সুন্দৰৱনলৈ গৈছিলোঁ

…..মনীষা শৰ্মা…..

শৰৎ কাল। ভ্ৰমণ ঋতুৰ শুভাৰম্ভ।সুন্দৰৱন মেনগ্ৰোভ’ (Mangrove) অৰণ্যৰ মাজত কিছু সময় কটাম বুলি ৬/১০/২০১৯ইং তাৰিখে গুৱাহাটীৰ পৰা কলিকতালৈ উৰা মাৰিলো……indigo বিমানেৰে। সময়ত কলিকতাৰ নেতাজী সুভাষ চন্দ্ৰ বোস আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আমাৰ বিমান অৱতৰন কৰিলে। শাৰদীয় দুৰ্গোৎসৱত কলিকতা মহানগৰ উখল -মাখল। ধুপ-ধূনা ঢাক-ঢোলেৰে গুঞ্জৰিত আকাশ -বতাহ কলিকতাত দুদিন কটাই আঠ অক্টোবৰ দিনা পুৱা ছয় বজাত সুন্দৰৱনলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। সংগী হ’ল মোৰ লৰা ৰিতেশ।কলকাতাত আমি থকা হোটেলৰ পৰা Toyota Innova Crysta গাড়ীৰে দীঘলীয়া বাট ১০ কি:মি গৈ তালীগঞ্জ তাৰ পৰা১৪কি:মি গৈ ৰায়পুৰ ৭কি:মি গৈ বাউৰিপুৰ ১৭কি:মি গৈ কেনিং ১৮কি:মি গৈ বাসন্তী ১৩ কি:মি গৈ কছবা তাৰ পিছত আৰু ১৪ কি:মিৰ অন্তত সুন্দৰৱন পালোগৈ ।মুঠ ১০৩ কি:মি ৰ অতিক্ৰম কৰি কলিকতাৰ পৰা সুন্দৰৱন পোৱা যায়।সুন্দৰবন অভয়াৰণ্যত ঘূৰাৰ উপযুক্ত সময় হ’ল অক্টোবৰৰ পৰা মাৰ্চ। বিশ্ব প্ৰকৃতিৰ এই হেৰিটেজ ছাইটত সোমাবলৈ প্ৰথমে কেনিং অথবা সোণাখালিলৈ যাব লাগিব।এই খিনিতে অমিতাভ ঘোষৰ শেষতীয়া গ্ৰন্থ “দ্য গ্ৰেট ডিৰেঞ্জমেণ্ট ক্লাইমেট চেঞ্জ এণ্ড দ্য আন থিংকেবল”(২০১৬ প্ৰকাশিত)।এই কথা খিনিলৈ মনত পৰিছে ….ভাৰতবৰ্ষ,সপ্তদশ শতিকাৰ শেষৰ পিনে ঔপনিৱেশিক ব্ৰিটিছৰাজৰ ৰাজধানী গঢ়ি তোলা হৈছিল হুগলি নদীৰ পাৰত। কালক্ৰমত নদীৰ বুকু বাম হৈ অহা লক্ষ্য কৰি ঊনবিংশ শতিকাৰ আগলিছোৱাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নীতিগত কাৰণতেই বংগোপ সাগৰৰ কাষৰীয়া অঞ্চলত এটা নতুন বন্দৰ গঢ়ি তোলাৰ পৰিকল্পনা কৰে।১৮৪০ খৃ:ত নতুন বন্দৰৰ বাবে স্থান নিৰ্বাচন কৰা হ’ল । কলিকতাৰ দক্ষিণ -পূৱ দিশৰ ৫৫ কি:মি: দূৰৈত মাতলা নামৰ নদী এখনৰ পাৰত। সেই সময়ছোৱাত কলিকতাত হেনৰী পিডিংটন নামৰ ব্ৰিটিছ লোক এজনে বাস কৰিছিল।পেছাত তেওঁ আছিল শ্বিপিং ইন্সপেক্টৰ।পিছে তেওঁৰ নিচা আছিল সাহিত্য, ভাষাতত্ব আৰু বিজ্ঞানৰ প্ৰতি।তেনে সময়তে তেওঁৰ হাতত পৰিছিল ১৮৩৮ চনত প্ৰকাশিত এখন গ্ৰন্থ ,নামটো An Attempt to Develop the low of storm,এই গ্ৰন্থৰ প্ৰনেতা আছিল এগৰাকী আমেৰিকা বতৰ বিজ্ঞানী (meteorologist)কৰ্নেল হেনৰী ৰীড্। কিতাপখনৰ বিষয়বস্তু আছিল ক্ৰান্তীয় ধুমুহাৰ বৃত্তাকাৰ গতিৰ (tropical storms circular motion) অধ্যয়ন। এই গ্ৰন্থখনিয়ে পিডিংটনক ইমানেই মোহাছন্ন কৰি তুলিছিল যে জীৱনৰ বাকীছোৱা কাল এই বিষয়ৰ ওপৰত অধ্যয়ন কৰিয়েই তেঁও জীৱন অতিবাহিত কৰিলে ।”Cyclone” শব্দটো উদ্ধাৱকো তেওঁই আৰু সেইবাবেই তেঁও আজিও স্মৰণীয়। পিডিংটনৰ মূল আগ্রহ আছিল ধুমুহাৰ ঢৌৰ প্ৰপঞ্চ জনাটো।তেখেতে বংগৰ উপকূলীয় অঞ্চলত ধুমুহাই সৃষ্টি কৰা তীব্র ঢৌ আৰু বিধ্বংশৰ সম্পৰ্কে এক বিতং টোকা প্ৰস্তুত কৰিছিল।যিহেতু এই বিষয়ৰ ওপৰত পিডিংটনে গভীৰ ভাৱে অধ্যয়ন কৰিছিল সেয়েহে মাতলা নদীৰ পাৰত বন্দৰ নিৰ্মাণ কৰাটো সমীচিন নহয় বুলি তেওঁ বুজি পাইছিল।গতিকে এই নিৰ্মাণ কার্যত বাধা দিবলৈ তেওঁ পুস্তিকাৰ আকাৰত সেই গভর্নৰ জেনেৰেল গৰাকীলৈ এখন আবেদন প্ৰেৰণ কৰিলে, তেখেতৰ আবেদন পত্ৰখনৰ সতর্কবানীৰ সাৰাংশ আছিল এনেধৰণৰ—

“প্রত্যেকেই এনে এটা দিন চাবলৈ প্ৰস্তুত হৈ থকা উচিত,

যিদিনা প্ৰচণ্ড হাৰিকেনে সকলো তচ্ নচ্ কৰি পেলাব।

সমুদ্ৰৰ ওফন্দি অহা বিশাল লুণীয়া ঢৌৱে নিমিষতে

সমগ্র জনবসতিকে (মাতলা নৈ পাৰৰ)৫ৰ পৰা ১৫

ফুটলৈকে পুতি পেলাব।”

পিডিংটনৰ সতৰ্কবাণী বন্দৰ নগৰ নিৰ্মাণ কৰি থকা অভিযন্তা-বিষয়া সকলৰ একানেদি সোমাই ইকানেদি ওলাই গ’ল।বহুতে সেয়া পাগলৰ প্ৰলাপ বুলিলে।বন্দৰ-নগৰৰ নিৰ্মাণ কার্য পূৰ্ণদ্যোমে চলি থাকিল।ব্যয়বহুলতাৰে নিৰ্মাণ কৰা হ’ল বেংক, হোটেল, ৰেলৱে ষ্টেচন আৰু ৰাজহুৱা কাৰ্যালয়ৰ বিশাল বিশাল অট্টালিকাসমুহ ।১৮৫৭চনত চিপাহী বিদ্ৰোহে দেশ কঁপাই তোলাৰ সময়তো এই নিৰ্মাণ কার্যত প্ৰতিবন্ধকতা সৃষ্টি কৰিব নোৱাৰিলে। ১৮৬৪চনত অত্যন্ত আড়ম্বৰপূৰ্ণভাৱে বন্দৰ নগৰখনৰ উদ্ধোধন কৰা হ’ল ।এগৰাকী ভূতপূৰ্ব গভৰ্ণৰ জেনেৰেলৰ নামেৰে বন্দৰটিৰ নামকৰণ কৰা হ’ল , ‛পোৰ্ট কেনিং’ । কিন্তু মাত্ৰ তিনিবছৰলৈ । মাত্ৰ তিনিবছৰলৈকেহে বৰ্তি থাকিবলৈ সমৰ্থ হ’ল ‛পোৰ্ট কেনিং’ । পিডিংটনে পূৰ্বানুমান কৰাৰ দৰেই ‛পোৰ্ট কেনিং’ চিকাৰ হ’ল প্ৰচণ্ড টোৱে বন্দৰৰ বিস্তৰ ক্ষতি সাধন কৰিলে। চাৰিটা বছৰৰ ভিতৰতে পৰিত্যক্ত হৈ পৰি ৰ’ল ‛পোৰ্ট কেনিং’ ( ‛পোৰ্ট কেনিং’ বৰ্তমান সুন্দৰবনৰে যোগাযোগ ৰক্ষাকাৰী এটা ক্ষুদ্ৰ নদী বন্দৰ) শিয়ালদহৰ পৰা ৰেল বা হাওৰা, ধৰমতলাৰ পৰা বাছ সেৱা আছে কেনি্ংলৈ। কেনিং ষ্টেচনৰ ওচৰতে ব্যাঘ্ৰ প্ৰকল্পৰ কাৰ্যালয়। তাৰ পৰা অনুমতি লৈ বাছ, অটো আদিৰে সোণাখালিলৈ যাব পাৰি। পশ্চিমবংগ পৰ্যযটন উন্নয়ন নিগমৰ জাহাজত পেকেজ ট্যুৰত অংশ ল’বলৈ যোগাযোগ কৰি জাহাজত ঘূৰিবলৈ ভাল। আমিও জাহাজেৰে সুন্দৰবন মেনগ্ৰোভ যোৱাটো সিদ্ধান্ত কৰিলোঁ ।ঠিক তেনেকৈ প্ৰায় দিনৰ এঘাৰ মান বজাত সোণাখালি ষ্টেচনৰ ওচৰতে ব্যাঘ্ৰ প্ৰকল্পৰ কাৰ্যালয়ত উপস্থিত হলোঁ।জাহাজৰ পেকেজ ট্যুৰৰ সৈতে কথা পাতিবলৈ।তেওঁলোকে ক’লে যে প্ৰতিজন যাত্রীৰ পৰা ৬ হাজাৰৰ পৰা ৮ হাজাৰ টকা লৈ পুৰা পেকেজটোৰ বাবেই।।চৰকাৰৰ নীতিমতে সৰু নাওঁৰে যাত্ৰা নিষেধ।সেই দিনা ৰাতিটোৰ থকাৰ কাৰণে জাহাজৰ ভিতৰতে উপযুক্ত বতানুকূল ৰুম এটা ঠিক কৰিলোঁ ।ভাল ৰুম লোৱাৰ কাৰণে ৮ হাজাৰ টকা ল’ব। আৰু দুপৰীয়া ১তাৰ পৰা ৩বজাৰ ভিতৰত জাহাজৰ কৰ্ম কৰ্তা সকলে ফ্ৰি কৈ দুপৰীয়া আহাৰ যোগান ধৰিব। বুফেই চিষ্টেমত।দুপৰীয়া অহাৰত থাকিব ডাঙৰকৈ বেগুন ভাজিৰ পকৰা, ডাইল, ভাত, আলুৰ চৱজি , সাগৰৰ লোকেল কাটলা মাছ ভাজি আৰু তাৰ লগতে থাকিব পাপৰ ।এদিনত দুটা ৱাটচ টাৱাৰ দেখুৱা হয়। আৰু এটা পিছদিনাখন দেখুৱাই।সকলো কথা পাতি আমি যাত্ৰা আৰম্ভ কৰিলোঁ।জাহাজত এজন লোকেল গাৰ্ড থাকে।যি জনে আমাক চেভ চাইড দিব।আমাৰ লগত আৰু বহু ঠাইৰ সহযাত্রী আছিল। তেনেকৈ গৈ আমাৰ গন্তব্য স্থানত উপস্থিত হলোঁ।সূৰ্য্যৰ অসহনীয় উত্তাপ মুৰত লৈ নিমখীয়া মাটিত অগ্ৰসৰ হ’লো।সেয়া সুন্দৰৱন অৰন্য।আমি প্ৰথম ৱাটচ টাৱাৰ চাৱলৈ যোৱাত লক্ষ্য কৰিলোঁ ।মাটিত চাৰিওফালে মেনগ্ৰোভৰ শিপা যাক breathing roots কোৱা হয়।এই শিপাৰ মুল বিশেষত্ব হ’ল যেতিয়া বৰষুণ দিয়ে মাটিৰ ওপৰৰ ভাগ খিনি পানীৰ লগত ভাঁহি যায় তেতিয়া তলৰ পৰা শিপা বোৰে গজালি মেলে।এই কাৰণে বাঘ বোৰে অহা- যোৱা বা খোজ কাঢ়িবলৈ দিগদাৰ হয়।সেইবাবে আমি সুন্দৰৱনৰ বাঘ বোৰক পানীত দেখা পাওঁ।ইয়াত কিছুমান “সুন্দৰি গছ” দেখা পোৱা যায় ।গাইড জনে কোৱা মতে সুন্দৰৱন নামটোৰ সৃষ্টি এই গছৰ পৰা হৈছে হেনো। অৰণ্যৰ মাজত এটা ৱাটচ টাৱাৰ আছে।যৰ পৰা গোটেই অৰণ্যখন দেখা পোৱা যায়।সুন্দৰৱন তিনিটা বস্তুৰ কাৰণে বিখ্যাত।সেয়া হ’ল-ৰয়েল বেঙ্গল টাইগাৰ,পৃথিৱীৰ সকলোতকৈ ডাঙৰ ডেল্টা (ব- দ্বীপ),আৰু আছে মেনগ্ৰোভ অৰন্য।ইয়াৰে ৰয়েল বেঙ্গল বাঘৰ এটা বিশেষত্ব হ’ল যে বাঘটো ৩মিটাৰতকৈ অধিক দীঘল।ইয়াতে মেনগ্ৰোভৰ বাহিৰে ও Geuaan গছ অধিক দেখা যায়।এই গছ বোৰ সাপৰ আকাৰৰ। সুন্দৰৱন এক বিস্তীৰ্ণ অঞ্চল জুৰি মানুহে অ’ত-ত’ত পাতল বসতি কৰি আছে। তাত জীৱন মানে সংঘৰ্ষৰ বাহিৰে আন একো নহয়। কেতিয়াবা খৰি আনিবলৈ যাওঁতে মৃত্যুৱে গ্ৰাস কৰে, কেতিয়াবা সৰিসৃপৰ দংশনত ঢলি পৰে। শুই থাকোঁতেও শৰীৰ নিঠৰ হয়। সেয়াই ভয়ংকৰ সুন্দৰৱন। মোৰও মনৰ অদম্য স্পৃহাত তাকেই বাচি ল’লো যাত্ৰা সাৰ্থক কৰিবলৈ।পৃথিৱীৰ অন্য কোনো মোহনাত সুন্দৰৱন দৰে ডাঙৰ মেনগ্ৰোভ অৰণ্য গঢ়ি উঠা নাই। বিদ্যাধৰী, মাতলা, ৰায়মংগল, কালিন্দী তথা ঠাকুৰাইন বৈ গৈছে নিজৰ গতিত। সাগৰলৈ নামি আহিছে অন্য বহু নদী-উপনদী, খাল-বিল আদি। এয়াই আচৰিত সৌন্দৰ্যৰে ভৰা বংগোপসাগৰ উপকূলৰ বিশ্ব প্ৰকৃতিৰ বিস্ময়- ‘সুন্দৰৱন’। তাত গৈ জানিব পাৰিলো যে মাঘ মাহৰ মকৰ-সংক্ৰান্তী উপলক্ষে সাগৰৰ -দ্বীপত প্ৰতি বছৰেএকোটা ডাঙৰ মেলা হয়।মকৰ -সংক্রান্তিত গঙ্গা সাগৰত স্নান কৰিবৰ বাবে নানা ঠাইৰ পৰা মানুহৰ সমাগম হয়।এই সুন্দৰৱনৰ ঠাইত,সাগৰত গঙ্গাৰ মিলন হৈছিল। এইকাৰণে ইয়াত তীৰ্থ স্থান বোলা হয়।প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহ বিহাৰ, উৰিষ্যা, নেপাল, পাঞ্জাৱ আদি দূৰ-ঠাইৰ পৰা এই পৰ্ব অনুসৰি মানুহ আহে।বহু সাধু-সন্নাসীৰ লগতে বহু ব্যবসায়ৰ লগত জড়িত মানুহ এই ঠাইত সমাগত হয় মেলাৰ সময়ত।সাগৰৰ পাৰত বিস্তীৰ্ণ বালিমাহীৰ ওপৰত এই বৃহৎ মেলাটি অনুষ্ঠিত হয়।যাত্রী সকলে প্রথমে সাগৰত স্নান কৰে।