এজন চিকাৰীয়ে এদিন জংঘললৈ গৈছিল চৰাই ধৰিবলৈ কিয়নো তেওঁৰ জীৱিকাই হৈছে চৰাই ধৰি সেই চৰাইৰ মাংস বিক্ৰী কৰা। এনেতে ঘন জংঘলত এজোপা গছৰ ডালত এটি অদ্ভুত আৰু সুন্দৰ চৰাই জিৰণি লৈ থকা দেখিলে ; আৰু মনে মনে চিকাৰী জনে তাৰ চৰাই ধৰা ফান্দখন পাতি চৰাইজনীক বন্দী কৰিলে আৰু পিঞ্জৰাবদ্ধ কৰিলে। ভয়ত কম্পমান চৰাইজনী উপায়ন্তৰ হৈ চিকাৰীক কাকূটি মিনতি কৰিলে, ” তুমি মোক এৰি দিয়া , যদি তুমি বিচৰা তোমাক মই এটা ডাঙৰ লাভজনক দিহা দিব পাৰো , যাৰ দ্বাৰা তুমি মোৰ মাংস বিক্ৰী কৰি যিমান টকা পাবা তাতোকৈ অধিক লাভৰ মুখ দেখিবলৈ পাবা”। চিকাৰীয়ে অধিক লাভৰ মুখ দেখি চৰাইজনীৰ কথাত সঁহাৰি জনাই সুধিলে, ” তই কি দিহা দিবি মোক”। চৰাইজনীয়ে কলে, ” যদি তুমি মোক পিঞ্জৰাৰ পৰা মুকলি কৰি দিয়া মই তোমাক তিনিটা খুব গুৰুত্বপূৰ্ণ দিহা দিম যাৰ দ্বাৰা তুমি তোমাৰ জীৱন সাফল্যমণ্ডিত কৰিব পাৰিবা, তুমি আৰু এনেদৰে জংঘলে জংঘলে চিকাৰ কৰি কৰি ইমান কষ্টৰে ঘূৰি ফুৰিব নালাগে, তুমি অধিক অৰ্থ উপাৰ্জন কৰিব পাৰিবা, তোমাৰ জীৱন সুখৰ হৈ পৰিব”।
চিকাৰী সন্মত হ’ল কিয়নো তেওঁ জানিছিল যে চৰাইজনীৰ মাংস বিক্ৰী কৰি তেওঁ মাত্ৰ চাৰি পাচশ টকা পাব, কিন্তু যদি চৰাই জনীৰ উপদেশ বা দিহা সমূহ যদি মূল্যবান হয় আৰু তেওঁ কামত লগাব পাৰে তেতিয়া তেওঁ জীৱনত কিবা ডাঙৰ কিছু কৰিব পাৰিব। সেয়ে চিকাৰী জনে চৰাইজনীক পিঞ্জৰাৰ পৰা বাহিৰলৈ উলিয়াই দিবলৈ মান্তি হৈ দিহা পৰামৰ্শ কেইটি কবলৈ কলে। চৰাইজনীয়ে পিঞ্জৰাৰ ভিতৰৰ পৰা দিহা পৰামৰ্শ দিবলৈ অমান্তি হৈ কৈছিল যে তাই প্ৰথম দিহাটো দিব যেতিয়া তাই পিঞ্জৰাৰ পৰা মুক্ত হৈ উৰা মাৰিবলৈ পাৰিব, দ্বিতীয় দিহা দিব যেতিয়া তাই উৰি গৈ ডাঙৰ গছজোপাৰ ডালত আকৌ বহিব আৰু তৃতীয় উপদেশ দিব যেতিয়া তাই সেই গছজোপাৰ পৰা উৰি বহু ওপৰলৈ উৰি যাব। কথা শুনি লোভীয়া আৰু বুৰ্বক চিকাৰীয়ে চৰাইজনীক মুকলি কৰি দিছিল ততাতৈয়াকৈ । চৰাইজনীয়েও কথা অনুসৰি পিঞ্জৰাৰ পৰা মুক্ত হৈ উৰিবলৈ ধৰিলে আৰু তাইৰ প্ৰথম পৰামৰ্শটি