Reasons for enjoying extra marital affairs by man

কাষত ধুনীয়া স্ত্ৰী থকাৰ পিছতো পৰকীয়া প্ৰেমত পৰে কিয় বহু পুৰুষ ?

   আজি কালি সঘনাই শুনা যায় সম্পৰ্কৰ বিচ্ছেদৰ বাতৰি, নিজে চিনি পোৱা মানুহৰ মাজতো দেখা পোৱা যায় এনে ধৰণৰ বহু সম্পৰ্ক বিচ্ছেদৰ কথা। সম্পৰ্কৰ প্ৰতি খুব সোনকালে আস্থা হেৰুৱাই আজিৰ বহু যুগলবন্দীয়ে , ফলত সম্পৰ্ক বিচ্ছেদ হৈ পৰে শেষ পৰিনীতি , আৰু কাৰণ বিচাৰে যদি পাব এজন সংগীয়ে আনজনক ঠগিছে বা প্ৰতাৰণা কৰিছে। বিবাহিত স্বামী স্ত্ৰীৰ ক্ষেত্ৰত এনে বিবাহ বহিৰ্ভূত সম্পর্কৰ বাবে প্ৰথমে সংসাৰত লাগে নানান খেলিমেলি আৰু শেষত বিচ্ছেদ আৰু তাৰ পিছত মানসিক অশান্তি। এতিয়া প্ৰশ্ন হ’ল কিয় হবলৈ পায় এনে ঘটনা ? দীৰ্ঘদিন সম্পৰ্কৰ পিছতো স্বামীয়ে কিয় কৰে নিজৰ পত্নীক প্ৰতাৰণা ? ঘৰত সুন্দৰী স্ত্ৰী থকাৰ পিছতো কিয় স্বামী অইন মহিলাৰ সৈতে সম্পৰ্কত লিপ্ত হৈ পৰে ? সঁচাই চিন্তনীয় বিষয় নহয়নে !

Reasons for enjoying extra marital affairs by man

আচলতে এনে হোৱাৰ কাৰণ সমূহ বিচাৰ কৰাৰ খুবেই দৰকাৰী হৈ পৰিছে , অকল পুৰুষৰে এই প্ৰবঞ্চনা কৰাৰ প্ৰৱণতা বেছি কিয় হৈছে তাকো গৱেষণাৰ আওতালৈ অনাৰ প্ৰয়োজন হৈ পৰিছে।

মানসিক ৰোগ বিশেষজ্ঞ সকলৰ মতে মানুহ স্বভাৱত বহুগামী ( polygamous) । আদিম যুগত মানুহে পশুৰ দৰেই আচৰণ কৰিছিল কিন্তু লাহে লাহে যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ স্বভাৱ পৰিৱৰ্তন হৈ পৰিছে লগতে মানুহৰ মস্তিষ্ক উন্নতমানৰ হৈ আহিছে। মস্তিষ্কৰ উন্নতিকৰণৰ বাবেই আদিম যুগৰ লোক আৰু বৰ্তমান যুগৰ মানুহৰ মাজত চিন্তাধাৰা আৰু আচাৰ ব্যৱহাৰৰ যথেষ্ট প্ৰভেদ দেখা যায়।

Reasons for enjoying extra marital affairs by man

মানুহৰ মস্তিষ্কৰ সন্মুখৰ অংশটি হৈছে পৃ ফ্ৰন্টেল কৰ্টেক্স ( pre frontal cortex) যৰ পৰা মানুহৰ নীতিবোধ নিয়ন্ত্ৰণ হয়, এই অংশই মানুহৰ বিচক্ষণতা আৰু মূল্যবোধ নিয়ন্ত্ৰণ কৰে ; আৰু সেইবাবেই আজিকালি মানুহে মানুহৰ সৈতে, নিজৰ সংগীৰ সৈতে loyal ভাৱে থাকিবলৈ শিকে, এজন সংগীৰ সৈতে গোটেই জীৱন কটাবলৈ সক্ষম হয়। কিন্তু মানুহৰ যেতিয়া বিচক্ষণতাৰ অভাৱ ঘটে তেতিয়া প্ৰাকৃতিক চৰিত্ৰই মানুহক dominate কৰে আৰু তাৰ ফলত কোনো মুহূৰ্তত মানুহ অইন কাৰোবাৰ প্ৰতি দুৰ্বল হৈ পৰিবলৈ বাধ্য হয়, নিজৰ সংগীক প্ৰতাৰণা কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈ পৰে। সেয়ে মনোবিজ্ঞানীৰ ভাষ্য অনুসৰি মানুহে সংগীক প্ৰতাৰণা কৰিব নে সম্পৰ্কত loyal থাকিব সেয়া নিৰ্ভৰ কৰে ব্যক্তিৰ নিজৰ ওপৰতে। অকল পুৰুষে নহয় মহিলা সকলো সমানে দৌৰিছে এই প্ৰতিযোগিতাত। গৱেষণা অনুসৰি মানুহে সম্পর্কত নিজৰ বিচক্ষণতা হেৰুৱাই পেলোৱাৰ ঘাই কাৰণ সমূহ হৈছে :-

Reasons for enjoying extra marital affairs by man

১) তাৎক্ষণিক পৰিতৃপ্তি :- বহু মানুহে খুব তাৎক্ষণিক পৰিতৃপ্তি পাব বিচাৰে। কিন্তু এই বিষয়টি অত্যন্ত বেয়া কাৰণ যিটো সম্পর্কত মানুহে বেছিকৈ যত্ন লোৱা দৰকাৰী তাৰ যত্ন নলৈ ক্ষন্তেকীয়া আৰু তাৎক্ষণিক শাৰিৰীক আৰু মানসিক পৰিতৃপ্তি বিচাৰি ফুৰে বহু মানুহ, যেনেদৰে ৰন্ধা বঢ়া কৰি খোৱাৰ পৰিবৰ্তে ইনষ্টেণ্ড ফুড ( instant food) গ্ৰহণ কৰি মানুহে অনেক পৰিতৃপ্তি লভে কিয়নো তাতে পৰিশ্ৰম কম ; কিন্তু সেয়া হৈছে সৰ্বনাশী বীজ। কিয়নো এই অভ্যাস যি এবাৰ আৰম্ভণি হয় সি স্বভাৱলৈ পৰিৱৰ্তন হৈ পৰি এক মিঠা বিষৰ দৰে শিপাই ব্যক্তিজনৰ দেহত।

২) সম্পর্কত সময়ৰ অভাৱ :- দাম্পত্য জীৱন খুব সুচাৰুভাৱে আগবঢ়াই নিয়া সকলো লোকৰ বাবে সম্ভৱপৰ নহয়। প্ৰথমে যেতিয়া দুজন মানুহ দুজনৰ প্ৰতি আকৰ্ষিত হয় , বিজ্ঞানসন্মত ভাৱে কবলৈ গলে সেই সময়ত দুয়োৰে দুয়োৰ প্ৰতি জাগ্ৰত অনুভৱ অনুভূতি সমূহ নিয়ন্ত্ৰণ হয় এড্ৰিনেলীন ( adrenalin hormone) নামৰ ৰাসায়নিক দ্ৰৱ্য বিধৰ দ্বাৰা। কিন্তু সেই দশা অৰ্থাৎ stage বেছি দিন নাথাকে ; ফলত ইজনে আনজনৰ প্ৰতি আকৰ্ষণ কিছু হলেও হ্ৰাস হৈ পৰে ।

Reasons for enjoying extra marital affairs by man
সেয়ে দাম্পত্য জীৱন মজবুত কৰি ৰখাৰ বাবে উভয় পক্ষৰ ফালৰ পৰা আকৰ্ষণ সমূহ সমানে ৰাখিবলৈ কিছু নিজা যত্নৰ প্ৰয়োজন। কিন্তু আজিৰ পৃথিৱী বহুজনৰ বাবে অভাৱ জৰ্জৰ হোৱাৰ উপৰিও বহু মানুহ উচ্চ আকাংশী হয়, যাৰ বাবে বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ পৰা প্ৰত্যাশা কৰা সকলো বস্তু সিজনে পূৰণ কৰিব নোৱাৰে। আৰু এই জটিল সন্ধিক্ষণত আত্মহাৰা হৈ ইজনে সিজনক গুৰুত্ব দিয়াৰ পৰিবৰ্তে বহু পুৰুষে মগ্ন হয় তাৎক্ষণিক পৰিতৃপ্তিত। আৰু এয়া বেছিকৈ হয় সেইখিনি লোকৰ মাজত যাৰ মূল্যবোধৰ শিক্ষা নাথাকে বা প্ৰমূল্যবোধ অতি নগণ্য ; যিয়ে সন্মান হানিক সংকোচ নকৰে আৰু যাৰ লাজ অতি নগণ্য। আৰু এই মূল্যবোধ বিষয়টি মানুহৰ বাল্য জীৱনৰ পৰা গঢ়ি উঠে , গঢ়ি উঠে নিজৰ পৰিয়ালৰ ৰীতি নীতি – পৰম্পৰা আৰু চাৰিত্ৰবোধৰ মাজেৰে ।

TRUE AND HEALTHY FAMILY BONDING BETWEEN WIFE AND HUSBAND TIPS

নাৰীৰ প্ৰতি দুৰ্বলতা আৰু কাম বাসনাক কেনেকৈ নিজৰ নিয়ন্ত্ৰণত ৰাখিব জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

নাৰীৰ প্ৰতি দুৰ্বলতা , কাম বাসনা কিদৰে নিজৰ নিয়ন্ত্ৰণত ৰাখিব !

৩) সম্পৰ্কৰ দৃঢ়তা :- বৈবাহিক আৰু ৰোমান্টিক সম্পৰ্ক এটি তিনিটা বিশেষত্বৰে ধাৱমান হয়। প্ৰথমে ইজনে সিজনৰ প্ৰতি থকা আকৰ্ষণৰ বাবে সম্পৰ্ক এটি স্থাপন হয় আৰু ইয়াৰ ফলত ইজনে সিজনৰ পৰা শাৰীৰিক আৰু মানসিক ভাৱে পৰিতৃপ্ত হৈ থাকে, যি ক্ৰিয়াত এড্ৰিনেলীন হৰমন কাৰ্যকৰী থাকে। যাৰ ফলতে উভয় সংগীৰে ইজনে সিজনৰ প্ৰতি চাহিদা বৃদ্ধি হয় , সেই চাহিদা ৰক্ষা কৰিবলৈ যদি সংগী সামৰ্থবান হয় তেতিয়া আৰু বেছিহে নিৰ্ভৰশীল হৈ পৰে সংগীৰ ওচৰত ; আৰু এই সময়ত ডপামীন হৰমন কাৰ্যকৰী হৈ থাকে । সেয়ে সম্পৰ্ক ধৰি ৰাখিবলৈ, মজবুত কৰি ৰাখিবলৈ অতিৰিক্ত যত্নৰ প্ৰয়োজন হৈ পৰে সেই সময়ত। আৰু অতিৰিক্ত যত্ন লোৱা সময়ত কাৰ্যকৰী হৈ পৰে অক্সিটচীন হৰমন ( Oxytocin hormone ) । কিন্তু বৰ্তমান সময়ত সেই প্ৰয়োজনীয় সময়ত সম্পৰ্কত গুৰুত্ব নিদি বহু পুৰুষ আনকি মহিলা মুগ্ধ হৈ পৰে তাৎক্ষণিক তৃপ্তিত , যি কথা আজিৰ পৰা কিছু দশক আগৰ ব্যক্তিয়ে কল্পনাই নকৰিছিল।

POPULAR ASSAMESE VIDEO

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *