……ডাঃ আজিমুদ্দিন আহমেদ…….
আহুকালেই লগ এৰা নাই জীৱণৰ অৰ্ধকাল
হাঁহিবলৈ নিশিকিলো,হেঙাৰ হয় সোৱৰণীয়ো
এটি মাথো হাঁহিৰ অপেক্ষাত,সুখৰ সন্ধানত
প্ৰতিশ্ৰুতিবোৰৰ বিফলতাৰে হাঁহিবোৰ মৰহে
আত্মাহাৰা এই জীৱকুলৰ এগাঁঠি দুখৰ বোজা
পম খেদি মৰুৰ বুকুৰ মৰিচিকাৰ চিৎকাৰ হাঁহি
এমোকৰা হাঁহিৰ স্বগৃহ আজি কান্দোনৰ ৰোলত
সুখ-শান্তিৰ হাঁহাকাৰ অপেক্ষাও দুখৰ বন্ধকত
সেয়ে ভাবিলোঁ ,অানৰ হাঁহিতে হাঁহিম মুখ লুকুৱাই
প্ৰয়োজন হ’লে বিষাদৰ কান্দোনেৰেও হাঁহিম
শুনিছো, চকুলোৰ আৰতো থাকে আনন্দৰৰ হাঁহি
প্ৰস্ফুটিত আনন্দ উল্লাসৰ কোলাহ’ল গীত ।
ধূলিকণা আৰু বানৰ প্ৰবল সোতৰ দৰে জীৱনে
বিছাৰো সদায়ে হাঁহিবোৰ ,সেতেলিৰ সপোনতো
ময়ো হাঁহিব খোজো , মোক এমুঠি হাঁহি লাগে ….
ৰং যিয়ে নহক ৰঙা,বগা ও অতি বেঙুনীয়া।