2023 year predictions

 চাওঁতে চাওঁতে ২০২৩ ইংৰাজী নৱবর্ষ আহি পালে কিন্তু এই বৰ্ষত ভৱিষ্যত বাণী কৰোঁতা সকলৰ মতে পৃথিৱীত সংঘটিত হ’বলৈ গৈ আছে কিছু ডাঙৰ ডাঙৰ ঘটনা , পৃথিৱীলৈ আহিব পাৰে ডাঙৰ সংকট , সৌৰজগতৰ বিস্ফোৰণত ধংশ হ’ব পাৰে বহু কেইখনমান দেশ। এই কথাৰ ভবিষ্যত বাণী কৰিছে পৃথিৱীৰ বিখ্যাত জ্যোতিষী বাবা ভেনগা (Baba Venga ) , নস্ত্রাদামুছ ( Nostradamus ) আৰু জ্যোতিষী স্বামী অচ্যুতানন্দ দাস আদিয়ে।

2023 year predictionsExcellent parenting tips

বুলগাড়ীয়াত বাবা ভেনগা তেওঁৰ নিখুঁত ভৱিষ্যত বাণীৰ বাবে খুব প্ৰচলিত আছিল, তেওঁ এই ২০২৩ বৰ্ষ সম্পৰ্কে বহু ভৱিষ্যত বাণী কৰি থৈ গৈছিল যি সমূহ গাৰ নোম শিয়ঁৰি উঠা কথা। বাবা ভেনগাই ৫০৬৯ বছৰৰ ভৱিষ্যত বাণী কৰি থৈ গৈছিল। ১৯১১ চনত জন্ম গ্ৰহণ কৰাৰ পিছত মাত্ৰ ১১ বছৰ বয়সতে বাবা ভেনগাৰ চকুত বালি সোমোৱা বাবে তেওঁ দৃষ্টি শক্তি হেৰুৱাই পেলাইছিল যদিও তেওঁ সেই সময়তে এনে অলৌকিক শক্তি পাইছিল যাৰ ফলত তেওঁ নিজৰ সন্মুখত ভৱিষ্যত দেখা পাইছিল। বিভিন্ন তথ্য অনুসৰি বাবা ভেনগাৰ ভবিষ্যত বাণী এতিয়ালৈ ৮০ % সত্য প্ৰমাণিত হৈছে। তেওঁ পৃথিৱীৰ যুদ্ধ বিগ্ৰহ সম্পৰ্কত কৰা ভৱিষ্যত বাণী সমূহ এতিয়ালৈ সকলো সত্য বুলি প্ৰমাণিত হৈছে । ২০২২ চনৰ বাবে বাবা ভেনগাই খাদ্য সংকটৰ ভৱিষ্যত বাণী কৰিছিল, আৰু তাপমাত্ৰা অধিক হোৱাৰ বাবে বহু পোক পতংগৰ মৃত্যু হ’ব বুলিও ভৱিষ্যত বাণী কৰিছিল। লগতে তেওঁ অষ্ট্ৰেলিয়াৰ লগতে কিছুমান দেশত বানপানী অহাৰ আশংকা কৰিছিল যি কথা সত্য প্ৰমাণিত হৈছিল। ২০২২ চনত বানপানীৰ বাবে ভাৰতবৰ্ষ আৰু পাকিস্তানৰ কি অৱস্থা হৈছিল সেয়া সকলোৰে মনত আছে। ২০২৩ চনক লৈ বাবা ভেনগাই যিসমূহ ভৱিষ্যত বাণী কৰি গৈছে সেইসমূহ শুনিলে চকু কপালত উঠা ধৰণৰ। বাবা ভেনগাৰ ২০২৩ চন সম্পৰ্কত কৰা ভৱিষ্যত বাণী সমূহ হৈছে,,

2023 year predictions

১) ২০২৩ চনত মানুহৰ প্ৰজনন কৃত্ৰিম প্ৰজনন প্ৰক্ৰিয়াৰে কৰা হ’ব আৰু দেশৰ নেতাই ঠিক কৰিব কোনে কি আৰু কেনেধৰণৰ সন্তান জন্ম দিব।

2023 year predictions2023 year predictions

২) ২০২৩ চনত এটি ডাঙৰ সৌৰবিস্ফোৰণ সংঘটিত হ’ব অৰ্থাৎ পৃথিৱীৰ বায়ুমণ্ডলত উৎপন্ন হোৱা বিস্ফোৰণ যাৰ ফলত পৃথিৱীৰ বহু ঠাইত বিস্তৰ ক্ষতিসাধন হ’ব পাৰে ; কৃত্ৰিম উপগ্ৰহ সমূহ টুকুৰা টুকুৰী হৈ বিচ্ছিন্ন হৈ পৰিব পাৰে।

