শাৰিৰীক আৰু মানসিক ভাৱে সকলোৱে সুস্থ্য থকা দৰকাৰী। কিন্তু নানান ধৰণৰ দুঃচিন্তাই মানুহৰ মানসিক ভাৰসাম্যক প্ৰভাৱিত কৰে যিয়ে দৈনন্দিন জীৱনত বেয়াকৈ প্ৰভাৱ পেলাই। প্ৰাপ্ত বয়স্ক লোকৰ দুঃচিন্তা আৰু উদ্বেগৰ লক্ষণ সমূহ সহজতে বুজিব পাৰি যদিও শিশুৰ মনৰ মাজত সৃষ্টি হোৱা উদ্বেগ আৰু দুঃচিন্তা বুজিবলৈ বৰ টান। লগতে শিশুৰ উদ্বেগ আৰু দুঃচিন্তাক সাধাৰণতে অভিভাৱক সকলে উপেক্ষা কৰে কিয়নো শিশুয়ে তেওঁলোকৰ অনুভূতি আৰু সমস্যা খিনি ভালদৰে প্ৰকাশ কৰিব নাজানে। তথাপিও শিশুৰ মাজত থকা উদ্বেগ সমূহ কিছুমান সাধাৰণ লক্ষণৰ দ্বাৰা স্বীকৃতি দিব নোৱাৰি ।
যিসকল শিশুৰ উদ্দীগ্নতা বা তেনে ধৰণৰ মানসিক দুঃচিন্তা আছে তেওঁলোক সাধাৰণ শিশুৰ তুলনাত সামাজিক ভাৱে পৃথক হৈ থাকিব বিচাৰে, সঘনাই মুৰৰ বিষ বিষ কৰিবলৈ আৰম্ভণি কৰে, আন শিশু সমূহৰ পৰা বিচ্ছিন্ন থাকিব বিচাৰে, খেলা ধূলাত মন নকৰে, অস্থিৰ হৈ থকাৰ দৰে আচৰণ কৰিব পাৰে , স্কুললৈ যাবৰ সময়ত কোনো ৰোগ হোৱাৰ ভাও ধৰা আদি ।
অভিভাৱক হিচাপে শিশুটিৰ উদ্বেগৰ কাৰণ আৰু উদ্দীগ্নতা বুজিবলৈ হলে শিশুৰ আচৰণ পৰ্যবেক্ষণ কৰিব লাগিব। শিশু এটিৰ পূৰ্ণ বিকাশৰ বাবে উদ্দীগ্নতাৰ পৰা শিশু এটিক নিশ্চিত ভাৱে দূৰৈত ৰাখিব লাগিব। আৰু তাৰ বাবে এজন অভিভাৱকে তেওঁৰ শিশুটিৰ উদ্দীগ্নতাৰ লক্ষণ সমূহ জানিব আৰু বুজিব লাগিব।
শিশুৰ উদ্দীগ্নতাৰ , দুঃচিন্তাৰ কাৰণ কি ?
শিশুৰ উদ্দীগ্নতাৰ কোনো নিৰ্দিষ্ট কাৰণ কব নোৱাৰি তথাপিও বংশগত ভাৱে বহু শিশুৰ মগজুত দুঃচিন্তাই বাঁহ লব পাৰে। মা দেউতা বা শিশুটিক পৰিচাৰ্য কৰা জনৰ উদ্দীগ্নতা আৰু দুঃচিন্তা থাকিলে শিশুৱে তাকে গ্ৰহণ কৰে আৰু লাহে লাহে তেওঁলোকৰ আচৰণত দুঃচিন্তা আহিবলৈ ধৰে। নিজে বিচৰা খিনি নাপালে, মা পিতাৰ মৰমৰ পৰা বঞ্চিত হ’লে বহু শিশু উদ্দীগ্ন হৈ পৰিব পাৰে। স্কুলৰ ৰিজাল্ট আৰু পঢ়া শুনাত অত্যাধিক হেঁচাৰ ফলটো শিশুৰ মনত দুঃচিন্তাই বাঁহ লব পাৰে।
শিশুৰ উদ্দীগ্নতা আৰু দুঃচিন্তাৰ লক্ষণ সমূহ কি ?
উদ্দীগ্নতা আৰু দুঃচিন্তাৰ ফলত শিশুৰ তিনি ধৰণৰ উপসৰ্গ দেখা দিব পাৰে শাৰীৰিক, মানসিক আৰু আচৰণগত। অকাৰণত শিশুৰ মুৰৰ বিষ, পেটৰ বিষ, অত্যাধিক ঘাম নিৰ্গত হোৱা, কম্পন অনুভৱ কৰা আদি শাৰীৰিক সমস্যা দেখা দিয়ে। শিশুয়ে বেছিকৈ কন্দাকাটি কৰা, বেছি সংবেদনশীল হোৱা, শিশুৰ বেছি আবেগিক প্ৰৱণতা, ভয়াতুৰ হোৱা আদি লক্ষণ বোৰ দেখিব পাৰে।
শিশু স্কুললৈ যাবলৈ অস্বীকাৰ কৰা, সৰু বিষয় এটিৰ ওপৰতে নানান প্ৰশ্ন কৰি থকা , অকলে থাকিবলৈ পচন্দ কৰা, হঠাতে সৰু সৰু কথাত খঙাল হৈ পৰা আদি হৈছে মানসিক লক্ষণ।
অভিভাৱকৰ দায়িত্ব :- যেতিয়া শিশু এটিৰ উদ্দীগ্নতাৰ শাৰীৰিক আৰু মানসিক লক্ষণ সমূহ গুৰুতৰ হয় তেতিয়া শিশুটিৰ আচৰণত ব্যাপক পৰিৱৰ্তন আহে আৰু তেতিয়াই পলম নকৰি এজন বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত । লগতে অভিভাৱকে শিশুটিক সৰ্বাধিক উৎসাহ প্ৰদান কৰা আৰু শিশুটিৰ জীৱন যাত্ৰাত প্ৰয়োজনীয় পৰিবৰ্তন সাধিবলৈ যত্নপৰ হ’ব লাগিব।
POPULAR ASSAMESE VIDEO