সনাতন ধৰ্ম অনুসৰি স্বামী স্ত্ৰী উভয়ে বিবাহৰ সময়ত সাত জনমৰ শপত লয় ; অৰ্থাৎ তেওঁলোকে সাত জনম একেলগে থকাৰ অংগীকাৰ কৰে। কিন্তু পৰিতাপৰ কথা বৰ্তমান সময়ত বিবাহৰ পিছত বহু দম্পত্তিয়ে এটা জনমে ভালদৰে পাৰ কৰিবলৈ সক্ষম নহয় । বিভিন্ন নিউজ চেনেল, ক্ৰাইম পেট্ৰল অনুষ্ঠান আদিৰ পৰা সদায় স্বামী স্ত্ৰী উভয়ৰে পৰকীয়া সম্বন্ধ – সম্পৰ্ক , অবৈধ সম্পৰ্ক আৰু হত্যাৰ দৰে ঘটনা শুনিবলৈ পোৱা যায়। কোৱা হয় যদি মানুহে এই কুকৰ্মক তেওঁলোকৰ জীৱনৰ মাত্ৰ এটি সৰু ভুল বুলি ভাৱে আৰু পাহৰি যায় তথাপি কালপুৰুষে সকলো লক্ষ্য কৰি কিন্তু উচিত বিচাৰ কৰে আৰু উচিত শাস্তিৰ ব্যৱস্থা কৰে। হিন্দু ধৰ্ম অনুসৰি পৰকীয়াক মহাপাপ বুলি আখ্যা দিয়া হয়, কোনো ব্যক্তিবিশেষে এই পাপৰ প্রায়শ্চিত্ত কৰিবৰ উপায় নাথাকে আৰু এই কুকৰ্মৰ ফল তেওঁ ভোগ কৰিবই লাগে। এয়া অকল পুৰুষৰ বাবেই নহয় , শাস্ত্ৰ সমূহত নাৰীৰ ক্ষেত্ৰতো পৰকীয়াৰ বাবে ভয়াবহ শাস্তিৰ কথা উল্লেখ আছে।
সৃষ্টিৰ আদিত যেতিয়া ব্ৰহ্মাণ্ড ৰচনা কৰা হৈছিল তেতিয়া পৃথিৱীত মৈথুনি সৃষ্টিৰ ব্যৱস্থা কৰা হৈছিল, আৰু সেই সময়ৰ পৰাই জীৱকুলৰ মাজত কাম আৰু বাসনাৰ উদ্ভৱ হয় , কিন্তু যি জীৱই এই কাম বাসনা ৰ নিয়ন্ত্রণ হেৰুৱাই পেলায় তেওঁলোক ভুল পথে গমন কৰে। আৰু নিয়ন্ত্ৰণ নথকাৰ বাবে পৰস্ত্ৰী আৰু পৰপুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰে । কাম আৰু বাসনাৰ মায়াজালত বন্দী হৈ সৰ্বসাধাৰণ ব্যক্তিৰ লগতে বহু জ্ঞানী গুণী পুৰুষ আৰু আনকি দেৱ দেৱীও পথভ্ৰষ্ট হৈ পৰে । সেয়ে পৰমেশ্বৰ ভগৱানে এই পাপ কৰ্মৰ পৰা বাছি থাকিবলৈ কিছু নিয়ম আৰু কিছু শাস্তি ইতিমধ্যে নিৰ্ধাৰণ কৰি ৰাখিছে । আৰু এই কথা পুৰাণ গ্রন্থ সমূহত বিস্তাৰিত ভাৱে বৰ্ণিত আছে। আৰু নাৰদ পুৰাণ এই গ্ৰন্থ সমূহৰ ভিতৰত অন্যতম।
নাৰদ পুৰাণত দেৱৰ্শী নাৰদে পৰকীয়া পাপৰ শাস্ত্ৰীৰ প্ৰসংগত এটি কথা উল্লেখ কৰিছিল , প্ৰসংগ অনুসৰি এবাৰ ভগৱান শ্ৰী ৰামচন্দ্ৰৰ পূৰ্বপুৰুষ মহাৰাজ ভগীৰথে ধৰ্মৰাজৰ সৈতে ইঁহলোক আৰু পৰলোকৰ বিষয় চর্চাৰ সময়ত নৰকত কি পাপৰ কি শাস্তি হয় জানিব বিচাৰিছিল। ধৰ্মৰাজে উত্তৰত নৰকৰ ভিন্ন শাস্তিৰ কথা এফালৰ পৰা ব্যক্ত কৰি গৈছিল। ধৰ্মৰাজে ব্যভিচাৰী আৰু পৰ পুৰুষৰ প্ৰতি আকৃষ্ট নাৰীৰ সম্পর্কত কৈছিল, যেতিয়া কোনো ব্যভিচাৰী স্ত্ৰী অথবা নাৰী যমৰাজৰ সন্মুখত হাজিৰ হয় তেতিয়া সেই নাৰীৰ চেহেৰা দেখি যমৰাজৰ মুখমণ্ডল উগ্ৰ হৈ পৰে আৰু ক্ষন্তেক মানো দেৰি নকৰাকৈ সেই নাৰীক নৰকলৈ পঠিয়াই দিয়ে ; আৰু নৰকলৈ গৈ সেই নাৰীয়ে দপদপকৈ জ্বলি থকা পুৰুষৰ লৌহমূৰ্তি প্ৰত্যক্ষ কৰে , আৰু মৃত্যুৰ আগতে যি পুৰুষৰ সৈতে সেই কুকৰ্ম কৰিছিল মূৰ্তি সমূহো সেই পুৰুষৰ অনুৰূপ দেখিবলৈ পায় ; সেই নাৰীক অতিশীঘ্ৰে সেই জলন্ত লৌহ পুৰুষৰ সৈতে আলিংগন কৰিবলৈ দিয়া হয় ; আলিংগন ৰ সময়ত সেই নাৰীয়ে আৰ্তনাদ কৰিলে তাৰ পৰা পৰিত্ৰাণ ৰ কোনো উপায় নাথাকে , তাৰ পিছত সেই নাৰীক উত্তপ্ত লৌহ স্তম্ভৰ সৈতে আলিংগন কৰোৱা হয়। ইমানটো শাস্তি শেষ নহয় , কোৱা হৈছে যে সেই স্ত্ৰীক শেষত লবনাত্মক জলত ডুবাই ৰখা হয় আৰু সেই জীবাত্মা অস্থিৰ হৈ পৰে আৰু অৱশেষত সেই আত্মাই পশু পক্ষী ৰূপে পুনৰ জন্ম লয়।
ইফালে গৰুড় পুৰাণত কোৱা হৈছে যে যিসকল নাৰীয়ে বিবাহৰ পূৰ্বে অইন পুৰুষৰ সৈতে অনৈতিক সম্পৰ্ক গঢ়ি তেওঁৰ ভৱিষ্যতৰ স্বামীক প্ৰতাৰণা কৰে সেই নাৰীক নৰকত কন্টকময় লোহাৰ শিকলিৰে বান্ধি অনন্ত কাললৈ শাস্তি বিহা হয়, আৰু সেই নাৰীক ক্ষুধাৰ্ত্য পিশাসৰ সন্মুখত এৰি দিয়া হয় আৰু বিবাহৰ পিছত যি নাৰীয়ে স্বামীক প্ৰতাৰণা কৰি পৰকীয়াত লিপ্ত হয় সেই স্ত্ৰীক যমৰাজে নিজ হাতেৰে উত্তপ্ত কেৰাহীত তুলি দিয়ে । আৰু উল্লেখ আছে যে যি স্ত্ৰীয়ে বিবাহৰ পিছত পৰকীয়াত লিপ্ত হয় সেই স্ত্ৰীৰ আত্মাই পৰৱৰ্তী সময়ত ছাগলী ৰূপে পুনঃ জনম লয়। একে সময়তে অনেক পুৰুষৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা নাৰীক নৰকত সাপ আৰু সৰীসৃপ ভৰি থকা গাতত পেলাই দিয়া হয় আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোক গাহৰি হৈ পুনঃ জনম লয়। লগতে আপোন স্বামী পৰস্ত্ৰীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰতিবাদ স্বৰূপে যি নাৰী নিজেও পৰপুৰুষ গমন কৰে সেইসকল নাৰী পৰবৰ্তী জনমত সাপ , বাদুলি নাইবা ভিন্ন প্ৰকাৰৰ সৰীসৃপ ৰূপে জন্ম লয়।
মৃত্যুৰ পিছত বৈতৰণী পাৰ হওঁতে পাপী আত্মাৰ কি হয় – গৰুড় পুৰাণ ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
মৃত্যুৰ পিছত বৈতৰণী পাৰ হওঁতে পাপী আত্মাৰ কি হয় – গৰুড় পুৰাণ !
এনে স্ত্ৰী যিয়ে পাব সংসাৰ মধুৰ তেওঁৰ হ’ব – গৰুড় পুৰাণ বাণী। জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰি পঢ়ক এই অমৃত বাণী
গৰুড় পুৰাণ অনুসৰি যি নাৰী আৰু পুৰুষ উভয়ে পৰকীয়াত লিপ্ত হয় তেওঁলোকে জয়ন্তী আৰু অন্ধতমস্ত্ৰম নামৰ নৰকত শাস্তি ভোগ কৰে যত তেওঁলোকক তামিশ্ৰম নামৰ ভয়ানক শাস্তি বিহা হয়। পৰকীয়া কুকৰ্ম কৰা নাৰী পুৰুষৰ বিশেষ অংগত জলন্ত লোহা অন্তঃগমন কৰা হয় লগতে যমদদূতে নিজ ইচ্ছা অনুসৰি আৰু বহুত শাস্তি নিৰ্ধাৰণ কৰে ।
নৰকত শাস্তি ভোগ কৰাৰ উপৰি পৰকীয়াত লিপ্ত লোক সকলৰ জীৱন কালতো মান সন্মান যশস্যা আৰু অর্থ হানি হয় ; এই পৰকীয়াই সমাজ স্খলন কৰে , সমাজত জুই দিয়ে লগতে বহুজনৰ সুন্দৰ জীৱন বিপদাপন্ন হৈ পৰাৰ উপৰিও বহুজনে অকাল মৃত্যু পৰ্য্যন্ত আঁকোৱালি লব লগীয়া হৈ পৰে। পৰকীয়া কেতিয়াও সমাজত গ্ৰহণ যোগ্য নহয় । ধন্যবাদ, সকলোৱে ভালে থাকক সমাজৰ কুশল হওঁক।
খুব জনপ্ৰীয় অসমীয়া ভিডিঅ