দিবলৈ আৰম্ভ কৰিলে ১) অতীতত কৰা ভুল সমূহৰ বাবে অনুসূচনা কৰি, নিজকে যন্ত্ৰণা আৰু দুখ দি নাথাকিবা আৰু এইখিনি কৈ চৰাইজনী উৰি উৰি গছৰ ডালত বহিছিল আৰু কথামতে দ্বিতীয়টি দিহা দিবলৈ আৰম্ভণি কৰিছিল ২) এনেকুৱা কোনো কথাক বিশ্বাস নকৰিবা যিটো তোমাৰ common sense ৰ বিৰুদ্ধে গৈছে আৰু যিবোৰ কথাৰ নিজস্ব প্রমাণ নাথাকে। আৰু সেইখিনি কৈ চৰাইজনী গছৰ ডালৰ পৰা আকৌ উৰা মাৰিবলৈ ধৰিলে ।
তাকে দেখি চিকাৰী জনে খৰধৰকৈ কৈছিল ” হেৰৌ চৰাইজনী মোক তৃতীয় পৰামৰ্শটি নিদিয়াকৈ কত যোৱা”। চৰাইজনীয়ে হাঁহি হাঁহি কৈছিল, ” হেৰৌ, চিকাৰী বন্ধু তুমি হ’লা এজন মূৰ্খ লোক, মোৰ পেটত দুটি ডাঙৰ ডাঙৰ হীৰাৰ টুকুৰা আছে ; সেয়ে মোক সজাৰ পৰা মুকলি কৰি দিয়াৰ বিপৰীতে যদি তুমি মোক কাটি পেলালাহেঁতেন তেতিয়া কিন্তু এই হীৰাৰ টুকুৰা দুটি তোমাৰে হলহেঁতেন, আৰু মুহূৰ্ততে খুব ধনী মানুহ হিচাপে আত্মপ্ৰকাশ কৰিব পাৰিলাহেঁতেন” । তাকে শুনি চিকাৰী জনে অনুসূচনা কৰিবলৈ ললে, যন্ত্ৰণাত ভাগি পৰিলে, দুখ – কষ্ট আৰু নিজৰ ভুলৰ বাবে কান্দিবলৈ ললে আৰু নিজকে কৈ পেলাইছিল যে তেওঁ তেওঁৰ সেই বুৰ্বকীৰ কথা কেতিয়াও পাহৰিব নোৱাৰিব। চৰাইজনীয়ে চিকাৰীৰ সেই অৱস্থাটো দেখি খুব আনন্দ পাইছিল । কিছু দেৰি পিছত চিকাৰী জনে নিজকে সান্তনা দি চৰাইজনীক তাইৰ তৃতীয় পৰামৰ্শটি জনাবলৈ অনুৰোধ কৰিছিল।
চৰাইজনীয়ে উৰি উৰি কৈছিল, ” মই তোমাক পৰীক্ষা কৰিছিলো তুমি কি এতিয়াও বুজিব পৰা নাই, তুমি মোৰ প্ৰথম দুটি পৰামৰ্শই পালন নকৰিলা আৰু এতিয়া তৃতীয় পৰামৰ্শৰে কি কৰিবা “? চিকাৰীয়ে সুধিছিল, ” কি পৰীক্ষা “? চৰাইজনী উত্তৰ দিছিল, ” তুমি বৰ ভুল কৰি পেলাইছাঁ, প্ৰথম ভুল তুমি মোক সজাৰ পৰা মুকলি কৰি দি কৰিছা আৰু দ্বিতীয়তে মই হৈছোঁ এটি সৰু পক্ষী মোৰ পেটত কেনেকৈ দুটি ডাঙৰ হীৰাৰ টুকুৰা থাকিব পাৰিব যিটো কথা শুনি তুমি দুখ কৰিছা, অনুসূচনা কৰিছা ; তুমি মোৰ কথা অন্ধৰ দৰে বিশ্বাস কৰি পেলাইছাঁ যি কথাৰ কোনো সত্যতা নাই, সেয়ে কওঁ তোমাক ইচ্ছা কৰিলে সকলোৱে