……প্ৰাণেশ্বৰ শৰ্মা…..
কিছুমান মানুহ আছে, যিয়ে নিজৰ বাবে একো চিন্তা নকৰি কেৱল আনৰ বাবে নিজকে উৎসৰ্গ কৰে।(এনে লোকৰ সংখ্যা অতি তাকৰিয়া) কিছুমান মানুহ আছে, যিয়ে নিজৰ বাবে কিবা কৰাৰ লগতে আনৰ বাবেও কিবা কৰে। কিছুমান মানুহ আছে, যিয়ে আনক নিদিয়েও, আনৰ পৰা নিবিচাৰেও। কিছুমান মানুহ আছে, যিয়ে নিজৰ বাহিৰে একো চিন্তা কৰিব নোৱাৰে।আনৰ কথা ভাবিবলৈ সময় বা ইচ্ছা নাই। কিছুমান মানুহ আছে, যিয়ে নিজৰ বাহিৰে আনৰ কথাতো নাভাৱেই, বৰং আনৰ পৰা কেনেকৈ সুবিধা আদায় কৰিব পাৰি, আনক কেনেকৈ ঠগাব পাৰি, আনৰ সম্পদেৰে নিজৰ ভড়াল কেনেকৈ ভৰাব পাৰি তাৰে চিন্তা তে ব্যস্ত থাকে। প্ৰথম বিধ মানুহ পাবলৈ টান। বৰ্তমান সময়ত কোন দধিচি হবলৈ যাব ?সেইবিধ পাবলৈ আশা কৰাটোও ভুল হব। দ্বিতীয় বিধ লোকৰ কিন্তু সমাজত অতি প্ৰয়োজন। যিয়ে নিজৰ বাবে কিবা এটা কৰাৰ লগতে আন দহজনৰ বাবে বা সমাজৰ বাবে কিবা কৰে বা কৰিবলৈ চেষ্টা কৰে।নিজে উদং হৈ আনক সহায় কৰাৰ আচলতে দৰকাৰ নাই।আনহাতে, আন এজনক সহায় কৰাৰ সম্বল ৰাখিহে এজনক সহায় কৰা ভাল।আকৌ নিজে উদং হৈ সহায় কৰাৰ পিছত নি্্স্ব হৈ পৰিলে, সেই ব্যক্তিজনে পুনৰ সহায় কৰি উদ্ধাৰ কৰাৰ সম্ভাৱনাও তেনেই ক্ষীণ। তৃতীয় বিধৰ কথা কবলগীয়া নাই। তেওলোক হল আত্মকেন্দ্ৰিক।তেওলোকৰ পৰা পাবলগীয়াও নাই, দিবলগীয়াও নাই।তেওলোকক সম্পদ বুলিও গণ্য কৰিব নোৱাৰি। যিচামে আনক একো দিব নোৱাৰে, কিন্তু আনৰ অন্যায়ো নকৰে, তেওলোক স্বাৰ্থপৰ যদিও বহুত বিপজ্জনক নহয়। কিন্তু যিচামে নিজৰ বাবে আনক অন্যায় কৰিব পাৰে,যিকোনো ব্যৱস্থা ৰে কেৱল আনৰ পৰা সৰকোৱাৰ ধান্দাত থাকে, সেইচাম হল চূড়ান্ত স্বাৰ্থপৰ আৰু সমাজৰ বাবে বৰবিহ।
