ম লবলৈ বাধ্য হবলগীয়া হয়।
কিয় মানুহে কুকুৰ, গাধ আৰু ফেঁচাৰ আয়ুস পাইছে ? – শাস্ত্ৰ কথা। জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
কিয় মানুহে কুকুৰ, গাধ আৰু ফেঁচাৰ আয়ুস পাইছে ? – শাস্ত্ৰ কথা।
মৃত্যুৰ পৰৱৰ্তী ৪৭ দিন আত্মাৰ লগত কি কি ঘটে! – ভগৱান শ্ৰীবিষ্ণু বাণী। জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
মৃত্যুৰ পৰৱৰ্তী ৪৭ দিন আত্মাৰ লগত কি কি ঘটে! – ভগৱান শ্ৰীবিষ্ণু বাণী।
সেয়ে হিন্দু শাস্ত্ৰসমূহ যেনে বেদ, উপনিষদ, পুৰাণ আদিত উপদেশ দিয়া হৈছে যে সর্বদা মদিৰা নামৰ ভয়ঙ্কৰ বস্তুৰ পৰা নিজকে বিৰত ৰখা উচিত , লগতে মদ্যপায়ী ব্যক্তিৰ সৈতে কেতিয়াও বন্ধুত্ব কৰা উচিত নহয়।