তাৰ পিছত পঞ্চৰত্ন দি সাগৰত পূজা কৰি কপিল মুনিৰ মন্দিৰত গৈ মুনিৰ প্রতি মূৰ্ত্তি দৰ্শন কৰে আৰু তাতে পূজা দিয়ে। মন্দিৰৰ বাহিৰত এডাল বতগছ আছে তাৰ তলত ৰাম আৰু হনুমানৰমূৰ্ত্তি লগতে কপিল মুনিৰো একোটা মূৰ্ত্তি দেখা যায়।মন্দিৰৰ পিছফালে এটা কুণ্ড আছে সেই কুণ্ডটোৰ নাম হ’ল সীতা- কুণ্ড।যাত্রী সকলে পাণ্ডাক পইচা অলপ দি কুণ্ডৰ এক বিন্দু পানী সকলোৱে পান কৰে।কপিল মুনিৰ মন্দিৰৰ ভিতৰত যোৱাতে প্ৰত্যেকে যাত্ৰীয়ে অকন মান পইছা দিয়ে।কিন্তু কিছু বছৰৰ আগতে প্ৰত্যেক যাত্রীয়ে চাৰি অনা কৰি পইছা দিছিল। এয়া পৰম্পৰা ভাৱে চলি আহিছিল। তীৰ্থস্থানত বহুতে যেনেকৈ পূণ্য সঞ্চয় কৰিব যায়, তেনেকৈ বহুলোকে কু-মনোভাৱতো যায়।এফালে যেনেকৈ সাধু-সন্নাসী আছে আনফালে তেনেকৈ চোৰ ডকাইতৰো অভাৱ নথকা নাছিল।বহু বছৰ আগত হেনো এই স্থানত চোৰ ডকাইত অত্যন্ত উপদ্ৰৱ আছিল। এতিয়া তেনেকুৱা নাই যদিও শংকা আঁতৰি যোৱা নাই। সুন্দৰৱনত বহুতো মৌ মাখিৰ বাহ আছে।সেই মৌ মাখিৰ বাহ বোৰ ভাঙি মধু সংগ্রহ কৰা বহুতো ব্যৱসায় লোক আছে।এয়া এক কৰ্ম সংস্থাপনৰ দিশ বুলিবও পাৰি। পশ্চিমবঙ্গৰ সুন্দৰৱন অঞ্চলত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান, ব্যাঘ্ৰপ্ৰকল্প, ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান আৰু এখন “বায়োস্ফিয়াৰ ৰিজাৰ্ভ”। এইখন বঙ্গোপসাগৰৰ পাৰৰ গাঙ্গেয় ব-দ্বীপ অঞ্চলত অৱস্থিত। সুন্দৰৱন মুঠ আয়তনৰ জল আৰু স্থলভাগ মিলি ১০,০০০ বৰ্গ কি.মি. । ইয়াৰে ভাৰত আৰু অৱশিষ্ট অংশ বাংলাদেশত অৱস্থিত।সুন্দৰৱন অৰণ্য খন ৪০%ভাৰতৰ আৰু ৬০%বাংলাদেশৰ। এইখন গঙ্গা- ব্ৰহ্মপুত্ৰ-মেঘনা বদ্বীপ সমভূমিৰ এটা অবিচ্ছেদ্য অংশ। সমগ্ৰ অঞ্চলটো জালৰ আকাৰৰ নদ-নদীৰ দ্বাৰা পৰিবেষ্টিত। বঙ্গোপসাগৰৰ ৭৫ মিটাৰ উচ্চতা পৰ্যন্ত জোৱাৰ ইয়াত সদায়ে দেখা পোৱা যায়। ১৮৭৮ চনত সুন্দৰৱন বৰ্তমানৰ ভাৰতীয় অংশটোৰ সংৰক্ষণৰ কাম আৰম্ভ হয়। ১৯৭৩ চনত মূল এলেকাটো সুন্দৰৱন ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষিত হয়। মেনগ্ৰভ”উদ্ভিদেৰে আবৃত। সুন্দৰৱন বৃহত্তম “বেঙ্গল টাইগাৰ” সংৰক্ষণাগাৰসমূহৰ অন্যতম। ইয়াৰ বাহিৰেও নোনা নদীৰ “কুমিৰ”সহ অনেক প্ৰজাতিৰ পাখি, সৰীসৃপ আৰু মেৰুদণ্ডবিহীন প্ৰাণীৰ বাসস্থান। পানীত ঘঁৰিয়াল ,বাঘ আৰু কেতিয়াবা পাৰতো বাঘ দেখা পোৱা গৈছে।