বিশ্ব ব্রহ্মাণ্ডত এনে এখন দেশ আছে যিখন প্ৰচুৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা , যিখন দেশক মেঘৰ চহৰ নামে জনা যায়। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা বাবেই সেই দেশ প্ৰতিবছৰে বহু পৰ্য্যটকৰ পৰ্যটন স্থলী হৈ পৰে । আৰু সেই দেশত এটি অতি অদ্ভূত নিয়ম আছে যে যদি কোনো ল’ৰাই বিয়াত বহিব লাগে তেওঁ প্ৰথমে তেওঁৰ হ’বলগীয়া পত্নীৰ মা অৰ্থাৎ শাহু আইৰ সৈতে নৈশ যাপন কৰিবলৈ বাধ্য হয় ; সেই অদ্ভুত নিয়মৰ দেশ হৈছে ‘পেৰু’ ।
দক্ষিণ আমেৰিকাৰ মধ্য পশ্চিমত অৱস্থিত এখন সৰু দেশ হৈছে পেৰু। পেৰু নাম আহিছে স্পেনিছ শব্দৰ পৰা, যাৰ অৰ্থ হৈছে নদী ; এই দেশক পেৰু প্ৰজাতন্ত্ৰ বুলি কোৱা হয় যাৰ ৰাজধানী ও জনবহুল চহৰ হৈছে লিমা। দেশ খনৰ প্ৰায় ৮০ শতাংশ লোক ৰাজধানী চহৰ লিমাত বসবাস কৰে। এই দেশৰ উত্তৰে আছে কলম্বিয়া আৰু ইকুৱেদৰ ; পূৱে ব্ৰাজিল , দক্ষিণ পূৱত আছে বলিভিয়া, দক্ষিণত চিলি আৰু পশ্চিমত প্ৰশান্ত মহাসাগৰ। পেৰুৰ আয়তন হৈছে ১২৮৫২১৬ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা হৈছে ৩১৮২৬০০০ জন। পেৰুৰ মুদ্ৰাৰ নাম হৈছে শোল অৰ্থাৎ স্পেইন। তাৰ প্ৰধান ভাষা স্পেনিছ । তাৰোপৰি তাত কিছু আঞ্চলিক ভাষা যেনে কেঁচুৱা ভাষা, আইমৰা ভাষা আদি। তাৰ বেছিভাগ মানুহ ইনকা আৰু কিছু আদিবাসী আমেৰিকান জাতিৰ ।
লেটিন আমেৰিকাৰ দেশসমূহৰ ভিতৰত পেৰুয়ে প্ৰথমে স্বাধীনতা লাভ কৰিছিল যিখন দেশ ১৮২১ চনত স্পেইনৰ দখলৰ পৰা মুক্ত হৈছিল। পেৰুৰ ভৌগোলিক আৱহ বহু বৈচিত্ৰ্যময় ; যত আছে মৰুভূমি , বিশাল বিশাল পৰ্বতমালা – উচ্চ মালভূমি আৰু গভীৰ উপত্যকা। পেৰুৰ উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈ আছে আন্দিছ পৰ্বতমালা আৰু এমাজন নদীৰ উৎপত্তিস্থল হৈছে সেই আন্দিছ পৰ্বতমালা। পেৰুৰ ভিতৰত সোমাই আছে প্ৰায় সাত শতাংশ এমাজন জংঘল। পেৰুৰ জাতীয় বৃক্ষ হৈছে চিন’কণা আৰু সেই গছৰ পৰা মেলেৰিয়া ৰোগৰ ঔষধ প্ৰস্তুত কৰা হয়।
