এইটো এশ শতাংশ সত্য যে কোনো এখন সংসাৰ, স্বামী আৰু স্ত্ৰীৰ উভয়ৰে মিলিত প্ৰয়াসতহে মধুময় আৰু প্ৰফুল্ল হৈ পৰে ; যি স্বামী আৰু স্ত্ৰী উভয়ৰে পৰিপুৰক। এখন সংসাৰ মধুৰ হ’বলৈ স্ত্ৰীৰ যিমানেই দায়িত্ব থাকে সিমানেই স্বামীৰো থাকে। সংসাৰত স্বামীৰ ভূমিকা কেনে হোৱা উচিত সেয়া পৰৱৰ্তী পোষ্ট যোগে বৰ্ণনা কৰা হ’ব আৰু আজি প্ৰথমে বৰ্ণনা কৰা হ’ব স্ত্ৰীৰ ভূমিকা কেনে হলে এখন সংসাৰ সুমধুৰ হয়, স্ত্ৰীৰ কি কি গুণ থাকিলে সেই সংসাৰত ভাঙোন নাহে ; বৰং সেই সংসাৰত তৈয়াৰ হয় মধুৰ সম্পৰ্ক।
প্ৰথম গুণ হৈছে যি গুণ প্ৰত্যেকজন স্বামীৰে পছন্দৰ আৰু সেই গুণ প্ৰত্যেক গৰাকী স্ত্ৰীৰ থকা প্ৰয়োজন। আৰু সেয়া হৈছে “গৃহ কৰ্মত নিপুণ আৰু দক্ষতা”। শাস্ত্ৰত এই বিষয়ত কৈছে যে যি স্ত্ৰীয়ে গৃহৰ কাম কাজ দক্ষতাৰে চম্ভালিব পাৰে সেই গৃহ আৰু সংসাৰত খুব সুখ শান্তি বিৰাজমান থাকে আৰু সেই স্ত্ৰীয়ে সমাজ আৰু সংসাৰত বিশেষ সন্মান লাভ কৰে। গৰুড় পুৰাণত এই বিষয়ে পৰিষ্কাৰ কৰি উল্লেখ আছে যে যদিহে কোনো স্ত্ৰীৰ এই বিষয়ত প্ৰাথমিক অৱস্থাত দক্ষতা নাথাকে তেন্তে লাহে লাহে সকলো শিকি বুজি আহৰণ কৰা ভাল।
দ্বিতীয়টি গুণ বহু স্ত্রীৰে নাথাকে ; যদিও বহু স্ত্ৰী নিজ গৃহ কৰ্মত পাকৈত কিন্তু এই গুণ নথকাৰ বাবে গৃহত সর্বদা অশান্তি বিৰাজ কৰে। আৰু সেয়া হৈছে সুন্দৰ সুলভ আচাৰ ব্যৱহাৰ। গৃহকৰ্মত পাকৈত হোৱাৰ লগতে যি স্ত্ৰীৰ কণ্ঠস্বৰ মধুৰ আৰু আচাৰ ব্যৱহাৰ মিঠা আৰু ধীৰ সুস্থিৰ হয় তেওঁ পৰম সৌভাগ্যবান। গৰুড় পুৰাণত উল্লেখ আছে যে যি স্ত্ৰী মিঠা ভাষাৰে কথা পাতে তেওঁ ভাগ্যশালী আৰু তেওঁৰ স্বামীও সৌভাগ্যবান।
তৃতীয় যি গুণৰ বিষয়ে কোৱা হ’ব সেয়া আৰু বেছি গুৰুত্বপূৰ্ণ। আৰু সকলো স্ত্রীৰে এই গুণ থকা বাঞ্চনীয় , আৰু সেয়া হৈছে যথাৰ্থ শিক্ষা। এই শিক্ষা অকল পুথিগত শিক্ষাই নহয় লগতে লাগিব সামাজিক শিক্ষা। আৰু এই শিক্ষাৰ ফলতে তেওঁ স্বামীৰ পৰিয়ালক নিজৰ পৰিয়াল হিচাপে গ্ৰহণ কৰিবলৈ সমল পাই লগতে স্বামীৰ পৰিয়ালৰ ৰীতি নীতি সমূহ মানি লবলৈকে তেওঁৰ কোনো অসুবিধা নহয়। এই শিক্ষাই তেওঁক স্বামীৰ পছন্দ আৰু অপছন্দৰ বিষয় সমূহ সহজতে অনুধাৱন কৰিবলৈ জ্ঞান বুদ্ধি প্ৰদান কৰে।
