দৈৰ লগত চেনি মিহলাই নাখাব!! দৈ শৰীৰৰ বাবে কিয় উপকাৰী ?
দৈৰ প্রচুৰ উপকাৰৰ বাবে ই সমগ্ৰ বিশ্বৰ এবিধ প্রিয় খাদ্য যাক চুপাৰ ফুড বুলি কোৱা হয়। দৈ আমাৰ সকলোৰে পৰিচিত খাদ্য । দৈ – গাখীৰৰ সৈতে অসমীয়া লোকৰ চিনাকি পুৰণিকলীয়া। গাখীৰৰ আংশিক ৰাসায়নিক পৰিৱৰ্তন ঘটি গোট মৰা ৰূপটোৱেই হৈছে দৈ যাৰ যথেষ্ট পুষ্টিকৰ গুণ আছে। দৈ স্বাস্থ্যৰ লগতে সৌন্দৰ্য ৰক্ষাৰ বাবেও লাভজনক।চিকিৎসক আৰু ডায়েটিচিয়ান সকলে দুপৰীয়া সাঁজত এবাটি দৈ খোৱাৰ পোষকতা কৰি আহিছে।
সতেজ দৈত প্রচুৰ পৰিমানে পোষক দ্ৰব্য থাকে যি আমাৰ দেহৰ বাবে উপকাৰী। দৈৰ তুলনাত গাখীৰত অধিক পৰিমানে চৰ্বি আৰু মসৃণতা থাকে কিন্তু দৈৰ চৰ্বি খুব কম।
দৈনিক দৈ খালে হৃদযন্ত্ৰৰ উপকাৰ সাধন হয়। হাড় মজবুট আৰু শক্তিশালী হয় দৈ খালে কিয়নো দৈত কেলচিয়ামৰ পৰিমাণ যথেষ্ট বেছি। দাঁতৰ বাবেও উপকাৰী দৈ। পাচনতন্ত্র শক্তিশালী হয় দৈ খালে; হজম সঠিকভাবে হয়; কোষ্ঠকাঠিন্য, গেছ, এচিডিটিৰ দৰে সমস্যাসমূহ নোহোৱা হয়। ওজন হ্রাসত সহায়ক হয় দৈ সেৱন কৰিলে। দৈত প্রটিন আৰু কেলচিয়াম বেছি থাকে যিয়ে ওজন নিয়ন্ত্রণ কৰিব পাৰে। দৈৰ কেলৰি পৰিমাণ কম বাবে শৰীৰৰ পৰা অতিৰিক্ত চৰ্বি হ্রাস কৰিব পাৰে। ছালৰ বাবেও উপকাৰী দৈ সেৱনে মুখৰ উজ্জ্বলতা বৃদ্ধি কৰে, শালমইনা, ছাল শেঁতা পৰা, মুখৰ দাগ আদি দূৰ হয় । লগতে দৈ নিয়মিতভাৱে খালে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি হয়।
১০০ গ্ৰাম দৈৰ পোষক দ্ৰব্য সমূহ হৈছে:- চৰ্বী:- ৪.৩ গ্ৰাম; কাৰ্বহ্যড্ৰেট:- ৩.৪ গ্ৰাম; কলেষ্টৰল :- ১৭ মিলিগ্ৰাম; চডিয়াম:- ৩৬৪ মাইক্ৰগ্ৰাম; পতাচিয়াম:- ১০৪ মিলিগ্ৰাম। আৰু এই ১০০ গ্ৰাম দৈৰ শক্তিৰ পৰিমাণ হৈছে ৯৮ কেলৰি। ইয়াৰ উপৰিও এই দৈত থাকে ভিটামিন A, D, B-12 , ভিটামিন C, কেলচিয়াম, লেক্টিক এচিড আৰু মেগনেছিয়াম আদি। তাৰোপৰি খাদ্যনলীৰ বাবে প্ৰয়োজনীয় ভাল আৰু উপকাৰী বেক্টেৰিয়া লেক্ট’বেচিলাছ যথেষ্ট পৰিমাণে থাকে।
