এখন বাছৰ কথা…..সাধাৰণ যাত্ৰীয়ে চিঞঁৰিবই

(অনুগল্প) 
……..প্ৰাণেশ্বৰ শৰ্মা…..

যাত্ৰীসকলে বাছত নিজে কোনোমতে উঠি লব পাৰিলেই পিছৰ ষ্টপেজত কণ্ডাক্টৰক চিঞৰে—ঐ , আৰু কিমান মানুহ উঠাৱ ?ব’ল ব’ল ,আৰু নৰখাবি। অসমী ট্ৰেভেলচ্ নামৰ বাছখনৰ আকৌ কণ্ডাক্টৰ মনোনীত কৰে বাছখনৰ যাত্ৰীসকলেই। কোনোবাজন কণ্ডাক্টৰক যদি পাচঘন্টাৰ বাবে সুবিধা দিছে, কোনোবাজনে আকৌ পোন্ধৰ ঘন্টালৈকে সুবিধা পাইছে।বাছখন চলিয়েই আছে, কণ্ডাক্টৰো সলনি হৈয়েই আছে। নতুন নতুন যাত্ৰী উঠিয়েই আছে।নিজে উঠি লৈ কোনোমতে খোপনি পিতি লোৱা যাত্ৰীসকলে কণ্ডাক্টৰক চিঞৰিয়েই আছে—নতুনকৈ আৰু যাত্ৰী নুঠাবি।কিন্তু কোনো এজন কণ্ডাক্টৰেই সেই চিঞৰক কেৰেপ কৰা নাই। কেৰেপ নকৰিবই ।কাৰণ নতুনকৈ উঠোৱা যাত্ৰীৰ পৰাহে সিহতৰ লাভ হয়।কণ্ডাক্টৰৰ আসনখন গজগজীয়া কৰি লব পাৰে সিহতৰ জৰিয়তেই। নতুন যাত্ৰীৰ প্ৰকোপত বহুতো পুৰণি যাত্ৰীয়েই চিট হেৰুৱাইছে।পুৰণি যাত্ৰীসকলৰ ভয়, জানোছা নতুনসকলৰ বাবে এদিন পুৰণিবোৰে কেৱল চিট হেৰুওৱাই নহয়, যদি বাছৰ পৰাই নামি যাবলগীয়া হয়!! এবাৰ বাছখনৰ ডেকা যাত্ৰীসকলে বিৰাট হৈ ছৈ কৰিলে নতুন যাত্ৰীৰ বিৰুদ্ধে।তেতিয়া ড্ৰাইভাৰে কৰিলে কি– পুৰণি কণ্ডাক্টৰজনক ভাঙি ডেকাসকলৰ মাজৰ পৰাই কণ্ডাক্টৰ সাজি দিলে।পিছে কি হব ! নতুন যাত্ৰীৰ প্ৰতি ডেকা কণ্ডাক্টৰৰ আদৰ বাঢ়িলহে। এনেকৈয়ে চলি আছে বাছখন।নতুন যাত্ৰী উঠিয়েই আছে।ভাঙা যোৱা কণ্ডাক্টৰসকলে দোষ দিয়ে নতুন জনক। বাছখনৰ যাত্ৰীসকলৰ কিছুমানে আকৌ নতুন যাত্ৰীৰ বিৰুদ্ধে হৈ হাল্লা কৰাৰ কাৰণ হ’ল ,পাৰিলে কণ্ডাক্টৰক ভাঙি নিজে হৈ লোৱা।এনেকৈয়েই হৈ আছে কণ্ডাক্টৰবোৰ।বাছত আকৌ যিসকল বুদ্ধি-বৃত্তি থকা যাত্ৰী আছে, সেইসকলে আন সৰ্বসাধাৰণ যাত্ৰী আৰু ডেকাসকলক হৈ হাল্লা কৰিবলৈ বুদ্ধি শিকাই দি নিজে আৰামত টোপনিয়াই গৈ থাকে। এনেকৈয়ে চলি আছে অসমী ট্ৰেভেলচ্ ।নতুন নতুন কণ্ডাক্টৰ হৈয়েই থাকিব, নতুন যাত্ৰী উঠিয়েই থাকিব, কণ্ডাক্টৰ হোৱাৰ আশাৰে হৈ হাল্লাও চলিয়েই থাকিব।সৰ্বসাধাৰণ যাত্ৰীসকলেও একো নুবুজাকৈয়ে চিঞৰিয়েই থাকিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *