হিন্দু ধৰ্মৰ প্ৰধান আৰাধ্য হৈছে দেৱ আদিদেৱ মহাদেৱ , সৃষ্টিৰ আদিৰ পৰা যাৰ অস্তিত্ব বিৰাজমান তেওঁ হৈছে ভগৱান শিৱ। হিন্দু পুৰাণত ভগৱান শিৱক ধ্বংসকৰ্তা বা destroyer বুলিও কোৱা হৈছিল। হিন্দু মহাপুৰাণ সমূহত মহাদেৱ শিৱৰ বিভিন্ন কাহিনীৰ বর্ণনা আছে আৰু বেদত আছে শিৱৰ ৰুদ্ৰৰূপৰ ব্যাখ্যা। সৃষ্টিৰ পালনকৰ্তা ভগৱান বিষ্ণুৰ যেনেকৈ দহোটা অৱতাৰ আছে ঠিক একেদৰে ভগৱান মহাদেৱৰ ১৯ তা অৱতাৰ আছে। অৱতাৰ মানে শিৱৰ বিশেষ ৰূপ অৰ্থাৎ দিব্যাংশ ক বুজোৱা হৈছে। আহক তেনেহলে জানি লওঁ ভগৱান শিৱৰ অৱতাৰ সমূহৰ কথা,,
ভগৱান শিৱৰ প্ৰথম অৱতাৰ হৈছে ” পিপ্পলাদ”। পিপ্পলাদ হৈছে শিৱৰ এক মহান অৱতাৰ যিজন মহৰ্ষি দধিশীৰ পুত্ৰ আছিল, পিতা দধিশীৰ মৃত্যুৰ প্ৰতিশোধ লবলৈ তেওঁ দেৱতা সকলৰ বিৰুদ্ধে সংঘৰ্ষ কৰিছিল। পৌৰাণিক তথ্য অনুসৰি পিপ্পলাদৰ কৃপা অনুসৰি শনিদেৱৰ প্ৰকোপৰ পৰা ৰক্ষা পোৱা যায়।
ভগৱান মহাদেৱৰ পৰৱৰ্তী অৱতাৰ হৈছে “শৰভ” । ভগৱান শিৱৰ এই অৱতাৰ খুব ভিন্ন ধৰণৰ ; ভগৱান বিষ্ণুৰ নৰসিংহ অৱতাৰে হিৰণ্য কৌশিভুক বধ কৰাৰ পিছত যেতিয়া সংসাৰ ধ্বংস কৰিবলৈ উদ্দত হয় তেতিয়া সেই ক্ৰোধৰ হাতৰ পৰা সৃষ্টিক ৰক্ষা কৰিবলৈ মহাদেৱে এই বিশেষ ৰূপ ধাৰণ কৰিছিল।
তৃতীয় অৱতাৰ হৈছে ” হনুমান”। ভগৱান শিৱৰ আটাইতকৈ শক্তিশালী ৰূপৰ ভিতৰত বজৰঙবলি হনুমান অন্যতম। ৰামায়ণ, মহাভাৰত সহ সমগ্ৰ পৌৰাণিক ইতিহাসত হনুমানৰ এক অনবদ্য ভূমিকা আছে, যি অৱতাৰ আজিও এই সংসাৰত বিৰাজমান।
পৰিবৰ্তী অৱতাৰ হৈছে “বৃশভ” । হিন্দু পুৰাণ অনুযায়ী এবাৰ বিষ্ণুৰ অসুৰ পুত্ৰসমূহৰ হাতৰ পৰা সংসাৰক ৰক্ষা কৰিবলৈ ভগৱান শিৱই এই অৱতাৰ গ্ৰহণ কৰিছিল। ভগৱান শিৱৰ এই অৱতাৰ সত্যৰ প্ৰতীক।
পৰৱৰ্তী অৱতাৰ “কিৰাত” । মহাভাৰতৰ অন্যতম আৰু প্ৰধান চৰিত্ৰ অৰ্জুনৰ পৰীক্ষা লবলৈ ভগৱান শিৱই এক ব্যাধৰ ৰূপ ধাৰণ কৰিছিল যাৰ নাম আছিল কিৰাত , আৰু অৰ্জুনৰ বীৰত্বত সন্তুষ্ট হৈ মহাদেৱে অৰ্জুনক পাশুপাত অস্ত্ৰ দান কৰিছিল।
তাৰ পিছৰ অৱতাৰ “গৃহপতি”। বিশ্বেশ্বৰ নামৰ ব্ৰাহ্মণৰ গৃহত ভগৱান শিৱই গৃহপতি ৰূপে অৱতীৰ্ণ হৈছিল। নাৰদ মুনিৰ কথা অনুযায়ী নিয়তিৰ বিধানত গৃহপতিৰ মাত্ৰ ৯ বছৰ বয়সত মৃত্যু হ’ব সেয়া আছিল ভৱিষ্যত বাণী ; কিন্তু পৰবৰ্তী সময়ত গৃহপতিয়ে মৃত্যুক জয় কৰিছিল আৰু অগ্নিশ্বৰ নামৰ এক বিশেষ শিৱলিংগ স্থাপন কৰিছিল।
পৰৱৰ্তী অৱতাৰ হৈছে “ঈশান” । ভগৱান শিৱৰ এক বিশেষ অৱতাৰ হৈছে ঈশান অৱতাৰ। সৃষ্টিৰ আদিত এই অৱতাৰৰ গুৰুত্ব অপৰিসীম। সৃষ্টিকৰ্তা ব্ৰহ্মাই সংসাৰ নিৰ্মাণৰ সময়ত মহাদেৱৰ এই অৱতাৰৰ কৃপা প্ৰাপ্তি কৰিছিল।
পৰৱৰ্তী অৱতাৰ “তৎপুৰুষ”। ভগৱান শিৱৰ অন্যতম আৰু গুৰুত্বপূৰ্ণ অৱতাৰ হৈছে তৎপুৰুষ। সৃষ্টিৰ নিৰ্মাণত তৎপুৰুষৰ অনবদ্য অৱদান আছে। সৌৰজগতৰ সকলো শক্তিৰ আঁৰত লুকাই আছে এই অৱতাৰৰ ৰহস্য।
পৰৱৰ্তী অৱতাৰ হৈছে “নামদেৱ” । এবাৰ সংসাৰ সৃষ্টিৰ সময়ত ব্ৰহ্মা খুব ডাঙৰ বিপদত পৰিছিল, তেতিয়া তেওঁৰ শৰীৰৰ পৰা এক লাল দিব্যাঙ্গ ওলাইছিল, সেই দিব্যাঙ্গ ভগৱান শিৱৰ বিশেষ অৱতাৰ আছিল নামদেৱ।
পৰৱৰ্তী অৱতাৰ হৈছে “অঘোৰ” । দেহত চাই ভষ্ম, কপালত তিলক, জঁটাধাৰী এই ৰূপ হৈছে এই অঘোৰ অৱতাৰ। তন্ত্ৰসাধনাৰ ক্ষেত্ৰত এই অঘোৰ নাম খুব পৰিচিত।
পৰৱৰ্তী অৱতাৰ “সুৰেশ্বৰ” । ভগৱান শিৱৰ এনে এক অৱতাৰ যি ভক্ত সকলৰ খুব নিকট সেয়া হৈছে সুৰেশ্বৰ। ভগৱান শিৱই এই বিশেষ ৰূপ ধাৰণ কৰি ভক্ত উপমন্যুক দর্শন কৰিছিল।
পৰৱৰ্তী অৱতাৰ হৈছে “জ্যোতিনাথ”। ভগৱান শিৱৰ আটাইতকৈ শান্তিপূৰ্ণ অৱতাৰ হৈছে জ্যোতিনাথ অৱতাৰ। মহাদেৱে এই অৱতাৰ ধাৰণ কৰি আহুক আৰু তেওঁৰ পত্নী আহুকাক বৰ প্ৰদান কৰিছিল।
পিছৰ অৱতাৰ “অৱধূত” অৱতাৰ। অৱধূত বা অদ্ভুত হৈছে ভগৱান শিৱৰ এক ভিন্ন অৱতাৰ যাৰ দ্বাৰা তেওঁ দেৱৰাজ ইন্দ্ৰৰ অহংকাৰ চূৰ্ণ কৰিছিল।
