ভগৱান গৌতম বুদ্ধই কৈছিল, ” যেতিয়া মানুহে নিজকে আনৰ সৈতে সংযুক্ত কৰে ( Relationship ) তেতিয়া তেওঁৰ মাজত আশাৰ জন্ম হয় ; আৰু যেতিয়া তেওঁৰ আশা পূৰ্ণ নহয় তেতিয়া তেওঁৰ দুখ হয়”।
আজি আপোনালোকক ভগৱান গৌতম বুদ্ধৰ জীৱনৰ এটি সুন্দৰ ঘটনাৰ কথা অৱগত কৰিবলৈ বিচৰা হৈছে। আৰু যিটো শুনাৰ পিছত আমি বুজি পাম যে কিদৰে আমি কোনো বস্তুৰ সৈতে নিজকে সংযুক্ত হৈ পৰো আৰু তাক পাবলৈ আমি আশাত বন্দী হৈ পৰোঁ ; আৰু যেতিয়া সেই আশা আমাৰ পূৰণ নহয় তেতিয়া আমাৰ কেনেধৰণৰ কষ্ট হয় !
এবাৰ এজনী মহিলা গৌতম বুদ্ধৰ কাষলৈ আহিছিল আৰু কৈছিল, ” প্ৰভু , যেতিয়ালৈকে মই আপোনাক দেখা নাছিলোঁ তেতিয়া লৈকে মোৰ মন বহুত শান্ত আছিল, কিন্ত আপোনাক দেখি মোৰ মনৰ অশান্তি অনেক বাঢ়ি গৈছে ; কাৰণ আজি মই সত্যটো দেখিছোঁ”। হে প্ৰভু , ” এই যে মোৰ সৌন্দৰ্য যাৰ বাবে মোৰ ইমান অহংকাৰ, যাৰ বাবে মোক বহু ৰজা , মহাৰজাই এবাৰ চাব বিচাৰে এইটো এদিন নোহোৱা হৈ যাব আৰু এসময়ত মোক কোনোৱে সুন্দৰী বুলি জ্ঞান নকৰিব , কোনোৱে মোক চাবলৈ অপেক্ষা নকৰিব কাৰণ মই এদিন বৃদ্ধ হৈ যাম”। কিন্তু প্ৰভু, ” মই এই সত্য মানি লব পৰা নাই, দয়া কৰি প্ৰভু মোক এটি উপায় দিয়ক , মই এই চিন্তাৰ পৰা কেনেকৈ মুক্তি পাম তাৰ উপায় দিয়ক ” ।
বুদ্ধৰ উত্তৰৰ আগতে জানি লওঁক সেই মহিলা গৰাকী কোন আছিল ! মহিলা গৰাকী অইন কোনো নহয় তেওঁৰ নাম আছিল আম্ৰাপালি । পালি গ্ৰন্থ অনুসৰি আম্ৰাপালি সেই সময়ত ভাৰতবৰ্ষৰ আটাইতকৈ সুন্দৰী মহিলা আছিল যাক এবাৰ দেখিবলৈ ডাঙৰ ডাঙৰ ৰজা মহাৰজাই অপেক্ষা কৰিছিল।
এতিয়া ভগৱান বুদ্ধই কি কৈছিল শুনক। ভগৱান বুদ্ধদেৱে কৈছিল যে প্ৰতি মানুহৰ বাবে দুটি পথ ( Option) থাকে, হয় তেওঁ সত্যক স্বীকাৰ কৰিব লাগিব নহ’লে তেওঁ সেই সত্যৰ ফালে চকু দিব নালাগিব। কিন্ত সত্যক চোৱা বা নোচোৱাকৈ থাকিলে সত্যৰ কোনো পৰিৱৰ্তন নহয়।
এতিয়া যদি আমি ভগৱান বুদ্ধৰ এই উত্তৰক ক্ষুদ্ৰ ভাৱে বিশ্লেষণ কৰোঁ তেতিয়া আমি বুজিব পাৰিম আচল ৰহস্য কি ? আম্ৰাপালি যে অনেক সুন্দৰ এই কথা তেওঁক কোনে কৈছিল ? কোনো ব্যক্তি বিশেষেই আম্ৰাপালিক সুন্দৰী সজাইছিল, আম্ৰাপালি যে সদায় সুন্দৰী হৈ নাথাকে সেই কথাও কোনো মানুহেই তেওঁক অৱগত কৰিছে, আম্ৰাপালিয়ে জীৱনৰ প্ৰথম ভাগত নিজে কেতিয়াও অনুভৱ কৰা নাছিল তেওঁ কিমান সুন্দৰী বা