বহু সময়ত আমাৰ নিজৰ ভুলৰ বাবে আমাৰ জীৱনত বহুত ক্ষতি হৈ যায় আৰু যেতিয়া ভুলটি বুজি পোৱা যায় তেতিয়ালৈ ইতিমধ্যে বহুত পলম হৈ পৰে আৰু কৰিবলৈ একো নাথাকে।
এবাৰ গৌতম বুদ্ধই তেওঁৰ শিষ্যক এটি গল্প শুনাইছিল ,, সেইমতে এজন ৰজা এবাৰ জংঘলত চিকাৰ কৰিবলৈ যায়, ঘন জংঘলত সোমাই সেই ৰজাই হঠাতে ৰাস্তা হেৰুৱাই পেলায়। দীঘলীয়া সময় ধৰি ৰজাই ৰাস্তা বিচাৰি নাপাই ক্লান্ত, ভোকাতুৰ হৈ পৰিছিল, পিয়াহঁত কণ্ঠ শুকাই গৈছিল। হঠাৎ ৰজাই দেখিবলৈ পালে যে জংঘলত কোনোবা এজনে গছ কটাই আছিল। যিজনে বহু গছ ইতিমধ্যে কাটি পেলাইছে আৰু কেইজোপা মানহে কাটিবলৈ বাকী আছিল। ৰজাই সেই লোক জনৰ ওচৰ চাপি কৈছিল, ” মোৰ বহুত ক্ষুধা আৰু পিয়াহ লাগিছে, তোমাৰ লগত খাবলৈ কিবা আছে “? লোকজনে উত্তৰ দিলে, ” হয়, আপুনি বহক মই খাবলৈ দি আছোঁ”। তাৰ পিছত লোকজনে তেওঁৰ নিজৰ পৰা এখন ৰুটি আৰু এগিলাচ পানী ৰজাক উলিয়াই দিয়াত ভোকাতুৰ ৰজাই তৃপ্তিৰে খাই পেলালে। লোকজনক ধন্যবাদ জনাই ৰজাই কলে, ” মই ওচৰৰ ৰাজ্যৰ ৰজা আৰু আজি এই জংঘলত চিকাৰৰ বাবে আহিছিলোঁ, আহি আহি মই মোৰ ৰাজ্যৰ ৰাস্তা পাহৰি গলো, আপুনি সাহায্য কৰি মোক ৰাস্তাটো দেখুৱাই দিব পাৰিবনে “? লোকজনে ৰজাক ৰাস্তা দেখুৱাই দিলে আৰু যাত্ৰা আৰম্ভ কৰি লোকজনক ৰজাই কলে, ” আপুনি মোক বিপদৰ সময়ত সহায় কৰিছে সেয়ে মই ধন্য হৈ গৈছোঁ আপোনাৰ ওচৰত, সেয়ে ভৱিষ্যত যদি আপোনাৰ কিবা সহায়ৰ প্ৰয়োজন হয় মোৰ ওচৰলৈ আহিব “।
সময়ৰ সোঁতত বহু বছৰ পাৰ হৈ গল , লোকজনে জংঘলৰ সকলো গছ কাটি শেষ কৰি পেলালে, সেই জংঘলত আৰু গছ নাইকিয়া হৈ পৰাত লোকজন জীৱিকাৰ সমস্যাত পৰিল । কিয়নো লোকজনে গছবোৰ কাটি তাৰ পৰা কয়লা তৈয়াৰ কৰি তাক বিক্ৰী কৰি জীৱিকা অর্জন কৰিছিল । সেয়ে তেওঁ হতাশাত পৰি এদিন নিজে সহায় কৰি ধন্য কৰা ৰজাৰ দৰবাৰত উপস্থিত হলগৈ কিবা সাহাৰ্য্য পোৱাৰ আশাত । আৰু ৰজাৰ আজ্ঞা অনুসৰি তেওঁ হাতযোৰ কৈছিল , ” মহাৰাজ যি জংঘলৰ পৰা মই গছ কাটি আনিছিলোঁ সেই জংঘলত সকলো গছ কটা শেষ হৈ গৈছে, এতিয়া বাছি থকাৰ বাবে মোৰ অইন কিছু উপায়ো নাই কাৰণ মোৰ জীৱিকা হয় গছ কাটি তাৰ পৰা কয়লা তৈয়াৰ কৰি বিক্ৰী কৰা। মহাশয়, আপোনাৰ ৰাজ্যত বহুত জংঘল আছে আৰু তাতে বহুত গছ আছে, যদি মোক আপোনাৰ ৰাজ্যত গছ কাটিবলৈ অনুমতি দিয়ে তেন্তে মই নাখায় মৰিব নালাগিব” । ৰজাই উত্তৰ দিছিল, ” ঠিক আছে তোমাক নিশ্চয়কৈ এখন সৰু জংঘল দিয়া হ’ব , যত তুমি গছ কাটিব পাৰিবা “। তাৰ পিছত ৰজাই তেওঁৰ মন্ত্ৰীৰ সৈতে কথা পাতি