truth makes you noble

এটি ৰাতি বেশ্যাৰ সৈতে পাৰ কৰাৰ পৰিনাম ? কি হৈছিল তাৰ পিছত ?

আজিৰ পৰা প্ৰায় ২৪০০ বছৰ আগতে ভগৱান গৌতম বুদ্ধই সমগ্ৰ ভাৰতবৰ্ষ ঘূৰি ঘূৰি বৌদ্ধ ধৰ্ম আৰু সংস্কৃতি প্ৰচাৰ কৰি ফুৰিছিল। যিসময়ত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত বহুত ধাৰাসাৰ বৃষ্টি হৈছিল ; আৰু সেই সময়ৰ এটি নিশা এনে এটি ঘটনা ঘটিছিল যিটো আজি কব খোজা হৈছে,,

gautam-budha-great-thinking-for-human-lifegautam-budha-great-thinking-for-human-life

ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ঠাইত এবাৰ বুদ্ধ আৰু তেওঁৰ শিষ্য সন্ন্যাসী সমূহ ধাৰাসাৰ আৰু নেৰানেপেৰা বৰষুণৰ বাবে আবদ্ধ হৈ পৰিছিল আৰু সেইবাবে তেওঁলোকে আগবাঢ়ি নগৈ সেই ঠাইতে কিছুদিন থাকিবৰ সিদ্ধান্ত লৈছিল , কিয়নো বৰষুণৰ ফলত জংঘলৰ পথেদি চলাচল কৰা খুবেই বিপদজনক আছিল আৰু কেইবাজনো সন্ন্যাসী নৰীয়া হৈ পৰিছিল। সেয়ে তেওঁলোকে বাৰিষাৰ দুই আঢ়ৈ মাহ সময় সেই ঠাইতে থাকিবলৈ সিদ্ধান্ত লৈছিল।

একে ঠাইতে বহুদিন থাকিব লগীয়া হোৱা বাবে সন্ন্যাসী সকল খাদ্য সংকটত পৰিছিল। সেয়ে সেই ঠাইত থকাৰ সময়ত সন্ন্যাসী সকলে নিকটৱৰ্তী গাঁও আৰু নগৰ সমূহলৈ ভিক্ষা কৰিবলৈ গৈছিল দিনৰ ভাগত । এনেদৰে নগৰ আৰু গাঁৱলৈ যাওঁতে এদিন গৌতম বুদ্ধৰ ডাঙৰ ককায়েক আনন্দ তীৰ্থৰ সৈতে এগৰাকী বেশ্যাৰ সাক্ষাৎ হৈছিল, যিয়ে আনন্দ তীৰ্থক খুব আনন্দ মনে ভিক্ষা দিছিল । সেই বেশ্যা মহিলা আনন্দ তীৰ্থৰ প্ৰতি আকৰ্ষিত হৈছিল তেওঁৰ ওখ আৰু সুন্দৰ সুঠাম চেহেৰা দেখি ; আৰু কথা কথাই মহিলা গৰাকীয়ে আনন্দ তীৰ্থক কৈছিল , ” সাধু সন্ন্যাসী সকলে হেনো থাকিবলৈ ঘৰ বিচাৰি আছে , আপুনি মোৰ ঘৰতে থাকিব পাৰিব, আপোনাৰ থকা খোৱাৰ সকলো ব্যৱস্থা আমাৰ ঘৰতে পাব।” লগে লগে আনন্দ তীৰ্থই কৈছিল, ” এই কথা মই গৌতম বুদ্ধৰ সতে আলোচনা কৰিব লাগিব আৰু তাৰ পিছত আপোনাক উত্তৰ দিব পাৰিম “। উত্তৰ শুনি সেই মহিলাই ব্যঙ্গ কৰি কৈছিল, ” ঠিক ঠিক, আপুনি আপোনাৰ গুৰুক সুধিব খুজিছে নহয় জানো, দিয়ক তাকেই কৰক “?

truth makes man perfecttruth makes man perfect

আশ্ৰমলৈ উভতি আনন্দ গৌতম বুদ্ধৰ সন্মুখলৈ গৈছিল আৰু ভীক্ষাৰ সামগ্ৰী সমূহ তেওঁৰ সন্মুখত আগবঢ়াই তেওঁৰ সৈতে সেই মহিলা গৰাকীৰ লগত হোৱা কথা বতৰা খিনি অৱগত কৰিছিল। সকলো কথা শুনাৰ পিছত গৌতম বুদ্ধই আনন্দ তীৰ্থক কৈছিল, ” যদিহে তোমাক সেই মহিলাই তেওঁৰ ঘৰত থাকিবলৈ আমন্ত্ৰণ কৰিছে তেনেহলে সেয়াই কৰা হওঁক, অৰ্থাৎ তুমি সেই মহিলাৰ আহ্বান ৰক্ষা কৰা উচিত “। বুদ্ধৰ কথা শুনি অইন সাধু সন্ন্যাসী সকলৰ খং উঠিছিল কিয়নো তেওঁলোকে জানিছিল যে সেই মহিলাগৰাকী এগৰাকী বেশ্যা , সেয়ে তেওঁলোকে বুদ্ধক প্ৰশ্ন কৰিছিল, ” প্ৰভু , আপুনি কেনেকৈ ইমান তললৈ নামিব পাৰে, আমি এই দিন দেখিবলৈহে বাকী আছিল নেকি , আমাৰ এই আধ্যাত্মিক প্ৰক্ৰিয়া সকলো ভুল নেকি , আপুনি এজন সন্ন্যাসীক এজনী বেশ্যাৰ সৈতে ৰাতি কটাবলৈ অনুমতি দিছে “!