পৰবৰ্তী অৱতাৰ “কালভৈৰৱ” অৱতাৰ। ৫১ টি সতীপীঠক অসুৰৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ ভগৱান শিৱৰ এক বিশেষ ৰূপৰ উৎপত্তি ঘটিছিল, অত্যন্ত শক্তিশালী আৰু হিংস্ৰ এই অৱতাৰৰ নাম হৈছে কালভৈৰৱ।
পৰিবৰ্তী অৱতাৰ হৈছে “বিৰভদ্ৰ”। সতীৰ মৃত্যুৰ প্ৰতিশোধ লবলৈ আৰু দক্ষযজ্ঞ বিনাশ কৰিবলৈ ভগৱান শিৱৰ জতাৰ পৰা এক ভয়ঙ্কৰ আৰু শক্তিশালী চৰিত্ৰৰ উৎপত্তি হৈছিল যাৰ আগ্ৰাসন আৰু শক্তি আছিল অনন্য।
পৰবৰ্তী শিৱ অৱতাৰ হৈছে ” দুৰ্বাসা” । ভগৱান শিৱৰ ক্ৰোধৰ অগ্নিৰ পৰা সৃষ্টি হৈছিল দুৰ্বাসাঁ মুনিৰ, যি অত্যন্ত ৰাগী আছিল আৰু তেওঁ অভিশাপ দিয়াৰ ঘটনাক্ৰম সকলোৱে অৱগত।
তাৰ পিছৰ অৱতাৰ হৈছে ” অশ্বত্থামা” । মহাভাৰতৰ অন্যতম আৰু এক প্ৰধান চৰিত্ৰ অশ্বত্থামা, তেওঁ আছিল গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ আৰু তেওঁ আছিল ভগৱান শিৱৰে এক বিশেষ অৱতাৰ যি কাল – ক্ৰোধ – মৃত্যুৰ প্ৰতীক আছিল।
ভগৱান শিৱক কিয় শিৱলিংগ ৰূপে পূজা কৰা হয় ? – পৌৰাণিক ৰহস্য। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
সদায় মহা মৃত্যুঞ্জয় মন্ত্ৰ সদায় পাঠ কৰাৰ সুফল সমূহ – অমৃত বাণী। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
সদায় মহা মৃত্যুঞ্জয় মন্ত্ৰ সদায় পাঠ কৰাৰ সুফল সমূহ – অমৃত বাণী।
পৰৱৰ্তী অৱতাৰ হৈছে “যক্ষ”। সমুদ্ৰ মন্থনৰ পিছত অমৃত লাভ কৰি দেৱতা সকলে অসুৰৰ প্ৰতি অন্যায় আৰম্ভণি কৰিছিল, আৰু তেওঁলোকৰ অহংকাৰৰ বিনাশ কৰিবলৈ ভগৱান শিৱই এই বিশেষ অৱতাৰ ধাৰণ কৰিছিল।
আৰু শেষৰ অৱতাৰ হৈছে “নন্দী” । ভগৱান শিৱৰ আটাইতকৈ নিকটৱৰ্তী হৈছে নন্দী, কিন্তু বহুজনে নাজানে যে নন্দী হৈছে শিৱৰে অংগ। যিকোনো শিৱ মন্দিৰত প্ৰৱেশ কৰিলে নন্দীৰ মূৰ্তি চকুত পৰে। এই অৱতাৰৰ প্ৰকৃত ৰূপ হৈছে ভিন্ন, যত তেওঁ চতুৰ্ভুজ ৰূপী নন্দীকেশৰ নামৰ সেই ৰূপ শিৱৰে এক বিশেষ অৱতাৰ।