৩) পৃথিৱীত এলিয়েনৰ আক্ৰমণ হোৱাৰ ভবিষ্যত বাণী কৰিছে বাবা ভেনগাই । বাবা ভেনগাৰ মতে এই সময়ত পৃথিৱী পঞ্চম দাইমেনচন ( 5 dimension ) ত প্ৰৱেশ কৰিব আৰু যাৰ ফলতে ৰহস্যময় ভাৱে এলিয়েন সকলে পৃথিৱীত প্ৰৱেশ কৰিব আৰু পৃথিৱীক আক্ৰমণ কৰিব পাৰে। আক্ৰমণৰ ফলত পৃথিৱীত তিনিদিন দুই ৰাতিৰ বাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিব। চাৰিওফালে অন্ধকাৰ হ’ব আৰু আকাশ খন এখন কলা চাদৰৰ দৰে হৈ পৰিব।

৪) বাবা ভেনগাৰ ভবিষ্যত বাণী অনুসৰি সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা পৃথিৱীয়ে এই বৰ্ষত নিজৰ কক্ষপথ পৰিৱৰ্তন কৰিব পাৰে যি পৰিঘটনা কিছু হাজাৰ বছৰ ভিতৰত এবাৰ হয় । পৃথিৱীৰ কক্ষপথৰ যদি সামান্য পৰিবৰ্তনো হয় তেন্তে তাৰ পৰিনাম মাৰাত্মক হৈ পৰিব পাৰে।

৫) বাবা ভেনগাই কৈছিল যে ২০২৩ চনৰ মাজভাগলৈ পৃথিৱীৰ এখন ডাঙৰ দেশে মানুহৰ ওপৰত জৈৱ অস্ত্ৰৰ প্ৰয়োগ পৰীক্ষণ কৰিব পাৰে। যাৰ ফলত পৰীক্ষণ আৰু পৰীক্ষা কৰা মানুহ সকলৰ লগতে বহু সাধাৰণ লোকৰ মৃত্যু হ’ব পাৰে ।

why good people feels sorrow

৬) বাবা ভেনগাৰ ভবিষ্যত বাণী অনুসৰি ২০২৩ চনৰ ভিতৰতে পৃথিৱীৰ উপৰিভাগৰ বৰফৰ বৃহৎ অংশ এটি গলি পানী হৈ যাব যাৰ ফলত বহু দেশ জলাশয়ত ডুব গৈ পৰিব পাৰে।

ইয়াৰ উপৰিও বাবা ভেনগাই ২০২৩ চনৰ পৰৱৰ্তী সময়ৰ বাবেও অনেক ভৱিষ্যত বাণী কৰি গৈছিল; তেওঁ কৈছিল ২০২৫ চনৰ সমীপত ইউৰোপৰ জনসংখ্যা ব্যাপক হাৰত হ্ৰাস হৈ পৰিব, ২০২৮ চনৰ ভিতৰত পৃথিৱীত খাদ্য সংকতে চৰম সীমা পাৰ কৰিব, মানুহে নতুন বিকল্পৰ সন্ধানত শুক্ৰ গ্ৰহলৈ যাব। ২০৬৬ চনত এক মছজিদত আক্ৰমণৰ পিছত আমেৰিকাই অগ্রৱৰ্তী অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। ২১০০ চনত পৃথিৱীৰ তাপমাত্ৰা অতি নিম্নগামী হৈ পৰিব, আৰু এক কৃত্ৰিম সূৰ্য্যই পৃথিৱীৰ অন্ধকাৰ ঠাই সমূহ আলোকিত কৰিব পাৰে।

2023 year predictionsExcellent parenting tips

নস্ত্রাদামুছ ফ্ৰান্সৰ এজন বিখ্যাত এষ্ট্ৰলজাৰ ( Astrologer ) আছিল আৰু যদি ২০২৩ চন সম্পৰ্কে নস্ত্রাদামুছৰ ভৱিষ্যত বাণীৰ কথা বিশ্লেষণ কৰা হয় এই বৰ্ষত তৃতীয় বিশ্বযুদ্ধই ভয়ানক ৰূপ লব পাৰে। ২০২২ চনৰ অৱস্থা দেখি এই ভৱিষ্যত বাণী সত্য প্ৰতিপন্ন হ’ব বুলি বহুতে বিশ্বাস কৰে ; তেওঁ কোৱা অনুসৰি তৃতীয় বিশ্বযুদ্ধ প্ৰায় সাত মাহ চলিব, যুদ্ধৰ সৈনিক আৰু সাধাৰণ লোক অলেখ জন ক্ষতিগ্ৰস্ত হৈ পৰিব, সহস্ৰজনে প্ৰাণ হেৰুৱাই পেলাব। তেওঁৰ ভৱিষ্যত বাণী অনুসৰি তৃতীয় বিশ্বযুদ্ধত বহু দেশৰ অস্তিত্ব নাইকিয়া হৈ পৰিব পাৰে , যিজন বাছি থাকিব – যি দেশ থাকিব তেওঁলোকেও নতুনকৈ সকলো আৰম্ভণি কৰিব লাগিব। যদি চোৱা যায় বৰ্তমান ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ চলি থকা সময়ত যদি চীন আৰু তাইৱানৰ সম্পৰ্কৰ আৰু অৱনতি ঘটে তেন্তে তৃতীয় বিশ্বযুদ্ধ নিশ্চিত।

