মানুহৰ ৫ টি বেয়া অভ্যাসে মগজু বেয়া কৰি পেলাই !!
মানুহৰ মগজু অৰ্থাৎ Brain ত লাখ লাখ কোষ থাকে। আৰু এই কোষৰ সংখ্যা ১০০ বিলিওন ৰ ওপৰত বুলি অনুমান কৰা হয়। এই কোষমুহে গোটেই লোক জনৰ দেহৰ ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে।
বহু লোকে জানিয়ে হওঁক বা নাজানিয়ে হওঁক দৈনন্দিন কিছু ঋণাত্মক কাম কৰে যি কামৰ ফলত লাহে লাহে তেওঁ বুজি নোপোৱাকৈ এই মগজুৰ কোষসমূহ নষ্ট কৰি পেলাই। আনকি এনেধৰণৰ অভ্যাস বহুদিন ধৰি চলি থাকিলে জীৱনৰ বাবে ভাবুকি আহি যাব পাৰে। এনে পাঁচোটী দৰকাৰী কথা উল্লেখ কৰা হৈছে।
১) শুবৰ সময়ত মূৰটো কাপোৰেৰে ঢাকি ৰখা বিপদজনক হ’ব পাৰে। গৱেষণাত প্ৰকাশ যে যিসকল লোকে মূৰ ঢাকি শুয়ে তেওঁলোকৰ ভিতৰত প্ৰায় ২৩% লোকৰ জীৱনৰ কোনো স্তৰত ডিমেনচিয়া ( কথা পাহৰা, চিন্তাশক্তি লোপ পোৱা, ব্যক্তিত্বৰ পৰিৱৰ্তন আদি লক্ষণ ) আৰু এলজেমাৰ ৰোগ হয়।
এলজেমৰ হৈছে বৃদ্ধ অৱস্থাত হোৱা ৰোগ যাৰ ফলত লোকজনে কথা পাহৰি যায়, হাত ভৰি কঁপনি উঠে, টোপনি কম হয় আদি। মূৰ ঢাকি শুলে এই ৰোগ হোৱাৰ ঘাই কাৰণ হৈছে মূৰ ঢাকি শুলে মগজুত অক্সিজেনৰ পৰিমাণ কম আৰু কাৰ্বনডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হয়।
২) টোপনিৰ অভাৱ বা সঠিক টোপনি নামাৰিলে মগজুৰ ক্ষতি হব। বিভিন্ন গৱেষণাৰ তথ্য অনুসৰি সঘনাই টোপনিৰ ক্ষতি হ’লেও এলজেমাৰ ৰোগ আৰু নানান ধৰণৰ স্নায়ু ৰোগ হ’ব।
হিচাপৰ টোপনি নহ’লে লাহে লাহে স্মৃতি শক্তি লোপ হয়। টোপনিয়ে দৈনন্দিন কামৰ ফলত মগজুত জমা হোৱা বিষাক্ত দ্ৰব্যসমূহ নিষ্কাশন কৰে। আৰু টোপনিৰ অভাৱত এই দ্ৰব্য সমূহ জমাহৈ গৈ এদিন মগজুক ক্ষতি কৰাটো নিশ্চিত। সেয়ে ৭-৮ ঘন্টা সুন্দৰ টোপনি প্ৰতিদিনে প্ৰয়োজন।
৩) পানী কমকৈ খোৱাৰ ফলটো মগজুৰ ক্ষতি হব পাৰে । মানুহৰ দেহৰ দুই তৃতীয়াংশই হ’ল পানী আৰু এই পানীয়ে দেহৰ অইন ক্ৰিয়া কলাপক নিয়ন্ত্ৰণ কৰে।
আৰু এই পানী কমকৈ খালে বা অইন কিবা কাৰণত যদিহে দেহত পানীৰ পৰিমাণ কমে তাক ডিহাইড্ৰেছন কোৱা হয় আৰু ইয়াৰ ফলত শৰীৰত হব পাৰে ১) মাইগ্ৰেইন ২) কোষ্ঠ্য কাঠিন্য ৩) বৃক্কৰ পাথৰ আৰু লগতে মগজুৰ কিছু সমস্যা যেনে:- মুৰটো বেয়া লগা, ভয় ভয় লগা (anxiety), ভাগৰুৱা হৈ পৰা আদি। কিয়নো মগজুৰ প্ৰায় চাৰিভাগৰ তিনি ভাগেই হ’ল পানী আৰু যদি পানী কমি গৈ ডিহাইড্ৰেছন হৈছে তেতিয়া মগজু শুকাব যাৰ ফলত মগজুৰ আকাৰ আয়তন কমিব ফলত মগজুৰ ক্ৰিয়াত ব্যাঘাত হব।
৪) ষ্ট্ৰেছ ( Stress) :- মানুহৰ ষ্ট্ৰেছ দুই প্ৰকাৰৰ। এবিধ হঠাতে আবিৰ্ভাৱ হোৱা আৰু আনবিধ লাহে লাহে বিহুদিনৰ পৰা আগবাঢ়ি গৈ থকা। দুয়োবিধৰ কোনোবিধেই জনহীতকৰ নহয়।
হঠাৎ হোৱা এই ষ্ট্ৰেছ বা মানসিক চিন্তাই বহুত ক্ষতি নকৰে যদিও বহুদিনৰ পৰা হোৱা ষ্ট্ৰেছ বা মানসিক চিন্তাই তেজত কৰ্টিচল নামৰ হৰমনৰ পৰিমাণ বৃদ্ধি কৰে। যাৰ বাবে দেহত ওজন বৃদ্ধি হব, পেটৰ সমস্যা, হৰমনৰ সন্তুলন হ্ৰাস হোৱা, হৃদৰোগ, কৰ্কট ৰোগ, ডায়েবেটিচ ৰোগৰ সন্মুখীন হব। লগতে বহুদিনৰ মানসিক অৱসাদে এড্ৰেনেল গ্ৰন্থিক প্ৰভাৱিত কৰে ফলত স্মৃতিশক্তিৰ ক্ষয় আৰু মতিভ্ৰম হয়।
৫) শাৰীৰিক আৰু মানসিক ব্যায়ামৰ অভাৱ হ’লে মগজুৰ ক্ষতি হ’ব। এক কথাত বুজিবলৈ হ’লে দেহ মন সক্ৰিয় হৈ থাকিলে মগজু সক্ৰিয় হৈ থাকে। আৰু মগজু সক্ৰিয় হ’লে স্মৃতি শক্তি সক্ৰিয় হয়। সেয়ে আজৰি সময়ত কিতাপ পঢ়া, সামাজিক ভাৱে নিজকে সক্ৰিয় ৰখা, প্ৰতিদিনে নতুন নতুন কাম নতুন নতুন প্ৰত্যাহ্বান লোৱা মগজুৰ বাবে হিতকৰ। আৰু যদিহে প্ৰতিপত্তিশীল হোৱা হেতুকে কাম বন নকৰাকৈ বা পৰিশ্ৰম নকৰিলে মগজু তীক্ষ্ণতা কমি যায়।