অতিবৃষ্টি—অনাবৃষ্টি // ✍️ প্ৰাণেশ্বৰ শৰ্মা
অলপতে এটা মুছলমান পৰিয়ালে ইছলাম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰা বাবে বহুতো হিন্দু লোকে সন্তোষ প্ৰকাশ কৰা দেখা গৈছে।
আকৌ দুজনমান হিন্দু লোকে ইছলাম গ্ৰহণ কৰিব ওলোৱা শুনি তেওঁলোকক গৰিহণা দিছে।গদ্দাৰ বুলি কৈছে।
এতিয়া কথা হ’ল –হিন্দু ত্যাগ কৰাজন যদি গদ্দাৰ হয়, তেন্তে ইছলাম ত্যাগ কৰাজন কিয় গদ্দাৰ নহ’ব ?আচলতে স্বধৰ্ম ত্যাগ কৰা সকলোৱেই গদ্দাৰ ।
স্বধৰ্মে নিধনং শ্ৰেয় । স্বধৰ্মৰ বহল ধাৰণা আছে যদিও ইয়াতে মই বহল আৰু ঠেক দুয়োটা অৰ্থতে ব্যৱহাৰ কৰিছো।
যিটো পৰিয়ালে ইছলাম ত্যাগ কৰি হিন্দু হ’ল , তেওঁলোকৰ পৰা হিন্দু সকলৰ কি লাভ হ’ব ? হিন্দু ত্যাগ কৰা সকলে ইছলামত গৈ কিডাল ফলাব ?
আচলতে যি ধৰ্মৰেই নহওক, এই লোকসকল মানুহৰ নামত কলংক।এইধৰণৰ লোকক দুয়োপক্ষই ত্যাগ কৰা উচিত। ইছলাম ত্যাগ কৰি হিন্দু হোৱাজনে আকৌ হিন্দু ত্যাগ নকৰিব বুলি কি মানে আছে ?
ইছলাম ধৰ্মত গদ্দাৰৰ সংখ্যা কম।তেওঁলোকে নিজৰ ধৰ্মটোক মৰ্যদা দিয়ে। ৰাজনৈতিক, সামাজিক আদি দিশত বিভিন্ন স্থিতি ললেও ধৰ্মৰ ক্ষেত্ৰত তেওঁলোকে স্থিতি নেহেৰুৱাই।আনক তোষামোদ কৰি ৰাজনৈতিক লাভৰ বাবে তেওঁলোকে নিজৰ ধৰ্মক নিন্দা নকৰে, নিজস্বতা বিসৰ্জন নিদিয়ে ,যিটো কথা মই সমৰ্থন কৰোঁ। তেওঁলোক ধৰ্ম নিৰপেক্ষ হয়, কিন্তু অধৰ্মী নহয়। ধৰ্ম নিৰপেক্ষ হবলৈতো নিজ ধৰ্মক বিসৰ্জন দিয়াৰ প্ৰয়োজন নাই ,বা নিজক নিন্দা কৰাৰ প্ৰয়োজন নাই ।
হিন্দু সকলৰ মাজত গদ্দাৰ বেছি। হিন্দু সকলৰ বহুতেই ধৰ্ম নিৰপেক্ষ হৈ দেখুৱাই, কিন্তু ধৰ্ম নিৰপেক্ষতা কি বস্তু কব নোৱাৰে। সেয়ে নিৰপেক্ষতাৰ নামত নিজস্বতা বিসৰ্জন দিয়ে।নিজ ধৰ্ম সংস্কৃতিৰ নিন্দা কৰি, অপব্যাখ্যা কৰি আসুৰিক আনন্দ লাভ কৰে ।
কোনোবা প্ৰকৃত ইছলামে বিচাৰিছে নেকি বাৰু এনেদৰে নিজে উলংগ হৈ আনক কাপোৰ পিন্ধোৱাটো ?
কৰ্মক্ষেত্ৰতেই হওক বা সামাজিক ক্ষেত্ৰতেই হওক, দিনটোৰ সৰহ সময় ইছলাম লোকৰ লগত পাৰ কৰো। ইছলাম বন্ধুৰ লগত টিউব-টায়াৰ হৈ চলো। কিন্তু কোনোদিনে সেই ইছলাম সকলে মোক মই মনে নিবিচৰা কাম কৰিবলৈ আহ্বান জনোৱা নাই।বা মোৰ লগতো বন্ধু হৈ থাকিবলৈ অহেতুকভাৱে তেওঁলোকৰ বিধি বহিৰ্ভূত কাম কৰা নাই। অৰ্থাৎ, হিন্দু মুছলমান উভয়ে সহাৱস্থান কৰি থাকিবৰ বাবে নিজস্বতা বিসৰ্জন দিয়াৰ কোনো প্ৰয়োজন নাই।
বৰ্তমান সময়ত অতি- হিন্দু আৰু অতি মুছলিম বহুত ওলাইছে । তাতকৈয়ো আকৌ বেছি ওলাইছে হিন্দুৰ ভিতৰতেই হিন্দু নিন্দুক । সুখৰ বিষয় যে ইছলাম সকলৰ ভিতৰত স্ব-নিন্দুকৰ সংখ্যা নগণ্য ।
হিন্দুৰ স্ব-নিন্দুক সকলে কি স্বাৰ্থত বাৰু ওভতগোৰে নাচে ?]
অতিবৃষ্টি আৰু অনাবৃষ্টি দুয়োটায়ে ক্ষতিকাৰক । সেয়ে মই বিচাৰো, সকলোৱে নিজৰ নিজৰ ধৰ্মৰ ক্ষেত্ৰত “অতি” আৰু “অনা” ত্যাগ কৰি সমাজখনৰ সুস্থিৰতা আৰু সম্প্ৰীতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত যত্নপৰ হোৱা উচিত।