দেখিবলৈ কেনে ! কিন্তু মানুহেই প্ৰশংসা আৰু প্ৰচাৰ কৰি আম্ৰাপালিক সুন্দৰী সজাইছিল। অৰ্থাৎ যিদিনা লৈকে কোনোৱে আম্ৰাপালিক সুন্দৰী বুলি প্ৰশংসা কৰা নাছিল তেতিয়ালৈকে তেওঁ অনুভৱ কৰা নাছিল যে তেওঁ সুন্দৰী। আৰু যেতিয়াই আম্ৰাপালিয়ে গম পালে যে তেওঁ অনেক সুন্দৰ তেতিয়াৰ পৰা আম্ৰাপালিয়ে নিজকে এই সুন্দৰতাৰ সৈতে বিলীন কৰি পেলাইছিল। তাৰ পিছত আম্ৰাপালিৰ সুখ আৰু দুখ তেওঁৰ সৌন্দৰ্য্যৰ সৈতে জড়িত হৈ পৰিছিল। অৰ্থাৎ যেতিয়ালৈকে আম্ৰাপালি সুন্দৰী হৈ থাকিব তেওঁ সুখত থাকিব আৰু যেতিয়া তেওঁৰ সৌন্দৰ্য নোহোৱা হ’ব তেতিয়া দুখী হ’ব। অৰ্থাৎ আম্ৰাপালিয়ে ইতিমধ্যে সৌন্দৰ্য্যৰ সৈতে নিজকে সংযুক্ত কৰিছিল।
তাৰ পিছত আম্ৰাপালিয়ে ভগৱান বুদ্ধক প্ৰশ্ন কৰিছিল, ” হে প্ৰভু মোৰ ভাবিলে ভয় লাগে যে যেতিয়া মোৰ সৌন্দৰ্য নাথাকিব তেতিয়া কি হ’ব “? উত্তৰত বুদ্ধদেৱে কৈছিল, ” জীৱন আৰু যৌৱন অস্থায়ী, আৰু যিয়ে এই সত্যক স্বীকাৰ নকৰিব তেওঁৰ দুখ সদায় থাকিব , তেওঁ কোনো কিছুতে সুখী হ’ব নোৱাৰিব “।
অৰ্থাৎ যিকোনো ব্যক্তিয়ে নিজৰ আপোনজনৰ পৰা বিচলিত হ’বলৈ , পৃথক হ’বলৈ ভয় কৰে যেনে কোনোবাই নিজৰ পিতৃ -মাতৃ ; কোনোৱে তেওঁৰ পুত্ৰ – জীয়ৰী ; কোনোৱে তেওঁৰ ছোৱালী বান্ধৱী ( Girlfriend) – লৰা বন্ধু ; আৰু কিবা কিবি, কিন্তু সত্য এইটো যে এদিন নহয় এদিন পৃথক হবই লাগিব মাত্ৰ সময়ৰ আগ – পিছ।
ভগৱান গৌতম বুদ্ধই কৈছিল, ” যেতিয়া মানুহে নিজক বুজাৰ চেষ্টা কৰে, নিজক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে তেতিয়া তেওঁ বুজি উঠে এই অস্থায়ী জীৱনৰ সত্যতা, তেওঁ বুজে যে যি হ’ব লাগে সেয়াই হৈছে “। আৰু যিয়ে এই সত্য নুবুজে তেওঁ কেতিয়াও দুখ এৰি চলিব নোৱাৰে । তেওঁ কৈছিল মানুহৰ চিন্তাৰ দ্ৰুত পৰিৱৰ্তন হ’ব পাৰে কিন্ত অনুভৱ আৰু অনুভূতিৰ পৰিৱৰ্তন হ’বলৈ সময়ৰ প্ৰয়োজন। কোনোৱে নিজৰ আপোনজনক হেৰুৱালে তাৰ বাবে দুখ নিশ্চিত ভাৱে হ’ব কিন্তু সময়ৰ সোঁতত সেই দুখ পাতল হৈ যায় ; কোনোৱে এৰি যোৱাৰ কথা ভাবিলে মন হয় যে আপুনি জীয়াই নাথাকিব কিন্তু তেওঁ গুছি যোৱাৰ পিছতো সকলো স্বাভাৱিক হৈ যায় কিছু বছৰ পিছত। কাৰণ সময়ৰ লগত মানুহৰ যিবোৰ অনুভূতি যুক্ত হৈ থাকে সেইবোৰৰো শেষ থাকে।
জীৱনত দুখ কষ্ট আহিলে কি কৰিব জানিবলৈ তলত ক্লিক কৰক
অসমীয়া হিট কমেদি ভিডিঅ ??