বুৰ্বক বনাব পাৰে , সেয়ে কলো যিহেতু তুমি মোৰ প্ৰথম দুটি পৰামৰ্শই কামত লগোৱা নাই বাকী তিনি নম্বৰ পৰামৰ্শটি কি কৰিবা মিছাকৈ মোৰ সময়হে নষ্ট হ’ব, মই আহোঁ”। তেতিয়া চিকাৰীয়ে নিজৰ ভুল বুজি পাইছিল আৰু পুনৰ তিনি নম্বৰ পৰামৰ্শটিৰ বাবে চৰাইজনীক অনুৰোধ কৰিলে। চৰাইজনীয়ে আৰম্ভ কৰিলে ৩) ” তুমি ইতিমধ্যে যিবোৰ ভাল কথা ভাল বিষয় অৱগত সেইবোৰ যদি নিজৰ জীৱনত , নিজৰ কামত প্ৰয়োগ নকৰা তেন্তে কিবা নতুন বিষয় বা কথা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ কোনো অৰ্থ নাথাকে”। এইখিনি কৈ চৰাইজনী উৰি গৈ আকাশমাৰ্গত নেদেখা হৈ পৰিল আৰু বুৰ্বক চিকাৰী চৰাইজনীৰ ফালে চাই ৰ’ল ।
কি কি বেয়া অভ্যাসে এজন পুৰুষক নিচ কৰি পেলায় জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
এই অভ্যাস সমূহে এজন পুৰুষক বহু নীচ কৰে ! সোনকালে বৰ্জন কৰা উচিত !
চৰাইজনীয়ে কোৱা সেই তিনিটা কথা আমি মানৱ জাতিৰ বাবে খুব দৰকাৰী। আমি সদায় ভুল কৰো , ভুল মানুহৰে হয় কিন্তু সেই ভুলৰ বাবে অতিৰিক্ত অনুসূচনা কৰি নিজৰ মাজত যন্ত্ৰণা বঢ়াই লব নালাগে, নিজকে শাস্তি দিব নালাগে যি কথা ইতিমধ্যে ঘটি গৈছে তাৰ বাবে ; ভুলৰ পৰা শিক্ষা লৈ আগবাঢ়ি যোৱা উত্তম, নিজৰ common sense ক নিজৰ কামত লগোৱা দৰকাৰী, কেতিয়াও কাৰো কথা অন্ধৰ দৰে বিশ্বাসত লব নালাগে কিয়নো মানুহৰ কথাত ভাল আৰু বেয়া বিভিন্ন ৰহস্য জড়িত হৈ থাকে কাৰণ সেই কথাই বিভিন্ন প্ৰকাৰে আপোনাক বিপদত পেলাব পাৰে। আৰু এটা কথা আপুনি যিসমূহ ভাল কথা বা ভাল বিষয় অৱগত হয় সেইসমূহ যদি নিজৰ জীৱনত প্ৰয়োগ নকৰে তেন্তে নতুনকৈ আৰু কিবা শিকাৰ প্ৰয়োজন একেবাৰে নাথাকে। জীৱনত তেতিয়াই বহু কিছু পাব যেতিয়া আপুনি আপোনাৰ ওচৰত থকা বিষয় আৰু বস্তুসমূহৰ সঠিক ব্যৱহাৰ কৰিব জানিব। মানুহ নিজৰ অভিজ্ঞতাৰ ফলতে সফল হয় আৰু অভিজ্ঞতা তেতিয়াহে হ’ব যেতিয়া তেওঁ কোনো বিষয় নিজে নিজৰ জীৱনত প্ৰয়োগ কৰিব জানিব। সকলোয়ে ভালে থাকক কুশল হওঁক সকলোৰে।
POPULAR ASSAMESE VIDEO