সঁচাকৈ এয়া অকল ইয়াতেই সাৰ্থক। সুন্দৰৱন নামটো মনলৈ আহিলে বুজিব পাৰো যে ৰয়েল বেংগল টাইগাৰৰ গহীন-গম্ভীৰ খোজৰ দৃশ্য। অকল ঢেকীয়াপতীয়াই নহয়, চিতল হৰিণ, নাহৰফুটুকী, বান্দৰ, সাপ তথা বিভিন্ন প্ৰজাতিৰ চৰাইৰ অবাধ বিচৰণ ইয়াত। ১৯৭৩ চনত সুন্দৰৱন টাইগাৰ ৰিজাৰ্ভ, ১৯৭৭ চনত বন্যপ্ৰাণী অভয়াৰণ্য আৰু ১৯৮৪ চনৰ ৪ মে’ত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা পায়। অকল এয়ে নহয়, ১৯৮৯ চনত বয়োস্ফিয়াৰ ৰিজাৰ্ভৰ (Biosphere Reserve)আৰু ১৯৯৭ চনত ইউনেস্কোৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পায় সুন্দৰৱন। ১৯৯২ চনত সুন্দৰৱন আকৌ আন্তঃৰাষ্ট্ৰীয়  ভাৱে অতি গুৰুত্বপূৰ্ণ জলাশয় ৰুপে ৰামচৰ স্থানৰ মৰ্যাদা প্ৰদান কৰা হয়। সুন্দৰৱন হ’ল ৪৫ টা সৰু-বৰ ব-দ্বীপৰ সমষ্টি। ইয়াৰ সবাতোকৈ আকৰ্ষণ হ’ল চৰাইৰ বাবে থকা এটা নিৰ্দিষ্ট এলেকা, য’ত প্ৰায় ৪০০ ৰো অধিক প্ৰজাতিৰ চৰাই থকাৰ তথ্য আছে। ইয়াৰ ওচৰৰ হেম নগৰত বন্যপ্ৰাণী দৰ্শনৰ সুবিধাৰ্থে এটা ওৱাচ্ছ টাৱাৰ নিৰ্মাণ কৰিছে কৰ্তৃপক্ষই। সোণাখালিক কেন্দ্ৰ কৰি ঘূৰি আহিব পাৰি দয়াপুৰ দ্বীপ, জেমছ্‌পুৰ দ্বীপ, সুধন্যখালি আদি ঠাই। এই খিনিতে উল্লেখযোগ্য যে সুন্দৰবনৰ সৌন্দৰ্য উপভোগ কৰিবলৈ হ’লে কলচ দ্বীপলৈ যাব লাগিব। কিন্ত সশস্ত্ৰ বনৰক্ষী অবিহনে তালৈ যাব নোৱাৰি। বন বিভাগৰ উদ্যোগত এই কলচ দ্বীপত স্থাপন হৈছে কলচ কেম্প প্ৰায় ১০ ফুট ওখ বেৰেৰে ঘেৰি ৰখা হৈছে। ইয়াৰ কাষতে থকা জলাশয়ত বাঘ দেখা পোৱাৰ সম্ভাৱনা যথেষ্ট। সুন্দৰৱন দৰে দুৰ্গম বাট-পথেৰে ভৰা ঠাইত নৰিয়াপাটিত পৰাটো একপ্ৰকাৰৰ নিশ্চিত।