পদিনা পাতৰ পানী কিয় ইমান উপকাৰী ??

   বৈজ্ঞানিক নাম  Mentha spicata নামেৰে জনাজাত এই পদিনা যুগ যুগ ধৰি আয়ুৰ্বেদ চিকিৎসা পদ্ধতিত ব্যৱহাৰ হোৱাৰ লগতে সকলোৰে হয়তো সেউজীয়া পদিনাৰ পাতৰ চাটনি বা অইন ব্যঞ্জন ব্যৱহাৰ হৈ আহিছে। কিন্তু এই পদিনাৰ পাতৰ যে মহৌষধী গুণ আছে আপোনাৰ জানি বৰ ভাল লাগিব।

                         

 

পদিনাৰ পাতত প্ৰাকৃতিক ভাবে অন্তৰ্নিহিত ৰাসয়নিক মিশ্ৰণ সমূহ হল :- ১-৩% জৈৱ তৈল, তিমনীয়া, কেফেইক এচিড, ৰোমাৰিক এচিড ইত্যাদি।

  আৰু মুখ্য সক্ৰিয় দ্ৰব্য সমূহ হল :

   মিণ্ট এল কাৰ্ভন ( যাৰ বাবে পদিনাৰ পাতৰ গোন্ধটো ভাল) , লিমনিন, কিছু পৰিমাণৰ বুটা বাৰব’নেনো, ট্ৰেন্স- কাৰভিল এচিটেত, কেৰিয়’ফেইলিন, ১-৮ চিনেঅল, ট্ৰেন্স দিহিৰ’কাৰ্ভল আৰু সেৱীনিন হাইড্ৰেট।

স্বাস্থ্য উপকাৰ সমূহ :-

 ১) পদিনাৰ পাত এবিধ উত্তম পাচক দ্ৰব্য। পেটৰ হজম শক্তি বৃদ্ধি কৰাৰ লগতে গেছৰ বাবে হোৱা পেটৰ বিষ নাইকিয়া কৰে। খাদনলীৰ পাচক ৰস আৰু মুখমণ্ডলৰ চেলিভা ৰস ক্ষৰণ বৃদ্ধি কৰি আপোনাৰ পেট সুন্দৰকৈ ৰাখে এই পদিনাৰ পাতে।

 ২) লিভাৰ বা যকৃত ৰ বাবে বৰ উপকাৰী এই পদিনাৰ পাত।

 ৩) পদিনাৰ পাত শীতল প্ৰকৃতিৰ। সেয়ে গৰমৰ দিনত বিভিন্ন ধৰণৰ শীতল পনীয়াৰ সৈতে পদিনাৰ পাত মিহলাই দিয়া হয় যাৰ ফলত দেহা শীতল পৰে।

 ৪) পদিনাৰ পাতে হাপানী আৰু এজমা, চৰ্দি কাহ আদিৰ সংক্ৰমণ কমাব পাৰে । হাওফাঁও আৰু ডিঙিত লাগি থকা খেকাৰ নিষ্কাষণ হোৱাত সহায়ক হয় এই পদিনাৰ পাত খালে।

 ৫) দাঁত আৰু মুখমণ্ডল ৰ বাবেও পদিনাৰ পাত উপকাৰী। মুখমণ্ডল আৰু দাঁতৰ দুৰ্গন্ধ দূৰ হয় পদিনাৰ পাত খালে। মুখমণ্ডলৰ ভিতৰ ভাগত বেক্টেৰিয়া ৰ সংক্ৰমণ ৰোধ কৰিব পাৰে।

 ৬) পদিনাৰ পাতত প্ৰাকৃতিক ভাবে সমৃদ্ধিশালী এনজাইম সমূহৰ কেন্সাৰ ৰোগ প্ৰতিৰোধী বৈশিষ্ট্য থাকে।

 ৭) পদিনাৰ পাতৰ ৰস ছালৰ বাবে বহু মূল্যবান। ইয়াৰ ৰস নিয়মিত গ্ৰহণ কৰিলে মুখৰ খলময়না নিয়ন্ত্ৰণ হয়।
ইয়াৰ উপৰিও এক সপ্তাহ দিনে এবাৰ এই পাতৰ ৰস মুখত ঘঁহিলে শেঁতা পৰা ছাল উজ্জল হৈ পৰিব।

 ৮) মহিলাৰ গৰ্ভৱতী সময়ত হোৱা বমিৰ ভাবৰ বাবেও লাভজনক এই পাত। খালি পেটত এগিলাচ পদিনা পানী খালে লগে লগে উপশম হয় এই সমস্যা।

  ৯) নিয়মিত ৰাতিপুৱা এগিলাচ পদিনা পানী খালে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বাঢ়ে।

 ১০) পদিনাৰ পানি নিয়মীয়াকৈ খালে দেহৰ অতিৰিক্ত চৰ্বি কমে। সেয়ে ওজন কমাবলৈ এই পানি লাভজনক।

দিনা পানী কেনেকৈ প্ৰস্তুত কৰিব ??

একাপ সতেজ পদিনাৰ পাত ছিঙি লৈ ভালদৰে ধুই লব। তাৰ পিছত এই পাতখিনি থেতেলী লৈ এগিলাচ পানীত একৰাতি তিয়াই থব। ৰাতিপুৱা চেকি ললে পানীখিনি খোৱাৰ উপযোগী হৈ পৰিব।
অৱশ্যে সোৱাদ ৰ বাবে আধাচামুচ নেমুৰ ৰস মিহলাই দিব পাৰে।

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *