……ড° বীনাপাণি মহন্ত…..
সংস্কৃতি হ’ল সমাজৰ দাপোনস্বৰূপ ।অসমীয়া সংস্কৃতি আৰু সভ্যতা ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ ক্ষুদ্ৰ সংস্কৰণ ।অসমীয়া সংস্কৃতিৰ প্ৰধান উৎসৱ বিহুৰ জন্ম,বিকাশ আৰু অগ্ৰগতিত বিভিন্ন জাতি-জনজাতি আৰু ভাষা গোষ্ঠীৰ সাংস্কৃতিক প্ৰভাৱ উল্লেখনীয় ।অসমীয়া বিহু শব্দটি সংস্কৃত ‘বিষুবৎ’ শব্দৰ পৰা অহা বুলি পণ্ডিতসকলে মতপোষণ কৰে ।
আৰাকান আৰু চিটাগঙত বাস কৰা চাকমাসকলে এপ্ৰিল মাহত উদযাপিত কৰা প্ৰধান উৎসৱটি হ’ল ‘বিষো’ ।Oraon সকলে তেওঁলোকৰ গ্ৰীষ্ম চিকাৰক ‘বিষু চিকাৰ’ বোলে । দক্ষিণভাৰতৰ নায়াৰসকলৰ মাজত প্ৰচলিত নৱ-বৰষৰ উৎসৱটিকো ‘বিষু’ ৰূপে জনা যায় ।হিমাচল প্ৰদেশৰ খাচসকলেও ‘বিষু’ নৱবৰ্ষৰ উৎসৱৰূপে উদযাপন কৰে ।ইয়াৰ উপৰিও ভাৰতৰ বিভিন্ন প্ৰদেশত বসন্তোৎসৱ,মহাবিষুৱ সংক্ৰান্তি আদি উৎসৱ অতি উলহ-মালহেৰে পালন কৰা হয় ।বিহু উৎসৱৰ বিভিন্ন ৰীতি-নীতিত অষ্ট্ৰিক আৰু মংগোলীয় সংস্কৃতিৰ উপাদান নিহিত হৈ আছে ।
বৰো-কছাৰীসকলে মাঘৰ দোমাহীক ‘দোমাসী’ আৰু বহাগ বিহুক বইছাগু বোলে ।ৰাভাসকলৰ বসন্ত উৎসৱ ‘বায়খু’ৰ লগত বিহু উৎসৱৰ অনেক মিল দেখা যায় । তেওঁলোকৰ মতে’বায়’ মানে দেৱতা আৰু’খু’ মানে দিয়া ।অৰ্থাৎ ‘বায়খু’ৰ অৰ্থ দেৱতাই দিয়া ৰং-ধেমালি ।বহাগ-জেঠ মাহত শালি খেতিৰ বাবে কঠীয়া সিঁচাৰ আগে আগে ‘বায়খু’ আৰু ‘ৰিষি’ দেৱতাক বলি-বিধান দি খেতি-বাতিৰ মংগল কামনা কৰি বায়খু উৎসৱ পালন কৰা ৰীতি এতিয়াও ৰাভাসকলৰ মাজত প্ৰচলিত ।
মিচিঙসকলৰ বসন্তোৎসৱ ‘আলিয়াইলিগাঙ’ৰ লগতো বিহুৰ সাদৃশ্য দেখা যায় ।লালুং (তিৱা) সকলেও ৰঙালী বিহু হৈ যোৱাৰ পিছৰ বুধবাৰে নাইবা দুই সপ্তাহৰ পাছত বিহু পালন কৰে !ডিমাছাসকলৰ ‘বুসু’ অৰ্থাৎ বিহু উৎসৱৰ প্ৰধান উদ্দেশ্য হৈছে শস্যৰ দেৱতা ব্ৰাই শিব্ৰাই আৰু বতাহ-বৰষুণৰ দেৱতা গামাডী বা দেৱী পাৰ্বতীক সন্তুষ্ট কৰা ।তেওঁলোকে এই উৎসৱত একগোট হৈ নৃত্য-গীত উদযাপন কৰি ভোজ-ভাত খায় ।আবৰসকলৰ উঞিং বা আৰাণ আৰু অৰুণাচলৰ ৱাঞ্চুসকলৰ ‘লুকু’ উৎসৱৰ বিহু উৎসৱৰ লগত মিল আছে ।নক্টেসকলেও বিহুৰ দৰে উংসৱ পালন কৰে ।টাংছাসকলেও উদযাপন কৰা
‘চামবুনমোৰ’ উৎসৱত ‘বিহউচি’ গীত গায় ।সম্ভৱত এই বিহউচি শব্দটো বিহুৰ পৰাই আহিছে ।আদিগোলংসকলে পালন কৰা ‘মপিন’ বা ‘চলোং’ আৰু ‘পৰাগ’ বিহু কৃষিভিত্তিক উৎসৱ ।তেনেদৰে আপাটানিসকলৰ ‘মালকো’ ডফলাৰ ‘চিৰম-মালোচ্চম’,গালঙৰ ‘মপিন’,লাখেৰ ‘পখুপিলা’, গাৰোৰ ‘ৰংচুগালা’ ,’ওৱাংগালা’ আদি উৎসৱবোৰৰ বিহুৰ লগত মিল আছে । মিজোৰামৰ কুকিসকলে আৰু মণিপুৰৰ লোকসকলে খেতিৰ পূৰ্বে আৰু খেতি উঠাৰ পাছত নৃত্য-গীত আৰু ভোজ-ভাতেৰে বিহুৰ লেখীয়াকে বিভিন্ন উৎসৱ পালন কৰে ।
ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ অনেক উৎসৱৰ লগত বিহুৰ সাদৃশ্য মনকৰিবলগীয়া ।গতিকে আমি নিঃহন্দেহে ক’ব পাৰো যে বিহু উৎসৱৰ লগত বিভিন্ন সংস্কৃতিৰ সমাহৰণ ঘটিছে ।
অসম যিহেতু এখন কৃষিভিত্তিক ৰাজ্য অতীজৰে পৰা পালন কৰি অহা বিভিন্ন উৎসৱবোৰ কৃষিমূলক ।বহাগ বিহুৰে বছৰৰ প্ৰধান খেতিৰ বতৰৰ আৰম্ভনিৰ সূচনা কৰা হয় ।এই বিহুতে গৰুৰ ওপৰত
বিশেষ গুৰুত্ব আৰোপ কৰা হয় । তদুপৰি ডেকা-গাভৰুসকলে গোৱা বিহুগীত আৰু বিহুনৃত্য দৰাচলতে প্ৰেমৰ গীত আৰু প্ৰজনন নৃত্য।আই বসুমতীৰ উৰ্বৰতা বৃদ্ধিৰ বাবে আৰু পথাৰত লহপহকৈ শস্য গজি উঠিবৰ বাবেই ডেকা-গাভৰুসকলে বিহু নাচ নাচে বুলি বিশ্বাস কৰা হয় ।চোটনাগপুৰৰ ‘হো’সকলৰ মাজত আৰু নীলগিৰি পৰ্বতৰ কোটসমাজত প্ৰচলিত কৃষি উৎসৱত গাভৰুসকলক যৌন স্বাধীনতা দিয়াৰ প্ৰথা এতিয়াও প্ৰচলিত ।উৰিষ্যাৰ ভূইয়াসকলৰ মাজত প্ৰচলিত ‘মাঘ-পোৰাই’ উৎসৱতো গাভৰূসকলক যৌন স্বাধীনতা
দিয়া দেখা যায় ।কাতি বিহুতো খেতি-বাতিৰ শ্ৰীবৃদ্ধিৰ বাবে বিবিধ বিধি-বিধান পালন কৰা হয় ।তুলসীৰ তলত আৰু ভড়ালৰ গুৰিত চাকি জ্বলোৱাৰ লগতে পথাৰতো চাকি জ্বলাই আই লখিমীক আদৰা হয় ।কামৰূপৰ কোনো কোনো অঞ্চলত কুমাৰী ছোৱালীয়ে কাতি মাহত পদূলিত কলগছ পুতি তাৰ গুৰিত চাকি জলাই শস্যবৃদ্ধিৰ অৰ্থে জগন্নাথৰ নাম গায় ।কৃষি আৰু উৰ্বৰতাৰ উৎসৱস্বৰূপে কাতি বিহুৰ লগত ওৰাঁওসকলৰ ‘কৰম-গাৰা’ পূজাৰ সাদৃশ্য মন কৰিবলগীয়া ।মাঘ বিহু খেতি চপোৱাৰ আনন্দ উৎসৱ ।মাঘ বিহুৰ লগত জড়িত মেজি,ভেলাঘৰ , জুইত ন-ধানৰ চাউল, মাহ,তিল উচৰ্গা কৰা কাৰ্য অগ্নি-তুষ্টিৰ অনুষ্ঠান ।বৈদিক যুগৰ শস্য উৎসৱ আগ্ৰায়ন-ইষ্টিৰ লগত ইয়াৰ বহুখিনি মিল আছে ।
উপৰিউক্ত কথাখিনিৰ পৰা অনুমান কৰিব পাৰি যে অসমৰ বিহু উৎসৱত নানা সংস্কৃতিৰ আচাৰ-ব্যৱহাৰ, পৰম্পৰা, ৰীতি-নীতি , বিশ্বাস-সংস্কাৰ, গীত-নৃত্য আদিৰ সমন্বয় সাধন হৈ ইয়াৰ জেউতি দুগুনে বিকশিত হৈছে । বাস্তৱিকতে বিহু উৎসৱ সমন্বয় আৰু সম্প্ৰীতিৰ প্ৰতীক ।