কথা শুনি বুদ্ধই মূৰ ডাঙি চাইছিল আৰু কৈছিল, ” তোমালোকে কিয় ভয় কৰিছা, যি মহিলাই তেওঁক মাতিছে, তেওঁক তাতেই থাকিব দিয়া, তাতে কোনো সমস্যা নহয় , আধ্যাত্মিকতাৰ কোনো অপচয় নহয় “। কথা শুনি সন্ন্যাসী সকল বুদ্ধদেৱৰ কাষৰ পৰা কিছু দূৰলৈ গৈছিল। তাকে দেখি বুদ্ধদেৱে ডাঙৰকৈ কৈছিল, ” তোমালোকে কি বুজিবা, এয়াই হৈছে আমাৰ জীৱন যাপন কৰাৰ এক শক্তিশালী পদ্ধতি, আৰু তোমালোকে কৈছা মোৰ সিদ্ধান্ত সঠিক নহয় ; শুনা আমাৰ আধ্যাত্মিক শক্তিতকৈ যদি কাম বাসনা বেছি শক্তিশালী হয় তেনেহলে আমিও গৈ সেই পদ্ধতিকে পালন কৰিব লাগিব ; এজন সত্য সন্ন্যাসীয়ে তাকে কৰা উচিত , আমাৰ আধ্যাত্মিক শক্তিতকৈ যদি কিছু শ্ৰেষ্ঠ পোৱা যায় আমি তাকেই গ্ৰহণ কৰা উচিত “। বুদ্ধদেৱৰ কথাত সকলো সন্ন্যাসী আচৰিত হৈ পৰে আৰু আনন্দ তীৰ্থই বুদ্ধৰ অনুমতি লৈ মহিলা গৰাকীৰ ওচৰলৈ গমন কৰে।

home decoration tips

ধাৰাসাৰ বৰষুণৰ ফলত সেই সন্ধিয়া খুব ধাণ্ডা পৰিছিল পৰিবেশত ; লগতে আনন্দৰ দেহত খুব পাতল কাপোৰ পৰিধান কৰা দেখি আৰু আনন্দক ঠাণ্ডাত কপি থকা দেখি সেই মহিলাই আনন্দক গৰম পোছাক দিছিল পৰিধান কৰিবলৈ। আনন্দই ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ গৰম কাপোৰ খিনি পিন্ধি লৈছিল । তাকে দেখি মহিলা গৰাকীয়ে মনে মনে ভাবিছিল যে সন্ন্যাসীৰ হয়তো তাইৰ ৰূপত ইতিমধ্যে বুদ্ধি নষ্ট হৈ পৰিছে। মহিলা গৰাকীয়ে নিশা খাবলৈ খুব সুস্বাদু খাদ্য প্ৰস্তুত কৰিছিল আৰু আনন্দৰ সৈতে একেলগে গ্রহণ কৰিছিল। আহাৰ গ্ৰহণৰ পিছত মহিলা গৰাকীয়ে আনন্দৰ মন মুহিবলৈ নৃত্য কৰিছিল, আনন্দই নৃত্য উপভোগ কৰি গৈছিল । সংগীতৰ শব্দ শুনি মহিলাৰ ওচৰে পাজৰে থকা ঘৰ সমূহৰ মানুহে ভাবিছিল যে বেশ্যা গৰাকীৰ কাম বাসনাত পৰি সন্ন্যাসী আনন্দ পথভ্ৰষ্ট হ’ল , আনন্দ নিজৰ চৰিত্ৰৰ ফালৰ পৰা খুব তললৈ নামি গ’ল।

truth makes man perfect

লাহে লাহে বৰষুণ কমিল , ৰাতিপুৱা হ’ল আৰু আনন্দৰ আশ্ৰমলৈ উভতাৰ সময় হ’ল । আনন্দ আশ্ৰম গৈ পালে যদিও এইবাৰ তেওঁ অকলে নহয়, লগত আৰু এজন সন্ন্যাসী অৰ্থাৎ সেই বেশ্যা মহিলা গৰাকী সন্ন্যাসী ৰ বেশত আশ্ৰম পাইছিল আনন্দৰ সৈতে ; আৰু তেনেকৈ সেই বেশ্যা মহিলাই সত্যৰ পথৰ সন্ধান পাইছিল। ঘটনাক সাক্ষী কৰি আশ্ৰমৰ সন্ন্যাসী সকলে তলমূৰ কৰিছিল আৰু বুদ্ধদেৱে তৃপ্তিৰ হাঁহি মাৰিছিল।

বুদ্ধই কৈছিল, ” আৰু এয়াই হৈছে সত্য পথৰ শক্তি, যাৰ ফলত বেয়াতকৈ বেয়া মানুহ সত্যৰ সংস্পৰ্শলৈ আহি নিজকে শুদ্ধি কৰে , সত্যক আকোৱালি লয়”।

আমিও যদি সদায় সত্যৰ পথত খোজ দিওঁ আমাৰ সংস্পৰ্শলৈ আহিও বেয়া লোক ভাল হৈ পৰিব, যেনেদৰে পৰ’শ পাথৰৰ সংস্পৰ্শলৈ আহি লোহা সোনলৈ পৰিণত হয়। শেষত , সত্যৰ জয় হওঁক আকৌ, ধন্যবাদ।

POPULAR ASSAMESE VIDEO

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *