নিজ কন্যা ধৰ্ষণকাৰী টটয়া মানসিক ৰোগী আছিল নেকি??

নিজ কন্যাক ধৰ্ষণ কৰিবলৈ মানুহ কিমান পাশবিক হব লাগিব!!

আকৌ এটি গাৰ নোম শিয়ৰী যোৱা ধৰ্ষণ কাণ্ড সংঘটিত হ’ল আৰু লজ্জিত কৰিলে দৰঙ জিলাৰ মঙ্গলদৈক।
ঘটনাৰ খলনায়ক টটয়া ৰয় ওৰফে নগেন ৰয় ওৰফে কৃষ্ণ ৰয়ে বহুদিন ধৰি নিজ গৃহতেই নিজ কন্যাক (নাম প্ৰকাশ নকৰিলো) ব্যৱহাৰ কৰিছিল নিজৰ পাশবিক ও আসুৰিক চৰিত্ৰৰ অভিলাসা হিচাপে। বৰ্তমান টটয়া জেলৰ আলহী বাৰু।
মোৰ মনত কেবাটাও প্ৰশ্নৰ উদয় হৈছে যে কিমান পাশৱিক হ’লে কিমান আসুৰিক হ’লে কিমান নিষ্ঠুৰ হ’লে এজন মানুহে এনেকুৱা পাপ কাম সম্পন্ন কৰিব পাৰে??? যিটো সংঘটিত কৰা বাদেই এজন সুস্থ লোকে ভাবিবলৈ ঘৃণা কৰে। নে দিনৰ দিনটো সুৰাৰ ৰাগীত নিমগ্ন হৈ টটয়াই এনে অপকৰ্ম কৰি গৈছিল দিনে প্ৰতিদিনে?নে টটয়া এজন মানসিক বিকাৰগ্ৰস্ত লোক আছিল?

যদিহে মোৰ প্ৰশ্নবোৰৰ সকলো উত্তৰ ধনাত্মক নহয় তেনেহলে এই বিষয়টোৰ সমাধান কি বা আছেনে ?? নিজ গৃহতে আপোনজনৰ পৰাই যদি কন্যা শিশু অসুৰক্ষিত তেনেহলে এই সমাজ কোনদিশে ধাৱমান?? আৰু কিমান জন টটয়া নগেন কৃষ্ণ ৰয় আমাৰ সমাজত আছে ?? এই প্ৰশ্নবোৰৰ উত্তৰ আমাৰ হাতত আছেনে!!
ডাঃ আজিমুদ্দিন আহমেদ

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *