বহুত মা দেউতাৰ এটা প্ৰশ্ন আহে যে তেওঁলোকৰ শিশুটিয়ে কথা কোৱা নাই। সকলো ক্ষেত্ৰতে শিশুটিৰ সময়ত কথা ওলোৱা বা নোলোৱাটো এটা অসাধাৰণ ( Abnormal) কথা নেকি ? নে কেতিয়াবা সাধাৰণ ( normal) কথাও হয় আৰু যদি সাধাৰণ হয় তেন্তে আৰু কিমান দিন অপেক্ষা কৰিব লাগিব ?
এইখিনি কথাৰ উত্তৰ পাবলৈ শিশু এটিৰ বিকাশৰ ( development ) চাৰিটা ভাগ জানিব লাগিব প্ৰথমে Gross motor development, দ্বিতীয়তে Fine motor development , তৃতীয়তে Speech বা language development আৰু শেষত Communication development । বহুত শিশুৰ ক্ষেত্ৰত দেখা যায় বাকী তিনিটা বিকাশ ঠিকে থাকে কিন্তু speech বা language ৰ ক্ষেত্ৰত সমস্যা আহি পৰে। অৰ্থাৎ শিশুটিৰ সম বয়সৰ অইন শিশুয়ে যেনেদৰে শব্দ বা সৰু সৰু বাক্য সমূহ কব পাৰে সি নোৱাৰে। এনে অৱস্থাত কি কৰা উচিত লগে লগে চিকিৎসকৰ ওচৰ পাব লাগিব নেকি ?
শিশুৰ speech development বিষয়টো শিশুটিৰ বয়স অনুসৰি কিছু ভাগত ভাগ কৰা হয় । বিজ্ঞান সন্মতভাৱে এটি শিশুয়ে দুবছৰ ( ১৮ – ২৪ মাহ ) ৰ ভিতৰত এটা অৰ্থপূৰ্ণ বাক্য কব পাৰিব লাগে আৰু যদি কৈছে তেন্তে শিশুটি ঠিকে আছে। আৰু এইটো কেতিয়াবা তাৰতম্য হ’বলৈ পাৰে কিয়নো এই সময় খিনিকো দুটা ভাগত ভগোৱা হৈছে। এক হৈছে মধ্যম বয়স (median age) আৰু সীমাবদ্ধ সময় ( Limited age) । অৰ্থাৎ মধ্যম বয়স মানে হৈছে দুই বছৰৰ ভিতৰত প্ৰায় ৫০% শিশুৱে এটি অৰ্থপূৰ্ণ বাক্য কোৱা উচিত। আৰু সীমাবদ্ধ বয়স হৈছে যদি শিশুটিয়ে দুই বছৰৰ পৰা দুবছৰ ছমাহৰ ভিতৰতো এটি অৰ্থপূৰ্ণ বাক্য কব পৰিছে তেন্তে সেই শিশু সীমাবদ্ধ বয়সৰ অন্তৰ্ভুক্ত। আৰু সেইটোও এটি সাধাৰণ ( normal) পৰিঘটনা। কিন্তু ছমাহৰ ভিতৰটো যদি শিশুটিয়ে কথা কোৱা নাই তেন্তে তাক অসাধাৰণ ( Abnormal) বুলি কোৱা হ’ব। আৰু তেতিয়াই শিশু ৱিশেষজ্ঞৰ ওচৰলৈ যোৱা অত্যন্ত দৰকাৰী।
