excellent parenting tips

সন্তান জন্মৰ পিছত মা পিতাৰ মাজত এইসমূহ কাৰণতে সংঘাত হয় ! সাৱধান।

 সন্তানক উচিত শিক্ষা দি ডাঙৰ দীঘল কৰি তোলা মা দেউতা উভয়ৰে দায়িত্ব। সন্তানক নজৰ দিয়া, সন্তানৰ সৈতে ওমলা, সন্তানৰ সকলো প্ৰয়োজন পূৰণ কৰাৰ উপৰিও ঘৰৰ কাম কাজ কৰা এই সকলো বোৰ একে সময়তে সুচাৰুভাৱে আগবঢ়াই নিয়া মা পিতাৰ বাবে ইমান সহাজো নহয় যদিও দূৰৈৰ পৰা সৰু কথা যেন লাগে।

Behaves that should be avoided by parents in front of their child

যদি পিতৃ মাতৃ উভয়ে কাম বিলাক ভাগ কৰি লয় তেতিয়া সহজ হৈ পৰে , বিপৰীতে যদি সকলো দায়িত্ব অকল এজনৰ ওপৰতে পৰে তেতিয়া কিন্তু সমস্যা আহে। মা পিতাই সকলো খিনি দিবলৈ চেষ্টা কৰে সন্তানক আৰু সেই খিনিতে কেতিয়াবা মত পাৰ্থক্য আহি পৰে পিতৃ মাতৃৰ যে সন্তানক কোনটো দিয়া উচিত হ’ব আৰু উচিত নহ’ব। সন্তান জন্মৰ পিছত মা দেউতাৰ মাজত এনে ধৰণৰ আৰু আন বহুতো কথাত মত পাৰ্থক্য আহি পৰে।

how do you know that your child is genius

১) সন্তানক শাস্তি দিয়া :- সন্তানে দোষ কৰিলে, অন্যায় কৰিলে শাস্তি দিয়া প্ৰয়োজন । কিন্তু শাস্তি মানেই মাৰধৰ কৰা, গালি গালাজ কৰা সেয়াই হ’ব নালাগে, অন্য ধৰণেও শাস্তি প্ৰদান কৰিব পাৰি লগতে সন্তানক শাস্তি দিয়া নিদিয়াক লৈ ভিন্ন মতামত থাকিব পাৰে মা পিতাৰ। আকৌ মা পিতাৰ এজনে ভাৱে যে প্ৰথম ভুলৰ বাবে ক্ষমা কৰি দিয়া ভাল আৰু আনজনে ভাবিব পাৰে যে প্ৰথম ভুলটো কৰোঁতেই শাস্তি নিদিলে ভৱিষ্যতে আৰু বেছি ভুল কৰিব পাৰে সন্তানে। আৰু এই লৈ মতভেদ সদায়ে থাকে সন্তানৰ।

Behaves that should be avoided by parents in front of their childhow to stop nail biting habit of child

২) সন্তানক টকা দিয়া :- অকণমান ডাঙৰ হৈ উঠিলেই হাত খৰছৰ প্ৰয়োজন হৈ পৰে লৰা ছোৱালীৰ। কিন্তু কিমান টকা দিয়া উচিত, কিমান টকা দিয়া প্ৰয়োজন সেই লৈ মতভেদ আহি থাকে মা দেউতাৰ বহু ক্ষেত্ৰত কিয়নো এই বিষয়ত বহু মা পিতা একমত হব নোৱাৰে। সকলো মা দেউতাই নিজৰ সন্তানক সুখ আৰু আনন্দত ৰাখিবলৈ যত্ন কৰে, কিন্তু হাতত অতিৰিক্ত টকা পোৱাৰ পিছত বহু সন্তানৰ স্বভাৱ নষ্ট হোৱা পৰিলক্ষিত হয়। সেয়ে মা দেউতাৰ ভিতৰত এজনে সদায়ে মন কৰে যাতে সন্তানৰ হাতত বেছি টকা গুচি নাযায় আৰু আনজনে মনোযোগ দিয়ে সন্তানৰ ইচ্ছা পুৰণ কৰিবলৈ। এতেকে মা পিতাৰ মাজত আহি যায় গৃহদণ্ড।

how to stop nail biting habit of childhow to stop nail biting habit of child

৩) সন্তানৰ খোৱা খাদ্য :- বহু পৰিয়ালত সন্তানে কি খাব তাকেলৈ খেলিমেলি হয়, অশান্তি আহে। উদাহৰণ স্বৰূপে দেউতাই ভাবিছে সন্তানে যি মন কৰে খাওক কোনো খাদ্যৰ বাবে সন্তানক বাধা দিয়াৰ প্ৰয়োজন নাই, ইফালে মাতৃয়ে ভাবিছে যে সন্তানে সকলো সময়তে পুষ্টিকৰ আৰু স্বাস্থ্যকৰ খাদ্য খাওক ; তেনে পৰিস্থিতিত সন্তানক পিতৃয়ে junk food খুৱালে মাতৃৰ সৈতে পিতৃৰ মতানৈক্য আহিবই।

Few tips to control and manage your abuse child

৪) সন্তানৰ শিক্ষা :- সকলো মা পিতাই সামৰ্থ্য অনুসৰি নিজৰ সন্তানক ভাল শিক্ষা দিবলৈ বিচাৰে।আৰু এই বিষয়টোতে মা দেউতাৰ মতানৈক্য আহি যায় বেছিকৈ। কেতিয়াবা এনেও হয় যে মা দেউতাৰ এজনে সন্তানক ঐতিহ্য আৰু সংস্কৃতিৰে জড়িত পাঠ্যক্ৰমৰে শিক্ষিত কৰিব বিচাৰে আৰু আনজনে সন্তানক আধুনিক শিক্ষাৰে । আনকি বহু পিতৃ মাতৃৰ স্কুল বাচনিৰ ক্ষেত্ৰত উদয় হয় মতানৈক্য । কোনোৱে বিজ্ঞান শাখাত ভৰ্তি কৰিব আৰু আনজনে বিচাৰে বাণিজ্য শাখাত। মুঠতে নানান ধৰণৰ গৃহদণ্ড।

অভিভাৱক হিচাপে সন্তানৰ সন্মুখত কি আচৰণ কৰা অনুচিত জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

পিতৃ মাতৃয়ে এই 4 টা কাম আৰু আচৰণ সন্তানৰ সন্মুখত কেতিয়াও নকৰিব !

পিতৃ মাতৃৰ বাবে পৰামৰ্শ :- আপোনাৰ পৰিয়ালতো যদি এনে ধৰণৰ বিষয় সমূহৰ বাবে মতানৈক্য আহি থাকে তেন্তে মনত ৰাখিব মতানৈক্য আৰু ভেদাভেদৰ দ্বাৰা সমস্যা বাঢ়ে সেয়ে এই বিষয়বোৰত পৰস্পৰ বুজাবুজিৰ প্ৰয়োজন। সন্তানৰ প্ৰতি মা পিতাৰ সমানে অধিকাৰ আৰু দায়িত্ব থাকে সেয়ে এই বিষয় সমূহত মতভেদ নকৰি মুখামুখি কৈ বহি লৈ আলোচনা কৰা উচিত। সন্তানৰ বাবে কি ভাল হ’ব সেয়া আলোচনাৰ দ্বাৰা নিৰ্ণয় কৰক দণ্ডৰে নহয়, লাগিলে অভিজ্ঞ জনৰ পৰামৰ্শ গ্ৰহণ কৰক।

POPULAR ASSAMESE COMEDY

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *