ডাম্ব কেন গছজোপাই আপোনাৰ ঘৰৰ সৌন্দৰ্য্য বঢ়াই কিন্তু ঘৰৰ শিশুৰ বাবে কিমান অপকাৰী জানেনে ?
বহু লোকৰ অভ্যাস আছে ঘৰৰ বাহিৰত আৰু ভিতৰত ফুলৰ গছ বা অইন গছ সংৰোপণ কৰাটো ; আৰু বহুজনৰ এনেদৰে ফুল ৰোপন কৰাটো, ঘৰৰ চৌহদত ফুলৰ টাব ৰখাটো এটি চখ। কিন্তু যদিহে গছ সমূহ নিৰ্বাচন কৰোঁতে ভুল কৰে তেন্তে কেতিয়াবা এই চখে বিপদ মাতিব পাৰে। এনে এজোপা গছ বহুজনৰ ঘৰৰ সন্মুখত, ঘৰৰ ভিতৰত আনকি কিছুমান কাৰ্যালয়ৰ ভিতৰটো লগাই ৰখা দেখা যায়। যি জোপাক সাধাৰণতে ডাম্বকেন বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Dieffenbachia poisoning ; এই গছজোপা লগাবলৈকে সহজ আৰু তাৰ যত্ন ও বেছি লব নালাগে লগতে ই কম পোহৰতে জীয়াই থাকে। ইয়াৰ উপৰিও ইয়াৰ সৌন্দৰ্য্য বহুত বেছি। সেয়ে হয়তো বহু মানুহে ইয়াৰ বিষাক্ত গুণ গম নোপোৱাকৈয়ে ইয়াক নিজৰ বেদৰুমটো ৰাখিবলৈ কুণ্ঠাবোধ নকৰে। হয় এই গছজোপা ঘৰৰ ভিতৰৰ কোঠালিত ৰাখিলে অক্সিজেন পাব কিয়নো এই গছে বেছিকৈ কাৰ্বনডাই অক্সাইড শোষণ কৰিব পাৰে। তথাপিও এই গছৰ পৰা দূৰৈত থকা ভাল।
কিন্তু এই গছজোপা মানুহ আৰু পোহনীয়া জীৱ জন্তুৰ বাবে বিষাক্ত। এই গছৰ পাত যদিহে কোনোৱে চোবাই দিয়ে তেওঁ কথা কব নোৱাৰা হৈ পৰিব পাৰে। সেই বাবেই এইজোপা গছক “শাহু আইৰ জিভা” বুলি নামাকৰণ কৰা হয়।
এই গছজোপা বিষাক্ত হোৱাৰ প্ৰধান কাৰণ হৈছে এই গছজোপাত কিছুমান ৰাসায়নিক পদাৰ্থ অতি মাত্ৰাত সক্ৰিয় হৈ থাকে। এই পদাৰ্থ সমূহ হৈছে :- বেজী আকৃতিৰ অক্সালেটৰ দানা অৰ্থাৎ অক্সালিক এচিড ( needle shaped oxalate crystal or oxalic acid) আৰু এস্পাৰাজিনছ( Asparagines) নামৰ এবিধ উদ্ভিদজাত প্ৰটিন। এই দ্ৰব্যকেইবিধ গছজোপাৰ পাত, ডাল আৰু আনকি শিপাৰ ৰসটো বিস্তৃত হৈ থাকে।
এই গছৰ পাত বা অইন অংশ যেতিয়া চোবাই দিয়া হয় প্ৰথমে জিভাৰ জ্বলন হয় আৰু পিছত জিভাৰ সংজ্ঞা নাইকিয়া হৈ কথা কব নোৱাৰা সমস্যাৰো সৃষ্টি হ’ব পাৰে। শিশুৰ ক্ষেত্ৰত সমস্যাটো বেছি ভয়ানক হ’ব পাৰে আনকি মৃত্যু পৰ্যন্ত হোৱা ইতিহাস আছে। আনকি পোহনীয়া জীৱ জন্তুয়ে যদি এই পাত খাইছে সিহঁতৰ ও সমস্যাৰ সৃষ্টি হ’ব । সেয়ে শিশু থকা ঘৰত এনে গছ নিজৰ ঘৰৰ ভিতৰত বা বাহিৰতো লগাই থোৱা বিপদজনক। নিজৰ ঘৰত শিশু নাথাকিলেও এনে গছ ৰখাটো বেয়া কিয়নো বেলেগ
ৰ শিশু এদিন নহলে এদিনটো আহিব। কাৰণ সৰু লৰা ছোৱালীয়ে আৰু জীৱ জন্তুয়ে যিকোনো বস্তু মুখত দিয়াটো এটি সহজ অভ্যাস।
এই গছৰ পৰা হ’ব পৰা বিষক্ৰিয়া সমূহ :-
১) মুখমণ্ডলৰ ভিতৰ ভাগ আৰু জিভাখন ফুলি যোৱা আৰু এৰি এৰি যোৱা।
২) মুখমণ্ডলৰ ভিতৰত আৰু জিভাৰ জ্বলন – পুৰণি হোৱা।
৩) বমি ভাব আৰু বমি হোৱা।
৪)কণ্ঠ বহি যোৱা।
৫) খাদ্য চোবাবলৈ কষ্ট হোৱা।
৬) যদি পাতৰ ৰস চকুত লাগে চকু ফুলি যোৱা, চকুৰ বিষ আৰু কৰ্ণিয়া নষ্ট হৈ যোৱা আদি ঘটনা ঘটিব।
৭) ছালত লাগিলে ছালৰ খজুৱতি, ৰঙা পৰা আদি হ’ব।
আৰু যদিহে এই পাত শিশুৱে সেৱন কৰিয়ে পেলাই তেন্তে প্ৰথমে বমি , পনীয়া শৌচ আৰু উশাহ লোৱাত কষ্ট অনুভৱ কৰিব।