দৈৰ কিছু স্বাস্থ্যসন্মত ব্যৱহাৰ হৈছে:-
১) দৈ খালে পাচন শক্তি বৃদ্ধি হয়। দৈত থকা লেক্ট’বেছিলাছ নামৰ উপকাৰী বেক্টেৰিয়াই পাচন তন্ত্ৰৰ এই কাৰ্য্য বৃদ্ধি সমাধান কৰে।
২) দৈ খালে দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি হয়। ইয়াত থকা উপকাৰী লেক্ট’বেছিলাছ বেক্টেৰিয়া আৰু মিনাৰেল, ভিটামিন সমূহে শৰীৰক বিভিন্ন ৰোগৰ লগত যুঁজিব পৰাকৈ কার্যক্ষম কৰি ৰাখে।
৩) দৈ সেৱন কৰিলে শৰীৰত কৰটিছল (cortisol) নামৰ হ’ৰম’ন আৰু কলেষ্টৰল জমা হোৱাত বাধা প্ৰদান কৰে। ফলত শৰীৰৰ ওজন নিয়ন্ত্রিত হোৱাত সহায়ক হয়। যিহেতু দৈয়ে কলেষ্টৰল জমা হোৱাত বাধা দিয়ে গতিকে দৈ খালে হৃদৰোগৰ পৰা হাত সাৰি থাকিব পৰা যায়।
৪) দৈ খোৱাৰ ফলত মানসিক চাপ মুক্ত হৈ থাকিব পাৰি। বিভিন্ন গৱেষণাত প্ৰকাশ যে দৈ সেৱন কৰিলে অনুভূতি, উত্তেজনা, মানসিক চাপ আদি নিয়ন্ত্ৰণ হয়। যাৰ ফলতে মন আৰু মগজু পৰিপুষ্ট হৈ থাকে।
৫) সৌদৰ্য বৰ্ধক এই দৈ সেৱন কৰিলে ছালৰ উজ্জ্বলতা বাঢ়ে , বয়সৰ ৰেখা আদি দূৰ হয় , মুখৰ কলা দাগ নাইকিয়া হয়। কিয়নো দৈত ভিটামিন C আৰু ভিটামিন E যথেষ্ট থাকে। এণ্টি বেক্টেৰিয়াল (anti bacterial) আৰু এন্টী ফাংগেল (anti fungal) গুণৰ বাবে উফি নোহোৱা হয় দৈ খালে।
দৈৰ লগত জালুক ( মিহিকৈ পিহি ) মিহলাই চুলি ধুলে চুলি ঘন , কোমল আৰু অধিক ক’লা হয়। টেঙা দৈৰে মূৰ ধুলে মূৰৰ উফি নাশ হয়।
৬) দৈৰ নিয়মিত সেৱনে কেঞ্চাৰ ৰোগৰ আশংকা কিছু পৰিমাণে কমাই ৰাখে।
৭) দৈৰ সৈতে নিমৰ পাত মিহিকৈ পিহি ছালৰ ৰোগ খৰ আদিত লগালে সোনকালে খৰ নাশ হয়।
৮) দৈ অতিসাৰ আৰু শোথ ৰোগত যথেষ্ট উপকাৰী।
দৈৰ অপকাৰিতাঃ
জ্বৰ হোৱা অৱস্থাত দৈ খাব নালাগে। মূৰৰ বিষ, এলাৰ্জীক চাইনাচাইটিছ আদি ৰোগত ভোগা ব্যক্তিয়ে দৈ খাব নালাগে। চেনিৰে সৈতে দৈ খাব নালাগে। চেনিৰে সৈতে দৈ সেৱন কৰিলে উপকাৰিতাৰ মাত্ৰা হ্ৰাস পায়। ৰক্তপিত্ত সম্পৰ্কীয় ৰোগত ভোগা ব্যক্তিয়ে সাধাৰণতে ৰাতিৰ ভাগত দৈ খাব নালাগে।