পৃথিৱীত যিয়ে জন্ম লৈছে তেওঁৰ মৃত্যু এদিন নহয় এদিন অনিবাৰ্য , আৰু এয়া হৈছে পৃথিৱীৰ কঠিন সত্য ; কিন্ত আমি আটাইতকৈ বেছি ভয় কৰো সেই মৃত্যুক। আমি এই সত্যৰ পৰা সদায় পলাবলৈ চেষ্টা কৰো যদিও আমাৰ মাজত মৃত্যুৰ ৰহস্য অতি গোপন। এই মৃত্যুৰ ৰহস্য ওঠৰ হিন্দু পুৰাণৰ ভিতৰত অন্যতম গৰুড় পুৰাণত বিস্তাৰিত ভাৱে উল্লেখ আছে।
গৰুড় পুৰাণৰ ধৰ্মকাণ্ড প্ৰেতকল্প অধ্যায়ত স্পষ্টভাৱে উল্লেখ আছে যেতিয়া কোনো মানুহ মৃত্যুৰ সময়ৰ ওচৰ চাপে তেতিয়া তেওঁৰ দেহৰ কি কি পৰিৱৰ্তন হয় লগতে এইটো উল্লেখ আছে যে মানুহৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ পৰিয়াল বৰ্গই নশ্বৰ দেহটোক কি কি কৰা উচিত যাতে মৃতকৰ আত্মাই খুব সোনকালে মুক্তি লাভ কৰিব পাৰে। গৰুড় পুৰাণত উল্লেখ অনুসৰি পক্ষীৰাজ গৰুড়ে কৰা প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই উত্তৰ দিছিল , ” – গৰুড় , যেতিয়া মানুহ কৰ্ম কৰি কৰি মৃত্যুৰ দুৱাৰদলিৰ ওচৰ চাপে তেতিয়া তেওঁৰ দেহত নানান ৰোগৰ উৎপত্তি ঘটে , মৰণশীল মানুহ লাহে লাহে মৃত্যুৰ পৰ্যায় পাই , কিন্তু তেতিয়ালৈকে মানুহৰ জীৱন জীয়াই থকাৰে ইচ্ছা ভৰপূৰ হৈ থাকে, আৰু সেই জীয়াই থকাৰ ইচ্ছাৰ বাবেই মানুহৰ মন দুখী হৈ যায় আৰু অন্তিম সময়ত তেওঁ এক ঐশ্বৰিক পৰিঘটনা প্ৰত্যক্ষ কৰে যত তেওঁ সকলো মানুহক একেই দেখে “। ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছিল, ” যি মনুষ্যই জীৱনৰ শেষ পৰ্যন্ত মিছা কথা নকয়, কাৰো সৈতে চলনা নকৰে আৰু ভগৱান ৰ প্ৰতি পূৰ্ণ আস্থা ৰাখে সেই মনুষ্যই সুখপূৰ্বক এই পৃথিৱী ত্যাগ কৰে ; বিপৰীতে যি মানুহ নাস্তিক হয়, মিছা কথা কয়, চলনা কৰে সেই মনুষ্য মৃত্যুৰ সময়ত অন্ধকাৰ পৰিবেশত বন্দী হৈ যায় “।
আৰু কৈছিল, ” যিজন বিশ্বাস ঘাটক আৰু অইনৰ স্ত্ৰীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰে তেওঁৰ মৃত্যু হয় খুব কষ্টদায়ক”। আৰু কৈছিল,” আত্মাক লৈ যোৱাৰ বাবে স্বয়ং দৌৰাত্মা যমদূত উপস্থিত হয়, যাৰ হাতত ভয়ানক লাঠী থাকে , মৃতপায় ব্যক্তিয়ে যেতিয়া সেই ভয়ংকৰ দৃশ্য দেখে তেতিয়া তেওঁৰ শৰীৰত কম্পন আৰম্ভণি হয় আৰু সেই সময়ত মৃতপায় ব্যক্তিয়ে নিজৰ পিতা মাতাক স্মৰণ কৰে, নিজৰ সন্তানৰ নাম চিঞৰে কৰুণ ভাবে , সেই পৰিস্হিতিত তেওঁ মুখেৰে কোনো কথা কব নোৱাৰে, চকু ৰঙা হৈ কান্দিব ধৰে, মুখ শুকাই যায় আৰু শ্বাস প্ৰস্বাস্ দ্ৰুত হৈ অন্তিম সময়ত আত্মাই শৰীৰ ত্যাগ কৰে যমলোকত উপস্থিত হৈ যেতিয়া আত্মাই যমৰাজক দেখি ভয় খাই তেতিয়া যমৰাজ ৰ আদেশ ত সেই আত্মাক পুনৰাই সেই ঠাইলৈ লৈ যোৱা হয় যত নশ্বৰ দেহ ৰাখি থোৱা হয় ; তেনে পৰিস্থিতিত আত্মাই নিজৰ স্বদেহ দেখাৰ পিছত পুনৰ তাৰ ভিতৰত সোমাবলৈ চেষ্টা কৰে কিন্তু যমদূতৰ বাধা থকা হেতুকে প্ৰৱেশ কৰিবলৈ অসমৰ্থ হয়, আৰু আত্মাই খুব চিঞৰি চিঞৰি কান্দি থাকে যদিও সেই কান্দোন কোনেও শুনিবলৈ নাপায় “।
শ্ৰীকৃষ্ণই আৰু কৈছিল,” কোনো লোকৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে নশ্বৰ দেহ ঘৰৰ কিছু ওখ ঠাই অলপ গোবৰেৰে মচি তিল আৰু কুশ দি তাৰ ওপৰত মৃতদেহ শুৱাই ৰাখিব লাগে, তেনে কৰিলে মৃত শৰীৰৰ সমস্ত পাপ নষ্ট হৈ যায় কিয়নো তিল হৈছে দেহৰ ঘামৰ পৰা তৈয়াৰী তথা অতি পবিত্ৰ সেয়ে তিল প্ৰয়োগ কৰিলে অশুভ শক্তি আৰু অসুৰ দানৱৰ পৰা ৰক্ষা পোৱা যায়, ইফালে কুশ দেহৰ নোমৰ পৰা তৈয়াৰ কৰা হৈছে যিয়ে মৃত আত্মাক স্বৰ্গ লোকলৈ লৈ যায়, কুশৰ মূল ভাগত ব্ৰহ্মা , মধ্যভাগত বিষ্ণু আৰু অগ্ৰভাগত ভগৱান শিৱৰ অৱস্থান আৰু যদি মৃতদেহ গোবৰ দি মচি নিদিয়া ঠাইত ৰখা হয় তেতিয়া মৃতদেহ ৰ ওপৰত পিশাস আৰু ৰাক্ষসৰ দৃষ্টি পৰে ; লগতে মৃত শৰীৰক শুৱাই দিয়াৰ সময়ত মৃতদেহৰ মুখত পঞ্চৰত্ন দিয়া উচিত কিয়নো পঞ্চৰত্নই মৃতদেহ ৰ সকলো পাপ ভষ্ম কৰি আত্মাক মুক্তিৰ পথলৈ লৈ যায় আৰু সেই নিয়ম যদি ভালদৰে পালন নকৰে তেতিয়া প্ৰেতাত্মাই মৃতদেহ ত প্ৰৱেশ কৰিব পাৰে আৰু তেনে হবলৈ পালে আত্মাই মুক্তি নাপায় ; তাৰ পিছৰ নিয়ম হৈছে পৰিয়ালৰ কোনো সদস্যই মৃতদেহৰ মুখত তুলসী পাত আৰু গঙ্গাজল দিব লগতে কোনো শোক নকৰাকৈ সেই মৃতদেহ ৰ ওচৰত বহি ভগৱান বিষ্ণুৰ নাম স্মৰণ কৰিব লাগে , কাৰণ যেতিয়াই কাৰোবাৰ মৃত্যু হয় তেতিয়া যমৰাজে তেওঁৰ দূতক পঠিয়াই দিয়ে আৰু হৰিনাম জপ নকৰা আত্মাক অতি সোনকালে তেওঁৰ ওচৰলৈ লৈ যাবলৈ আদেশ দিয়ে “।
আত্মহত্যা কৰাৰ পিছত আত্মাই কি শাস্তি ভোগ কৰে ! – গৰুড় পুৰাণ । মানৱ জীৱনৰ কিছু তিক্ত কথা জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
আত্মহত্যা কৰাৰ পিছত আত্মাই কি শাস্তি ভোগ কৰে ! – গৰুড় পুৰাণ ।
নিজৰ স্ত্ৰীক মাৰপিত কৰিলে কি হয় ? – গৰুড় পুৰাণ অমৃত বাণী ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰি পঢ়ক এই অমৃত বাণী
সকলো বিধি সম্পূৰ্ণ কৰাৰ পিছত গৃহস্থই মৃতদেহ বাঁহৰ চাঙত তুলি শ্মশানলৈ লৈ যায় যত মৃতদেহৰ বিধিপূৰ্বক দাহ সৎকাৰ কৰা হয় । গৰুড় পুৰাণ অনুসৰি যদিহে কোনো মৃতদেহৰ দাহ সৎকাৰ কৰা নহয় তেতিয়া আত্মাই পূৰ্বজ ঋণৰ পৰা মুক্তি নাপায় আৰু সেই আত্মা সদায় পৃথিৱীতে বিচৰণ কৰি থাকিব ।
Good