ৰাজ্যৰ দক্ষিণ ভাগত থকা এখন চন্দন কাঠৰ জংঘলত লোকজনক গছ কাটিবলৈ অনুমতি দিলে। লোকজনে আনন্দেৰে ৰজাক ধন্যবাদ জনাই ঘৰলৈ গুচি গল। এনেদৰে বহু বছৰ পাৰ হৈ গল , ৰজাৰ হঠাতে এদিন সেই লোক জনৰ কথা মনত পৰি তেওঁৰ খবৰ লবলৈ মন্ত্ৰীৰ সৈতে ৰাওনা হ’ল। মন্ত্ৰীৰ কথা মতে ৰজাই প্ৰথমে সেই জংঘলত উপস্থিত হৈছিল যি জংঘলত তেওঁক গছ কাটিবলৈ দিয়া হৈছিল যদিও সেই ঠাইত তেওঁলোকে কোনো জংঘল দেখা পোৱা নাছিল। জংঘল নেদেখি ৰজা বিভ্ৰান্তিত পৰি মন্ত্ৰীক ৰাজ্যৰ মেপখন চাবলৈ কলে, মেপখন চাই তেওঁলোক নিশ্চিত হৈ পৰিলে যে তেওঁলোকে সঠিক ঠাইতে উপস্থিত হৈছে। ৰজাই চিন্তা কৰিলে যে জংঘলবোৰ কি হ’ল ! ৰজাই ইফালে সিফালে নিৰীক্ষণ কৰি গৈ থাকোঁতে হঠাৎ কেইজোপা মান চন্দনৰ গছ দেখা পালে আৰু আগবাঢ়ি গৈ দেখিলে যে সেই জংঘলত সেই গছ কটা লোকজনো বৰ চিন্তিত হৈ বহি আছিল । লোকজনক নিৰীক্ষণ কৰি ৰজা আচৰিত হ’ল আৰু প্ৰশ্ন কৰিলে, ” তুমি ইমান দুখী হৈ কিয় বহি আছা” ?
হিট কমেডি ভিডিঅ’ ?? মহাকৃপন ??
Continue reading main post…
লোকজনে প্ৰণাম কৰি উত্তৰ দিছিল , ” মহাশয় আপোনাৰ আশীৰ্বাদত ইমান দিনে মই ভালদৰে চলি আছিলোঁ , আৰু সামান্য কেইজোপা মান গছহে এই জংঘলত কাটিবলৈ বাকি আছে আৰু হয়তো কিছুদিনৰ ভিতৰত এই গছ কেইজোপা ও কটা শেষ হৈ যাব, সেয়ে মই চিন্তিত হৈ পৰিছোঁ ইয়াৰ পিছত মই কি কৰি খাম, কি কৰি চলিম “। ৰজাই উত্তৰ দিছিল, ” ইমান চিন্তা কৰাৰ কাৰণ কি আৰু কেইবাজোপা গছ কাটিবলৈ এতিয়াও বাকী আছে , কিন্তু এটা কথা কোৱাচোন তুমি ইমাবোৰ গছ কাটি কি কৰিলা “? লোকজনে উত্তৰ দিছিল, ” মই প্ৰতিদিনে গছ কাটো আৰু তাৰ পৰা কয়লা তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰোঁ”। উত্তৰ শুনি ৰজাই মূৰে কপালে হাত দি আচৰিত হৈ কৈছিল, ” আৰে মূৰ্খ বন্ধু এয়া তুমি কি কৰিছা, এইবোৰ বহু মূল্যবান চন্দন কাঠ , ইয়াক কিয় পুৰি শেষ কৰিছা” ? লোকজনে সুধিছিল, ” মহাশয়, চন্দন কাঠ কি হয় “? ৰজাই কলে, ” অহ, তুমি জানা হলে ভালে আছিল ! তথাপি তুমি এটা কাম কৰা, এই গছৰ পৰা তুমি দুটি ডাল কাটি লৈ যোৱা আৰু বজাৰত বিক্ৰীৰ বাবে উলিয়াই দিয়া কিন্ত ভুলতেও এই গছৰ পৰা কয়লা তৈয়াৰ নকৰিবা”। কথা মতে কাম আৰু তাৰ পিছত লোকজনে দুটি ডাল বজাৰলৈ লৈ গৈ এখন কাঠৰ দোকানত উপস্থিত হ’ল। কাঠৰ দোকানীয়ে লোকজনক দেখি কিছু বুৰ্বক যেন অনুমান কৰিছিল আৰু প্ৰশ্ন কৰিছিল, ” তুমি এই ডাল দুটিৰ বিনিময়ত কি বিচৰা “? লোকজনে কলে, ” তুমি এই ডাল দুটিৰ বিনিময়ত কি দিবা”?