সাধ্যানুসাৰে আনক সহায় কৰিব পাৰিলে পৰম তৃপ্তি পোৱা যায়।সহায় বুলি কওতে কেৱল ধন ধানেৰেই যে সহায় কৰিব পাৰি তেনেতো নহয়।সৰু সৰু মানুহে সৰু সৰু মানুহক সৰু সৰু কথাৰে সহায় আগবঢ়াব পাৰি। কিছুমান মানুহ আছে,যিয়ে সহায় কৰি পোৱা তৃপ্তিৰ কথা অনুভৱেই কৰিব নোৱাৰে।যিবিলাক সহায় কৰিলে তেওলোকৰ নিজৰ সামান্যতমো লোকচান নহয়, তেনে ক্ষেত্ৰতো তেওলোকে আনক সহায় কৰিবলৈ ইচ্ছুক নহয়। এটা উদাহৰণ দিব খুজিছোঁ।মোৰ তেতিয়া গাড়ী নাই।এদিন মোৰ সহকৰ্মী এজনৰ গাড়ীত তেওৰ লগতে মঙ্গলদৈৰ পৰা ঘৰলৈ আহিব বিচাৰিলো।তেতিয়া তেও কলে যে তেও পোনে পোনে ঘৰলৈ নাযায়, কৰবাত সোমাব।কিন্তু পিছত গম পোৱা গল যে তেও চিধা ঘৰলৈকে গৈছে। আন এদিন এজন সহকৰ্মী ৰ লগত আহিব বিচাৰি তেওক সুধিলোঁ—–আপোনাৰ লগত মই যাব পাৰিম নেকি?তেও মোক তেওৰ চাৰিচকীয়াত উঠাই লৈ বাটত সুধিলে —-তই যে মোক ইমান মোলায়েমকৈ সুধিলি যাব পাৰিমনে বুলি, মই আপোনাৰ লগত যাম বুলি গপচত কোৱাৰ সাহস কিয় নাই?মই তেতিয়া আগৰ সহকৰ্মী জনৰ কাহিনীটো কলো।তেও তেতিয়া উত্তৰ দিলে——
সেই মানুহ জনে মোকো তেনেকুৱা কৰছিল।মই ভাবিছিলো মোৰ লগতহে কৰিছিল। তাৰমানে তেওঁৰ স্বভাৱেই এইটো !! এই মানুহজনেই (প্ৰথম জন)আকৌ এদিন তেওঁৰ ফোনেৰে মই ডক্তৰলৈ এটা ফোন কৰিব খোজাত কলে যে ফোনত পইচা নাই।অথচ মই জানো যে তেতিয়া তেওৰ ফোনটো আছিল পোষ্টপেইড।(মোৰ তেতিয়া ফোন নাছিল)
এনেকৈ এচাম মানুহ আছে, যিয়ে আনক সহায় নকৰি মনত এটা আসুৰিক তৃপ্তি পায়।তেওলোকে ভাবে যে তেওলোকৰ চয়তানি আনে বুজি নাপায়।
এতিয়া আকৌ আহো, সহায় আগবঢ়োৱাৰ পিছৰ প্ৰতিক্ৰিয়াৰ বিষয়ে।(কিছুমান ৰ ক্ষেত্ৰত)
এদিন মিনিবাচত উঠি মঙলদৈৰ পৰা ঘৰলৈ আহিছো।চিট নাপাই থিয় হৈ আহিছো।মই য’ত থিয় দি আছো, ঠিক কাষতে এজন লৰা বহি আছে। চিনাকি লৰা।কিন্তু লৰাজনে মোক চিটটো এৰি দিয়াৰ ভয়ত টোপনিৰ ভাও জুৰি আছে।মই হয়তো সুবিধাটো নললোহেতেন, কিন্তু সি ভয় কৰিছে।
আগদিনা তাৰ দেউতাকে তাৰ পৰীক্ষাৰ ফিজটো মোৰ পৰাই খুজি নিছিল।হয়তো সি সেই ফিজ দিয়েই ঘৰলৈ আহি আছিল।
মই যেতিয়া মোৰ নামিবলগীয়া ষ্টপেজ পালো, লৰাটোক পিঠিত চপৰিয়াই কৈ গাড়ীৰ পৰা নামিলো —–গাড়ীত বেছিকৈ টোপনি মৰাটো বেয়া অভ্যাস——