দ্বিতীয়তে কিছু শিশুৰ মাত নোলোৱাৰ ওপৰত প্ৰভাৱিত কৰা এটি কাৰক আছে সেয়া হৈছে Constitutional delay । এইটো হৈছে এটি বংশগত কাৰণ। অৰ্থাৎ শিশুটিৰ মা দেউতাৰ যদি কথা ওলোৱাত দেৰি হৈছিল (অৰ্থাৎ সীমাবদ্ধ বয়সতকৈ পাৰ হৈ গৈছিল ) তেতিয়াও শিশুটিৰ কথা দেৰিকৈ ওলাব পাৰে আৰু এইক্ষেত্ৰত ভয় কৰাৰ কাৰণ নাথাকে। অৰ্থাৎ যদি শিশুটিৰ দেউতাক বা মাক কোনো এজনে চাৰে তিনি বছৰ বয়সত কথা কোৱাৰ ইতিহাস আছে তেন্তে সেই মা পিতাৰ শিশুটিৰ বাবে আপুনি এই চাৰে তিনি বছৰ বয়সলৈ ৰব পাৰে কিয়নো শিশুটিৰ বাবে সেয়া এক সাধাৰণ কথা ।
পঢ়াত মনোযোগ নোহোৱা ছাত্ৰই কেনেদৰে পঢ়িব জানিবলৈ তলত ক্লিক কৰক
অইন এটা সমস্যা আমি সদায় অৱহেলা কৰা যায় সেয়া হৈছে শিশুৰ কাণৰ সমস্যা অৰ্থাৎ শিশুটিয়ে কাণেৰে শুনে নে নাই ভালকৈ। আৰু এই শ্ৰৱণ শক্তিৰ সমস্যা থাকিলে অৱশ্যেই শিশুৰ কথা কোৱাত সমস্যা থাকিব কিয়নো নুশুনাৰ বাবে সি কথাক response কৰিব নোৱাৰিব। আৰু তেতিয়া চিকিৎসকৰ ওচৰলৈ অৱশ্যে যাব লাগিব। এনে ক্ষেত্ৰত কাণৰ বাবে পৰীক্ষা কৰাৰ প্ৰয়োজন যাক BERA টেষ্ট ( Brain evoked auditory response ) কোৱা হয়।
শিশুৰ কথা দেৰি হোৱাৰ আন এটা কথা হৈছে বহু শিশুৰ tongue tie থাকে আৰু এয়া হৈছে শিশুৰ জন্মগত গঠনৰ সমস্যা যত শিশুটিয়ে জিভাখন সুবিধা অনুযায়ী ঘূৰাবলৈ ব্যৰ্থ হয়। আৰু এই tongue tie থাকিলে এটি সৰু অস্ত্ৰোপচাৰৰ দ্বাৰা ইয়াক নিৰ্মূল কৰিব পাৰি।
বহুসময়ত এইটোও লক্ষ্য কৰা যায় যে বহু শিশুয়ে যি ঠাইত বা যি অৱস্থাত ভয় খাই সেই অৱস্থাত কথা বন্ধ হৈ যায় যাক selective meutism বুলি কোৱা হয় যাৰ কোনো ভয়ৰ কাৰণ নাই ।
শিশুৰ সঠিক সময়ত মাত ওলাবলৈ হলে শিশুটিৰ লগত সঠিক কথা বতৰা কোৱা ( interaction ) অতিকৈ প্ৰয়োজন। আজি কালি ব্যস্ত যুগত বহু মা দেউতাই শিশুক সময় দিব নোৱাৰে যাৰ ফলত মাত কথা দেৰিকৈ ওলোৱা পৰিলক্ষিত হয়। অভিভাৱকে শিশুক সময় দিয়া, কবিতা পাঠ কৰোৱা, সাধুকথা শুনোৱা , কথা বতৰাৰ ভাগৱতৰা কৰা আদিৰ ফলতেই শিশুৰ মাত কথা সোনকালে ওলাই আহে।
ডঃ এ জেদ আহমেদ ।
Kotha valkoi foota nai.
Kotha valkoi foota nai. Age 3 year s month khoj koha o nai.dhori dile jai. Ot tot utha noma kore
Amar loratur 2bsr hoise he maa deota enekoi keitaman xobdohe kb pare. Vldore tar mat foota nai.