দোকানীয়ে কলে, ” মই এই ডাল দুটিৰ মূল্য এক টকা দিম”। লোকজনে আচৰিত হৈ কলে, ” এক টকা “! লোকজনক আচৰিত হোৱা দেখি দোকানীয়ে ভাবিলে যে এই লোকজন দেখাত বুৰ্বক হলেও আচলতে কাঠৰ মূল্য জানে সেয়ে তেওঁ দুই টকা দিব বিচাৰিলে। পুনৰ লোকজনে আচৰিত হৈ কলে, ” দুই টকা “! দোকানীয়ে এইবাৰ চাৰি টকা দিবলৈ মান্তি হ’ল। এই দাম দৰ চলি থকা অৱস্থাটি কাষৰ এজন দোকানীয়ে প্ৰথমৰ পৰাই প্ৰত্যক্ষ কৰি আছিল সেয়ে তেওঁ এওঁলোকৰ ওচৰলৈ আহি দুই টুকুৰা ডালৰ বিনিময়ত দহ টকা দাম দিবলৈ মান্তি হ’ল। যেতিয়াই লোকজনে দহ টকাৰ কথা শুনিলে তেতিয়া লগে লগে তেওঁ মূৰে কপালে হাত দি মাটিত বহি কান্দিবলৈ ধৰিলে। তেওঁ তেতিয়া বুজি পাইছিল যে তেওঁ কয়লা প্ৰস্তুত কৰিবলৈ পুৰি পেলোৱা গছবোৰ কিমান মূল্যবান আছিল। তেওঁৰ দুখ লাগিছিল সেইবাবে যে তেওঁ ইমানবোৰ মূল্যবান কাঠৰ গছ সমূহ মূল্যহীন ভাবে ইতিমধ্যে পুৰি পেলাইছে । গল্পটি শুনি শিষ্যসকল আচৰিত হৈ পৰিছিল।
গল্পটি শেষ কৰি গৌতম বুদ্ধই শিষ্য সকলক সুধিছিল, ” এই গল্পটো শুনি তোমালোকে হয়তো গছ কটা লোকজনক বুৰ্বক বুলি ভাবিছা , কিন্তু এটা কথা মনত ৰাখিবা যে আমিও সদায় সেই লোকজনৰ দৰেই কামবোৰ কৰি থাকোঁ ; ভগবানে আমাৰ সকলোকে মৰম কৰি সেই চন্দন কাঠতকৈ বেছি মূল্যবান জীৱন দিছে, কিন্তু এই মূল্যবান জীৱনক আমি নষ্ট কৰি দিছোঁ, এই জীৱনৰ কিমান মূল্য সেয়া আমি বুজাৰ চেষ্টাই কৰা নাই, আমি আমাৰ মূল্যবান জীৱনক আমাৰ মাজত থকা লোভ, মোহ, মায়া ঈৰ্ষা, হিংসা , ক্ৰোধ, ঘৃণা আদিৰে পুৰি কয়লা কৰি পেলাইছোঁ যাৰ পৰা আমাৰ অনেক ক্ষতি হৈছে ; কিন্তু যি হ’ল সেয়া হৈ গৈছে , যি কেইজোপামান চন্দনৰ গছ বাকী আছে অৰ্থাৎ আমাৰ আগন্তুক যি জীৱন বাকী আছে , আহা সেইখিনিক আমি সঠিক ভাবে ব্যৱহাৰ কৰি নিজৰ নিজৰ জীৱন সুখ শান্তিৰ সজাই পেলাওঁ”। কথাখিনি ভাল লাগিলে বিলাই দিব।
আনৰ প্ৰীয়ভাজন হবলৈ কি কৰিব জানিবলৈ তলত ক্লিক কৰক