আমি সকলোৱে বহুবাৰ শুনিছোঁ যে আমাৰ লগত যি ভালবেয়া হৈ আছে সেয়া সকলো ভগৱানে দেখি আছে , আৰু সকলো বেয়া বা আমাৰ দুখ দুৰ্গতি এদিন ভগৱানে মষিমূৰ কৰে। আৰু বহুজনে কোৱা শুনিছোঁ যে নিজৰ কৰ্ম কৰি গৈ থকা দৰকাৰী বাকী ঈশ্বৰৰ হাতত এৰি দিব লাগে। কিন্তু এই সংসাৰত জীৱনে আমাক কেতিয়াবা এনে পৰিস্থিতি কিছুমানৰ সন্মুখীন হ’বলৈ বাধ্য কৰাই, আমি তেতিয়া একো বুজিব নোৱাৰা হৈ পৰো আৰু চিন্তা কৰি বহি থাকোঁ যে আমাৰ সৈতে কিয় এনেকুৱা হ’ল ! অকল সেয়াই নহয় কেতিয়াবা আমি ইমান বেছি সমস্যাৰ সন্মুখীন হৈ পৰো যে আমি বহুজনে আনকি ভগৱানৰ ওপৰত বিশ্বাস হেৰুৱাই দিওঁ বা দিবলৈ আৰম্ভ কৰোঁ।
আচলতে এনে হোৱাৰ মূল কাৰণ হৈছে যে এই পৃথিৱীত যি কিছুমান বিষয় সদায় ঈশ্বৰৰ ওপৰত এৰি দিয়া উচিত, সেইবোৰো আমি মানুহে নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰো। আৰু সেইবাবেই হয়তো মানুহে নিজে কল্পনা নকৰা ঘটনা কিছুমান মানুহৰ জীৱনত ঘটে। উদাহৰণ স্বৰূপে , যেতিয়া আমাৰ খুব প্রিয় আৰু আপোন মানুহজন হঠাৎ এই সংসাৰ এৰি গুচি যায় নাইবা যাক আমি সন্মান কৰো, ভাল পাওঁ , যাৰ পৰা আমি কেতিয়াও বেয়া ব্যৱহাৰ পোৱাৰ আশা নকৰো , তেওঁ যেতিয়া আমাক অপমান কৰে বা আমাক এৰি যাব খোজে সেই পৰিস্থিতি আমাৰ বাবে খুব বেদনাদায়ক হৈ পৰে। অকল সেয়াই নহয় জীৱন ৰূপৰ এই যাত্ৰাত আমাৰ জীৱনত বিভিন্ন বিষয় , বিভিন্ন সন্ধিক্ষণত এনে কিছু ঘটনা ঘটি যায় যাৰ ফলত আমি ভাবো যে আমাৰ জীৱনৰ কোনো মূল্য নাই , আমি বিফল ইত্যাদি আদি।
এনে পৰিস্থিতি সকলো মানুহৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা আহে আৰু তেনে পৰিস্থিতিত আমি যেতিয়া একো কৰিব নোৱাৰো বা কৰিবলৈ আমাৰ একো নাথাকে তেতিয়া গীতাত উল্লেখিত এটি কথা মনত ৰখা দৰকাৰী । ভগৱান শ্ৰীকৃষ্ণই গীতাৰ নৱম অধ্যায়ৰ ২২ নং শ্লোকত কৈছে , ” যি ব্যক্তিয়ে সকলো অৱস্থাত অনন্য চিত্তে আমাৰ ধ্যানত মগ্ন হয় আৰু পৰিপূৰ্ণ ভক্তিৰে যিয়ে আমাৰ উপাসনা কৰে তেওঁৰ সমস্ত অপ্ৰাপ্য বস্তু আমি বহন কৰোঁ লগতে তেওঁৰ প্ৰাপ্য বস্তুৰ সংৰক্ষণ কৰো ; সময়ত সেই বস্তু তেওঁক ওভতাই দিওঁ যিসমূহ তেওঁৰ প্ৰাপ্য”। আৰু এই কাৰণেই আমাৰ বেয়া সময়ত আমি আমাৰ পৰমাত্মাৰ ওপৰত বিশ্বাস কৰা অতি দৰকাৰী । কিন্তু বহু সময়ত বহু মানুহৰ বাবে এই বিষয় সম্ভৱ হৈ নুঠে কাৰণ মানুহৰ জীৱনত যেতিয়া সকলোবোৰ ভাল হৈ থাকে তেতিয়া তেওঁ তাৰ ওপৰত এনেদৰে মগ্ন হৈ থাকে যে তেওঁ ইফালে সিফালে অইন বিষয়সমূহ লক্ষ্য কৰিবলৈ পাহৰি যায়। কিন্তু যেতিয়া মানুহৰ সৈতে এনে কিছুমান ঘটনা ঘটে যি কথা তেওঁ কেতিয়াও ভবাই নাছিল তেতিয়া মানুহ বিচলিত হৈ পৰে আৰু সেই সময়ত মানুহ পথভ্ৰষ্ট হয় , অকল সেয়াই নহয় বহু মানুহ এনে কিছুমান পৰিস্থিতিৰ চিকাৰ হয় যাৰ বাবে তেওঁ তেওঁৰ নিয়তিক দোষ দিয়ে ।
