পঢ়াত কেনেকৈ মন বহিব ছাত্ৰ ছাত্ৰীৰ ? জটিল বিষয় কেনেকৈ পঢ়িব ছাত্ৰ ছাত্ৰীয়ে ?
তুমি এজন স্কুল বা কলেজৰ ছাত্ৰ যিয়ে নোহোৱা মাত্ৰ আজি এটা কথাই কব বিচৰা হৈছে তুমি তোমাৰ পঢ়া শুনাক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা নকৰিবা, নকৰিবা পৰীক্ষাৰ ফলাফল নিয়ন্ত্ৰণ কৰাৰ চেষ্টা ; নিজৰ ভৱিষ্যত আনকি ৰাতিৰ টোপনিও নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব নালাগে। মাত্ৰ তুমি তোমাৰ মনটোক নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰা , মনটোক নিজৰ আয়ত্বত ৰাখিবলৈ যত্নপৰ হোৱা । কিয়নো মানুহৰ মন এনে এটি বস্তু যি বিজুলী প্ৰৱাহৰ গতিত গতি কৰে ; যেনেদৰে বিজুলীক আমি আমাৰ নিয়ন্ত্ৰণত ৰাখি ডাঙৰ ডাঙৰ কাম কৰিবলৈ সক্ষম হওঁ, ডাঙৰ ডাঙৰ উদ্যোগ চলাবলৈ সক্ষম হওঁ , ঠিক তেনেকৈ মনটোক নিয়ন্ত্ৰণত ৰাখি আটাইতকৈ কঠিন কাম এটিও কৰি পেলাব পাৰো। কিন্তু যেনেকৈ বিজুলী আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি গৈ আশে পাশে থকা সকলো দগ্ধ কৰি শেষ কৰি পেলাই ঠিক একেদৰে তোমাৰ মনটো যিমানেই তোমাৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি যাব সিমানেই মনে বিচৰা খিনিহে মনটোৱে কৰি গৈ থাকিব আৰু সমান্তৰাল ভাৱে তোমাৰ ধ্বংসৰ পথ সুগম হৈ গৈ থাকিব ,
যদিহে মনটোৱে ভাল কাম কৰিবলৈ মন কৰা নাই। মনত ৰাখিবা মনে যি পছন্দ কৰে সেয়া যদি হিতৰ বিপৰীতে হয় তেন্তে জীৱন বিপদাপন্ন হৈ পৰিব। ধৰা হ’ল তুমি কিতাপৰ টেবুলত বহিছা আৰু নতুন এটি বিষয় পঢ়িবলৈ লৈছা, কিন্তু বিষয়টি বুজি পোৱা নাই অর্থাৎ টান লাগিছে আকৌ দ্বিতীয়বাৰ পঢ়িছা তেতিয়াও বুজি পোৱা নাই , তৃতীয়বাৰ পঢ়িছা তেতিয়াও টান লাগিয়ে আছে তথাপিও যদিহে তুমি মনটো বান্ধি বাৰে বাৰে বুজিবলৈ চেষ্টা কৰিয়ে থাকা দেখিবা এনে এটি সময় আহি পৰিব তেতিয়াই তুমি বিষয়টি বুজি পাবা আৰু বিষয়টি তোমাৰ বাবে সহজ হৈ পৰিব। মাত্ৰ বাৰে বাৰে পঢ়ি যোৱা চেষ্টা এৰি নিদিবা, এবাৰ লিখি লিখি পঢ়া, এবাৰ উচ্চাৰণ কৰি পঢ়া কোনো কথা নাই মাত্ৰ পঢ়ি যোৱা । কাৰোবাৰ এই বিষয়টো আয়ত্ব কৰিবলৈ এক ঘন্টা সময় লাগে তোমাৰ তিনি ঘন্টা লাগিল কোনো কথা নাই কাৰণ সেইজনৰ দৰে তুমিও পৰীক্ষাত একেখিনিয়ে লিখবলৈ সক্ষম হ’বা আৰু একে নম্বৰে পাবা। কাৰণ মূল্যাংকণ হ’ব ফলাফলৰ ; তুমি কিমান সময় খৰছ কৰি পঢ়িছিলা তাৰ নহয়। আৰু এইখিনি কৰিবলৈ হ’লে নিজৰ মনক কিন্তু নিয়ন্ত্ৰণত ৰাখিব লাগিব কাৰণ মনটোৱে তোমাক কব এইটো বৰ টান, এই বিষয় পঢ়ি আমনি লাগে, ইমান পঢ়ি থকাটো কষ্টকৰ এয়া মোৰ দ্বাৰা নহ’ব আদি ইত্যাদি ; সেই সময়ত কিন্ত তুমি মনৰ বিপৰীতে গৈ নিজৰ সিদ্ধান্তত অটল হৈ ৰ’ব লাগিব। আজি যদি তুমি নিজৰ মনৰ কথা মতে গৈ আছা তেন্তে গোটেই জীৱন একেদৰেই চলিব লাগিব। সেয়ে নিজে কঠোৰ হ’ব লাগিব , মন বান্ধিব লাগিব , নিজৰ সিদ্ধান্তত কঠোৰ হ’ব লাগিব জীৱনত কিবা কৰি যাবলৈ। যেতিয়াই মনটোৱে ভুল পথত যাব বিচাৰিব তেতিয়াই তুমি কঠোৰ হৈ পৰিব লাগিব , তুমি তোমাৰ মনটোৰ সৈতে জেদ ধৰিব লাগিব।
আৰু কিবা কৰি যোৱাৰ যদি মনত জেদ থাকে তেন্তে জানিবা তুমি এদিন বিজয়ী হ’বা। ভাগৰি নাযাবা ভয় নাখাবা কাৰণ অন্ধকাৰ ৰাতিৰ শেষত দিনে আহে। পৃথিৱীৰ কোনো কাম তোমাৰ সাহসতকৈ ডাঙৰ নহয় ; কষ্ট আৰু সংঘৰ্ষ নকৰাকৈ কেতিয়াও কোনোৱে ভাল দিন দেখাৰ ইতিহাস নাই। ভাগ্য সলনি হয় তেতিয়াই , যেতিয়াই লক্ষ্য মজবুট হয় নহ’লে জীৱন শেষ হৈ যায় ভাগ্যক ভৰসা কৰি কৰি। ইচ্ছা আৰু আশা যিমান ডাঙৰ হয় সিমানে তাক পুৰণ কৰাৰ জেদ লাগিব। কাৰণ এই জীৱন ইমান সহজ নহয় সেয়ে নিজক আৰু নিজৰ মনক মজবুট কৰি প্ৰস্তুত কৰিব লাগিব । কেতিয়াবা জীৱনত হাৰি গলেও আকৌ নতুনকৈ আৰম্ভ কৰিব পাৰি মাত্ৰ কিছু আত্মবিশ্বাসৰ প্ৰয়োজন। তোমাৰ প্ৰতিযোগিতা সদায় তোমাৰ সতে কৰা, যদি তুমি যোৱাকালিত কৈ আজি তোমাৰ কিবা উন্নত দেখিছা সেয়া তোমাৰ বৃহৎ জয়। কাৰণ পৰাজয়ৰ ভয়ত বহি থকাতকৈ যুঁজি যুঁজি জীৱন কটাই দিয়াই উত্তম।
লেখনিবোৰ পঢ়ি যথেষ্ট উপকৃত হৈছোঁ ।
পঢ়ি বহুত ভাল লাগিল চেষ্টা কৰিম যিমান পাৰোঁ।