ৰমজানৰ সময়ত কি কি খাদ্য খাব

…..ডাঃ আজিমুদ্দিন আহমেদ…..

১. চেহেৰিৰ সময়ত খাদ্য তালিকাত প্ৰতিদিনে অতি চৰ্বীজাত খাদ্য নাখালে ভাল । কিয়নো অতি চৰ্বীজাত খাদ্য হজম হবলৈ পানীৰ প্ৰয়োজন বৃদ্ধি পায় । ফলতেই আপুনি পেটৰ অজিৰণ সমস্যা , পেচাবৰ জ্বলোৱা
আদিত ভূগিব পাৰে ।
সেয়ে কাৰ্বহাইদ্ৰেত আৰু প্ৰটিন সমৃদ্ধ খাদ্যতে মনোনিৱেশ কৰক।

২. ইফটাৰৰ সময়ত প্ৰথমতে এগিলাচ কুহুমীয়া পানীত অকণমান নিমখ দি খালে লাভ পাব । নহ’লে প্ৰায় কিছুমান মানুহৰ ডিঙিত খাদ্য লগা আৰু উদগাৰ অহা , হিকতি অহা আদি সমস্যা দেখা যায় । কিয়নো দিনটো
উপবাসৰ ফলত ডিঙিৰ গ্ৰাসনলী আৰু খাদ্য নলি
পানীৰ অভাৱত শুকাই থাকে , ফলতে ইয়াৰ বেৰত
থকা বিভিন্ন পাচক ৰস , এচিড , উৎসেচক ক্ষৰণ কৰা গ্ৰন্থি সমুহ শুপ্ত হৈ থাকে । সেয়ে অকণমান নিমখযুক্ত গৰম পানীত এই গ্ৰন্থি সমুহ জ্বলপুৰ হৈ পুনঃ সক্ৰিয় আৰু কাৰ্য্যক্ষম হৈ পৰে ।

৩. দৰাচলতে দেখা যায় যে ইফটাৰৰ সময়ত বহুতেই ফ্ৰিজৰ পানী , ঠাণ্ডা পেপচী , কোলা , ঠাণ্ডা ফলৰ ৰস ইত্যাদি সেৱন কৰে । যিটো অতিকৈ ভয়ানক
হ’ব পাৰে । খাব খুজিলে ইফটাৰৰ এঘন্টা পিছত খাওঁক। কিয়নো দিনটো উপবাসৰ বাবে বৃক্ক (kidneys) দুটিৰ মুখ্য কোষ নেফ্ৰনবোৰ ইতিমধ্যে পানীৰ অভাৱত সংকুচিত হৈ থাকে । তেনে সময়ত যদিহে খুবেই ঠাণ্ডা পনীয়া খায় তেনেহলে নেফ্ৰন সমুহ অধিক সংকুচিত হৈ বৃক্ক বিকলহৈ পৰিব পাৰে ।

সেয়ে খাদ্য গ্ৰহণ কৰা সময়ত আৰু এক ঘন্টা সময়লৈ গৰম পানী খোৱা উত্তম ।

কথা খিনি আপোনালোকৰ হিতাৰ্থে জনোৱা হ’ল । ভাল লাগিছে যদি অনুসৰণ কৰক আৰু শ্বেয়াৰ কৰক ।

শেষত সকলোলৈ ৰমজানৰ শুভেচ্ছা ও শুভকামনা জনালোঁ ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *