……ডাঃ আজিমুদ্দিন আহমেদ……
ক্ৰমশঃ স্থবিৰতাই গ্ৰাসিছে সকলো
বিভিষিকাত আজি জীৱনৰ অনুকম্পা
হতাশাগ্ৰস্ত দুৰূহ মন সন্ধা
হাড়বোৰ শুকাই এড়িৰ ডাল
গোলাপী সপোন চুনামীত নিতাল
পলাই ফুৰিছো জনসমুদ্ৰত প্ৰায়ে
প্ৰতাৰণা বিষাদত ছাই হোৱা প্ৰাণে
মই যেন এজন পগলা মানুহ
উজাগৰী নিশাৰ
পিছে পিছে খেদিছে এদল ৰাক্ষসে হৈ অপস্মাৰ
প্ৰস্তাৱনা আজি লেৰেলি মৰাপাটৰ ঠাৰিযেন হ’ল
মাথোঁ নিসংগতাৰ হুৱাদুৱা
সচাঁ-মিছাৰ ব্যাতিক্ৰম উশাহ
ক্ৰমশঃ অমাবশ্যা নিশাৰ কোলাহলত শুনো অশৰীৰিৰ সংগীত
মিনতি কৰে সংগী হবলৈ প্ৰহসনেৰে
আজি বিবেকহীন হৈছো সিদ্ধান্ত ৰ দোমোজাত
নৰিয়া হৈ পৰিছো দুকোলা দুখৰ বোজাত।