পেৰু দেশত কিছু অদ্ভুত নিয়মাৱলী আছে ; সেই দেশত যদি কোনো ছোৱালীক বিয়া কৰিব লাগে তেনেহলে সেই ল’ৰাই তেওঁৰ হ’বলগীয়া স্ত্ৰীৰ সৈতে হ’বলগীয়া শাহুৰ পৰা পিটন খাব লাগে । সেই দেশত বিয়াৰ আগত পৰিয়ালৰ সন্মতি মৰ্মে ছোৱালী আৰু ল’ৰাই একলগে নৈশ যাপন কৰিব লাগে যি এক নিয়ম লগতে বিয়াৰ আগতে ল’ৰাই কিছুদিন শহুৰৰ লগত আৰু ছোৱালী কিছুদিন শাহু আইৰ সৈতে থাকিব লাগে । আৰু কিছুদিন থকাৰ পিছত কাৰোবাৰ পছন্দ নহলে বা মতানৈক্য হলে বিয়া ভাঙি যায়। ইয়াৰ উপৰিও বিবাহ কৰিবলৈ আগবঢ়া ল’ৰাই প্ৰথমে তেওঁৰ হ’বলগীয়া পত্নীৰ মা অৰ্থাৎ শাহু আইৰ সৈতে নৈশ যাপন কৰিবলৈ বাধ্য হয় সেই দেশৰ নিয়ম অনুসৰি ; বিয়াৰ পিছত দম্পত্তিৰ প্ৰথম সন্তানকহে সামাজিক সন্তান হিচাপে স্বীকৃতি দিয়া হয় ,সেই অদ্ভুত নিয়মৰ দেশ হৈছে ‘পেৰু’ ।
পেৰুৰ মাছুপিচু নগৰ খন অনবৰতে মেঘৰ আঁৰত ঢাকি থকা যেন দেখি হেতুকে পেৰুক মেঘৰ নগৰ কোৱা হয়। মাছুপিচু নগৰৰ সৌন্দৰ্য্য আৰু আকর্ষণ হৈছে চাৰিওফালে থকা সেউজীয়া ঘাঁহ বন। বহুতে বিশ্বাস কৰে যে মাছুপিচু নগৰ এখন অত্যন্ত পবিত্ৰ ঠাই, আৰু সেই ঠাইৰ মানুহে বিশ্বাস কৰে যে ইনকা সম্ৰাট সেই মাছুপিচু নগৰতে বসবাস কৰে। মাছুপিচু নগৰ হৈছে ইনকা জাতিৰ আটাইতকৈ বিস্ময়কৰ নগৰৰ নাম আৰু প্ৰতিবছৰে বিশ্বৰ লাখ লাখ পৰ্যটক সেই মাছুপিচু নগৰলৈ আহে। পেৰুৰ ৰাজধানী লিমাৰ প্ৰায় ৩১৬ মাইল দূৰৈত অৱস্থিত আছে পুষ্ক চহৰ , যত আছে মাছুপিচু সভ্যতা ।
হুনজা সম্প্ৰদায়ৰ ৬৫ বছৰৰ নাৰী ১৮ বছৰৰ গাভৰু যেন দেখি ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
বিশ্বৰ আটাইতকৈ নিৰ্লজ্জ দেশ এখন যত মৃতকৰ শৰীৰ ভক্ষণ কৰে ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
পেৰুত প্ৰচুৰ পৰিমাণে খনিজ লবন পোৱা যায় , সোঁন উৎপাদনত পৃথিৱীৰ ভিতৰতে তৃতীয় স্থানত আছে পেৰু। পেৰুত বিভিন্ন ধৰণৰ আলু উপলব্ধ লগতে কোকেইন উৎপাদনত বিখ্যাত পেৰু। ২০১৩ চনত পৃথিৱীৰ ভিতৰতে বেছি কোকেইন উৎপাদন কৰা দেশৰ শীৰ্ষত আছিল পেৰু। পেৰু হৈছে বিশ্বৰ একমাত্ৰ দেশ যত একেলগে ৬৫০ টি চৰাই একেলগে উৰি যোৱা দেখা যায় , যি এটি বিশ্ব ৰেকৰ্ড। এই পেৰুত পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাই ডট পক্ষী পোৱা যায়।