চতুৰ্থ গুণ যি অত্যন্ত প্ৰয়োজনীয় সেয়া হৈছে নিজৰ অনুভূতি প্ৰকাশ কৰাৰ ক্ষমতা। অনুভূতি প্ৰকাশ কৰা বৰ ডাঙৰ কাম, কোনোবা দুখত থাকক বা সুখত থাকক সকলো অৱস্থাতে অনুভূতি প্ৰকাশ কৰিব পৰা এক মধুৰ গুণ। যদিহে স্ত্ৰীয়ে নিজৰ অনুভূতি সমূহ নিজৰ স্বামীৰ ওচৰত প্ৰকাশ কৰিব নোৱাৰে তেতিয়া হয়তো স্বামীয়ে স্ত্ৰীৰ প্ৰতি কিবা ভুল ধাৰণা লৈ বহি থাকিব পাৰে সেয়ে নিজৰ অনুভূতি সমূহ স্পষ্টকৈ অকল স্বামীয়ে নহয় গৃহ পৰিয়াল সকলোৰে আগত দাঙি ধৰিব পৰা স্ত্ৰীৰ মহৎ গুণ সমূহৰ এটা।
পঞ্চম গুণ হৈছে স্বামীক যথাযথ গুৰুত্ব প্ৰদান কৰা। শাস্ত্ৰত এই কথা স্পষ্টকৈ উল্লেখ আছে যে যি স্ত্ৰী স্বামীৰ সকলো কথা মানি চলে সেই স্বামী আৰু স্ত্ৰী উভয় পৰম সৌভাগ্যবান। স্ত্ৰীৰ কৰ্তব্য স্বামীৰ আদেশ পালন কৰা আৰু স্বামীৰ ভুলখিনিকো শান্ত স্বভাৱৰ দ্বাৰা উনুকিয়াই দিয়া।
স্বামী স্ত্ৰীৰ সাত জন্মৰ সম্পৰ্কৰ সত্য ৰহস্য ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰি পঢ়ক এই অমৃত বাণী
নিজৰ স্ত্ৰীক মাৰপিত কৰিলে কি হয় ? – গৰুড় পুৰাণ অমৃত বাণী ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰি পঢ়ক এই অমৃত বাণী
ষষ্ঠ গুণ যি কোৱা হয় সেয়া মায়া আৰু মমতা; যি নাৰী পৰ উপকাৰী আৰু দান ধ্যানত গুৰুত্ব প্ৰদানকাৰী, যি নাৰীয়ে শিশুক ভাল পাই আৰু মৰম কৰে, বয়োজ্যেষ্ঠ জনক শ্ৰদ্ধা কৰে, যি নাৰী ধৰ্ম আৰু কৰ্মত নিষ্ঠা পৰায়ন হয় তেনে নাৰীক জীৱন সংগিনী হিচাপে পোৱা ভাগ্যৰ বিষয়।
আৰু শেষত যি গুণৰ কথা কোৱা হৈছে সেয়া হৈছে সততা আৰু এই গুণ অকল স্ত্রীৰে নহয় পুৰুষৰো সমানে থকা দৰকাৰী। যিকোনো সম্পৰ্কৰ মাজত সততা আৰু বিশ্বাসৰ অভাৱ হলে সেই সম্পৰ্ক, সেই সংসাৰ আৰু সেই গৃহপৰিয়াল তিক্ততাৰে ভৰপূৰ হৈ পৰে। বিপৰীতে যি নাৰী পুৰুষৰ এই মহান গুণ থাকে তেওঁলোকে যিমানেই বিপদ নহওঁক সেইবোৰ অনায়াসে চম্ভালি লব পাৰে। আৰু সেই সংসাৰ অমৃত সম মধুময় হৈ পৰে।
POPULAR ASSAMESE VIDEO