কিন্তু তেনে কৰা অনুচিত কাৰণ যি হৈ থাকে বা ঘটি থাকে তাৰ পিছত নিশ্চয় কিবা নহয় কিবা উদ্দেশ্য থাকে, কোনো নহয় কোনো কৰ্মৰ ফলত ব্যক্তিৰ জীৱনৰ সমস্ত ঘটনা সংঘটিত হয়। জন্মৰ পৰা মৃত্যু পৰ্যন্ত মানুহে যিসমূহ মান, সন্মান, খ্যাতি, যশ পাবলৈ বিচাৰে তাতে তেওঁৰ কৰ্মৰ যিমান ভূমিকা থাকে তাতোকৈ বেছি ভূমিকা থাকে বিধাতাৰ । বিধাতাৰ ইচ্ছা অনুযায়ী যথাৰ্থ সময়ত মানুহে নিজৰ কৰ্ম অনুযায়ী লাভ, লোকচান ভোগ কৰে ; মান, সন্মান, যশ , অপমান ভোগ কৰে । লগতে জন্ম, মৃত্যু আদি মানুহৰ হাতত নাথাকে ।
জীৱন থাকিলে সুখ আৰু দুখ উভয়বিধ থাকিব আৰু উভয়কে সমানে গ্ৰহণ কৰা প্ৰয়োজন। সেয়ে ভগৱান শ্ৰীকৃষ্ণই গীতৰ দ্বিতীয় অধ্যায়ৰ ১৪ নং শ্লোকত উল্লেখ কৰিছে, ” মানুহৰ সুখ আৰু দুখৰ অনুভৱ মানুহৰ ইন্দ্ৰিয়ৰ পৰা নিৰ্গত হয়, এইবোৰ প্ৰকৃতিৰ অৱয়ব বোৰৰ দৰে অৰ্থাৎ এই সুখ আৰু দুখ গোটেই জীৱনত কেতিয়াও নাথাকে” । সেইকাৰণে সুখ আৰু দুখ যিমানে নহওঁক কিয় , সেয়া সমানে সন্মুখীন হোৱা আৰু তাক গ্ৰহণ কৰি লোৱা দৰকাৰী।
এইটোও দেখা যায় যে মানুহে বহু কৰ্মৰ ফল তাৎক্ষণিক ভাৱে পায় আৰু বহু কৰ্মৰ ফল পাবলৈ বহু সময়ৰ প্ৰয়োজন হয় ; কিয় এনে হয় তাৰ উত্তৰো গীতাত খুব সুন্দৰকৈ বৰ্ণিত আছে। শ্ৰীমদ্ভাগবত গীতা অনুসৰি বহু এনে কৰ্ম আছে যিসমূহৰ ফল নিশ্চয়কৈ পোৱা যায় কিন্তু কিছুমান কৰ্মৰ ফল মানুহে এই জনমত ভোগ কৰিবলৈ নাপায় ; সেইকাৰণে সেই কৰ্মৰ ফল ভোগ কৰিবলৈ মানুহৰ পুনৰজনম হয়। কিন্তু কৰ্মৰ এই সিদ্ধান্ত সকলো সময়তে বিৰাজমান থাকে, পাপ কৰ্ম অথবা পূণ্য কৰ্ম যিয়ে নহওঁক কিয় কৰ্মৰ ফল সর্বদা ব্যক্তিৰ প্ৰাপ্ত হ’বই। উদাহৰণ স্বৰূপে কাৰোবাৰ পেট বিষ কৰিছে আৰু তেওঁ দৰৱ সেৱন কৰি দিয়াৰ পিছত লাহে লাহে দুই এক ঘণ্টা পিছত পেট বিষ কমিছে , তেন্তে বুজা যাব যে তেওঁ কৰ্মৰ ফল লগে লগে পালে আৰু কিন্ত যদি কোনোবাই কাৰোবাক অন্যায় কৰিছে নাইবা বেয়া ব্যৱহাৰ কৰিছে , এইটো খুব জৰুৰী নহয় যে বেয়া ব্যৱহাৰ কৰা জনে তেওঁৰ কৰ্মৰ ফল লগে লগে ভোগ কৰিব , সেয়া দুই এক মাহ নাইবা কিছু বছৰো লাগিব পাৰে কিন্ত এইটো নিশ্চিত যে তেওঁ অপকৰ্মৰ ফল ভোগ কৰিবই।
কোন ঘৰত ঈশ্বৰে কন্যা সন্তান জন্ম দিয়ে – শ্ৰীকৃষ্ণ বাণী। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
কাৰণ ঈশ্বৰে সকলো দেখি থাকে, কোনোবাই যদি আপোনাক সদায় বিশ্বাসঘাটকতা কৰি থাকে নাইবা কোনো কাৰণ নোহোৱাকৈ আপোনাক বাৰ বাৰ অপমান কৰে আৰু আপুনি হাজাৰ চেষ্টা কৰিও তাৰ প্ৰতিকাৰ পোৱা নাই তেন্তে সেই বিষয় আপুনি ঈশ্বৰৰ ওচৰত এৰি দিয়ক কিয়নো যেতিয়া ভগৱানে ন্যায় দিয়ে তেতিয়া সেই কথা গোটেই পৃথিৱীয়ে দেখিবলৈ পায়। তাৰ উপৰিও বহু কষ্টৰ পিছতো যদি কৰ্মৰ কোনো আশানুৰূপ ফল পোৱা নাই সেই বিষয়টোও ভগৱানৰ ওচৰত এৰি দিয়ক কিয়নো ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ্ভাগবতৰ দ্বিতীয় অধ্যায়ৰ ৪৭ নং শ্লোকত কৈছিল, ” মানুহৰ অধিকাৰ মাত্ৰ কৰ্মত, কৰ্মফলত নহয় ; কৰ্মফলৰ আশংকা লৈ কৰ্ম কৰা যেনেকৈ মানুহৰ কৰ্তব্য নহয় তেনেকৈ কৰ্মৰ পৰা বিৰত থকা মানুহৰ কৰ্তব্য নহয়”।