কাৰণ স্বাস্থ্য সেৱা কেন্দ্ৰৰ সংখ্যা আঙুলিৰ মুৰত লেখিব পাৰি তাত ডাক্তৰৰ সংখ্যাও তাকৰ। ফলত মানুহে দুৰণিবটীয়া বিকল্পৰ আশ্ৰয় ল’বলগা হয় আৰু ইয়াৰ বাবদ সততে বহু টকা ব্যয় হয়। চিকিৎসা সেৱা লাভ কৰাৰ ক্ষেত্ৰত অসুবিধাসমূহৰ বিষয়ে বনৰক্ষী এজনৰ কৰ্মকৰ্তাই কোৱা অনুসাৰে ভ্ৰাম্যমান ক্লিনিক সাক্ষাত কৰা প্ৰায়ভাগ মানুহৰে সমস্যাসমূহ হৈছে বাতবিষ, বাতবিষ, সন্ধিবাত, স্পণ্ডিলাইটিছ, লিউকোৰিয়া, খজুৱতি, চৰ্মৰোগ আৰু ফোঁহা। ক্লিনিকত ৰোগী চোৱা ডাক্তৰৰ মত অনুসৰি পানীত লৱণৰ পৰিমাণ অধিক হোৱা বাবেই সুন্দৰৱনত বহুৰোগে দেখা দিয়ে। তাৰ পিছত আমি সুন্দৰৱন জাহাজৰ ক’টেজত ৰাতি থাকি দুদিনীয়া যাত্ৰা শেষ কৰি সোণাখালিলৈ আহি এখন টেক্সী গাড়ী লৈ সুন্দৰৱনৰে আন এটা অঞ্চল বকখালিলৈ যাত্ৰা কৰিলোঁ। ডাইমণ্ড হাৰবাৰৰ মাজেৰে আহি থাকিলোঁ।এক মনোৰম দৃশ্যৰে আমাৰ গাড়ী আগবাঢ়ি গৈ থাকিল । হুগলি নদী গৈ বঙ্গোপসাগৰত পৰিছে।তাৰ পিছত গঙ্গা সাগৰৰ পাৰেৰে যোৱা ৰাস্তাটো সোঁহাতে পাৰ হলোঁ।বকখালি পোৱাৰ আগতে আমি সৰু চহৰ নামখানা পালোঁ।নামখানাত ভাত খালোঁ।তাৰ পৰা কাকদ্বীপ সৰু চহৰ পালোঁ। বকখালিৰ ওচৰত সেই ঠাইৰ উৎকৃষ্ট হোটেল I’con heritage ত দুদিন থাকিলো আগতীয়াকৈ কৈ ৰখা অনুসৰি। আকৌ দ্বিতীয় দিনা বকখালিৰ কাকদ্বীপ ঘুৰিলোঁ। কিন্তু জম্মুদ্বীপৰ যাত্ৰা নহ’ল।প্ৰতিকূল বতৰৰ বাবে সাগৰত কোনো জাহাজ যাব দিয়া হোৱা নাছিল। বকখালি ভাৰতৰ পশ্চিমবঙ্গ ৰাজ্যেৰ দক্ষিণ চব্বিশ পৰগণা জিলাৰ কাকদ্বীপ মহকুমাৰ অন্তৰ্গত। বকখালিৰ চাৰিওফালে সাগৰৰ ।বকখালিৰ অন্তর্গত একটা পর্যটন কেন্দ্র৷ বঙ্গোপসাগৰৰ তীৰত এইখন সাগৰত ৰঙাকেঁকোৰা কাৰণে বিখ্যাত। নির্জনতাপ্রিয় ভ্রমণ পিপাসুৰ বকখালি পছন্দ ঠাই৷ ইয়াতে আছে ম্যানগ্রোভ বন আৰু এখন উন্মুক্ত চিৰিয়াখানা। স্বাধীনতাৰ পিছত পশ্চিমবঙ্গ সৰকাৰে এইটোকে পর্যটন কেন্দ্র হিচাপে গঢ়ি তুলিছিল। নিকটবর্তী পর্যটন কেন্দ্র হিচাপে ফ্রেজাৰগঞ্জ প্রসিদ্ধি লাভ কৰিছে।দিনটোৰ ঘূৰাৰ শেষত যেতিয়া ভাগৰে আগুৰি ধৰিছিল তেতিয়া সন্ধিয়া বকখালি সাগৰৰ তীৰত বহি তাত থকা সৰু সৰু দোকানৰ পৰা সাগৰৰ ভজা মাছৰ সোৱাদ ল’বলৈ পাহৰা নাছিলোঁ। সঁচাকৈ সেই সাগৰৰ দ্বীপ ,সেই নীলা-পানী ,সেই পানীত শুই থকা কাছ আৰু ৰঙা কেঁকোৰা চকুত এতিয়া ও ভাঁহিয়ে আছে।

মনীষা শৰ্মা
ঠিকনা-জালুকবাৰী

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *