এটি পিয়াজ কাটি ঘৰৰ চুকত ৰাখিলে পাব সাংঘাতিক লাভ :-
পিঁয়াজ খালে বহুত স্বাস্থ্য উপকাৰ হয় কিয়নো ইয়াৰ ঔষধী গুণ বহুত আছে এই কথা আমি সকলোৱে জানো।যেনে:-
১) এলিয়াম আৰু এলাইল দাইছালফাইট নামৰ প্ৰাকৃতিক উপাদান থকা হেতুকে পিয়াজৰ বিভিন্ন প্ৰকাৰৰ কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে, ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাৰ উপৰিও ডায়েবেটিচ ৰোগীৰ ভৰিত হব পৰা বিজানু সংক্ৰমণ প্ৰতিৰোধ কৰে।
২) ইনুলিন নামৰ দ্ৰব্য বিধ থকা হেতুকে পিয়াজ খালে পাচন ক্ৰিয়া সক্ৰিয় হৈ থাকে। লগতে এই ইনুলিন খাদ্য নলীত থকা জৈৱ বেক্টেৰিয়াৰ বাবে উপকাৰী। পিয়াঁজৰ ঠাইওছালফিনাট নামৰ দ্ৰব্য বিধ এন্টী-বেক্টেৰিয়া গুণ সমৃদ্ধ।
৩) পিয়াঁজত থকা অলিগুফ্ৰুক্টোছ য়ে গ্ৰহণী ৰোগ নিৰাময় কৰিব পাৰে।
৪) পিয়াঁজৰ ফাইটোকেমিকেল সমূহে গেষ্ট্ৰিক আলছাৰ নিৰ্মূল কৰিব আৰু আৰু পেটৰ বিষ কমাই।
৫) হাড়ৰ গঠন মজবুত হবলৈ পিয়াজ উপকাৰী। পিয়াঁজত থকা GPCS নামৰ ৰাসয়নিক দ্ৰব্য বিধে হাড়ৰ অষ্টিওপৰছিছ ৰোধ কৰিব পাৰে ।
৬) আৰথ্ৰাইটিছ ৰোগীৰ বাবে পিয়াজ উপকাৰী। পিয়াঁজৰ সক্ৰিয় উপাদান সমূহে প্ৰস্তাগ্লেণ্ডিন, লিওকেত্ৰিন আৰু হিষ্টামিন আদিক ৰুদ্ধ কৰি আৰথ্ৰাইটিছ ৰ বিষ কমাই।
৭) পিয়াঁজত থকা কুৱেৰছেটিন আৰু ফ্লেভূনৈদ সমূহে এলাৰ্জি ৰোধ কৰে । চৰ্দি, হাঁপানী, একজমা আদি প্ৰতিৰোধ হয় পিয়াজ খালে। পিয়াজত থকা ছালফাৰ মিশ্ৰনে কফ নিষ্কাষণ ত সহায়ক হয়।
৮) দাঁতৰ বাবে পিয়াজ ভাল। দাঁতৰ সংক্ৰমণ হব পৰা বেক্টেৰিয়া স্ত্ৰীপ্তককাছ মেওটান আৰু স্ত্ৰীপ্তককাছ চবঋণাচক প্ৰতিৰোধ কৰে।
৯) এন্টী- বাইটিক গুণৰ বাবে পিয়াজ খালে ঘাঁ সোনকালে শুকাই।
১০) পিয়াঁজত থকা চেলেনীয়াম আৰু মিনাৰেল সমূহে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
১১) পিয়াঁজৰ চাহ খালে সাধাৰণ চৰ্দি কাহ নিৰ্মূল হয়। ইয়াৰ বাবে এটা পিয়াজ বাকলাই সৰুকৈ কাতক আৰু একাপ পানীত উটলাই গৰমে গৰমে খাই দিয়ক।
বৰ্তমান অত্যাধুনিক চিকিৎসা পদ্ধতিৰ দিনত ঔষধি হিচাপে পিঁয়াজৰ গুৰুত্ব কমি গৈছে যদিও বিজ্ঞানে ইয়াৰ গুণক অস্বীকাৰ কৰিব নোৱাৰে।
ৰাতি বিচনাত পৰাৰ আগতে এটা পিঁয়াজ কাটি চাৰি টুকুৰা কৰি শুৱনি কোঠাৰ চুকত ৰাখিলে পাব বহুতো উপকাৰ যিটো শুনিলে আচৰিত হবলগীয়া।
কিয়নো পিয়াজৰ বেক্টেৰিয়া আৰু ভাইৰাছ প্ৰতিৰোধ ক্ষমতা থকা হেতুকে আপোনাৰ কোঠাত প্ৰৱেশ কৰা বেক্টেৰিয়া আৰু ভাইৰাছ বোৰক পিয়াজে চুম্বকীয় শক্তিৰে আকৰ্ষণ কৰিব আৰু মাৰি পেলাব। সেয়ে অতীতৰ প্ৰবাদ আছে যে বেছি সময় আগতে কাটি থোৱা পিয়াজ খাব নালাগে কিয়নো বেমাৰ হব পাৰে।
প্ৰবাদ আছে যে প্ৰাচীন কালত লোকসকলে ৰোগ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ পিঁয়াজ এনেদৰে ব্যৱহাৰ কৰিছিল।
তাৰোপৰি এনেকৈ পিয়াজ কাটি ৰাখিলে মহৰ কামোৰৰ পৰাও ৰক্ষা পাব পাৰি।