2023 year predictions

বেয়া সময় অহাৰ আগতে ভগৱানে দিয়া ৫ টা সংকেত – শ্ৰী কৃষ্ণ বাণী। ৰহস্য জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

বেয়া সময় অহাৰ আগতে ভগৱানে দিয়া ৫ টা সংকেত – শ্ৰী কৃষ্ণ বাণী।

স্বামী স্ত্ৰীৰ সাত জন্মৰ সম্পৰ্কৰ সত্য ৰহস্য ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰি পঢ়ক এই অমৃত বাণী

স্বামী স্ত্ৰীৰ সাত জন্মৰ সম্পৰ্কৰ সত্য ৰহস্য !

 নস্ত্রাদামুছে ২০২৩ চনত কোনো ভৱনত উল্কাপিণ্ড পৰিব বুলি ভৱিষ্যত বাণী কৰি গৈছিল। আৰু তাকে বহু মানুহে কলিযুগৰ লগত তুলনা কৰিছে। নস্ত্রাদামুছে হিতলাৰৰ শাসন, ৯ / ১১ ৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আক্ৰমণ, দ্বিতীয় বিশ্বযুদ্ধৰ দৰে অনেক ভৱিষ্যত বাণী কৰি গৈছিল যিসমূহ সঁচা প্ৰমাণিত হৈছিল। নস্ত্রাদামুছে তেওঁৰ মৃত্যুৰ পূৰ্বে ৬৩০০ ৰো অধিক ভৱিষ্যত বাণী লিখি গৈছে যিসমূহৰ প্ৰায় ৭০% সত্য প্ৰমাণিত হৈছে, ২০১৯ চনক লৈ তেওঁ কৈ গৈছিল যে সেই চনত মহামাৰীৰ সংক্ৰমণত বহু লোকে প্ৰাণ হেৰুৱাব বুলি ; যি কথা সত্য প্ৰমাণ হৈ গৈছে।

Intelligent child's naturehome decoration tips

১৬০০ শতাব্দীত জন্ম লোৱা উৰিষ্যাৰ জ্যোতিষী শ্ৰী শ্ৰী স্বামী অচ্যুতানন্দ দাস দেৱে তেওঁৰ কিতাপ ভৱিষ্যমালা লিখি গৈছিল যে ২০১৯ ৰ পৰা ২০২৮ চন পৰ্যন্ত যুগৰ পৰিৱৰ্তন হৈ পৰিব , ২০২৩ চনৰ জানুৱাৰী মাহত শনিগ্ৰহ পুনৰাই কুম্ভৰাশীলৈ যাব ফলত বহু দেশত শোষণৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি চলিব , পৃথিৱীৰ ভূমিৰ পৰিৱৰ্তন হৈ পৰিব। ইউৰোপৰ এক বিশাল অংশ ভয়ংকৰ খাদ্য সংকটত ভুগিব যাৰ ফলত ইউৰোপৰ এক বিশাল জনবসতি ধংশ হৈ যাব। ২০২৩ চনৰ পৰৱৰ্তী সময়ৰ বাবেও জ্যোতিষী স্বামী অচ্যুতানন্দ দাস দেৱে কৰা ভৱিষ্যত বাণী অনুসৰি এদিন আমেৰিকা পানীৰ তললৈ সোমাই যাব, ৰাছিয়া এখন হিন্দু ৰাষ্ট্রলৈ পৰিণত হৈ পৰিব । ভৱিষ্যমালিকা অনুসৰি ভাৰতৰ অন্তিমজন ৰজা এজন সন্ন্যাসী হ’ব যাৰ কোনো সন্তান নাথাকিব। ২০২৪ চনত শনি কুম্ভ গ্ৰহৰ পৰা ওলাই গৈ মীন ৰাশিত প্ৰৱেশ কৰিব । ভৱিষ্যমালিকা অনুসৰি ভাৰতবৰ্ষক চীন আৰু ইছলামিক ৰাষ্ট্ৰই আক্ৰমণ কৰিব।

POPULAR ASSAMESE FUNNY VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *