……এম আমিন…….
বহুদিনৰ মূৰত চহৰখনে
উশাহ লৈছে,
সৰাপাতে সজাইছে
চহৰৰ বাট,
মানুহৰ গচকত ভাগৰি পৰা
পদপথবোৰ ঢলি পৰিছে
নিদ্ৰাৰ কোলাত।
কুকুৰজাকে ৰাঁউচি জুৰিছে
ভোকৰ তাড়নাত
কিম্বা বিপদৰ গোন্ধত,
ডাষ্টবিনত শুকাইছে এটি নৱজাতক
মানৱতাৰ জয়গান বাজিছে
ধোঁৱা চাঙত,
সুৰাৰ ৰাগিত সুৰ তুলি কোনোবাই গাইছে সংগ্ৰামৰ বেসুৰা গান,
চহৰত চলিছে কাৰফিউ
ছাইৰেণৰ দীঘল চিঞৰত বিলীন হৈছে
ক্ষুধাৰ্ত পেটৰ হাজাৰ গান,
লাখুটিত ভৰ দি জীয়াই আছে
মগনীয়াৰ মলিয়ন সপোন।
হাহাকাৰৰ মাজতো চলিছে ধৰ্মৰ
ৰমৰমীয়া বেহা,
নিশাৰ ভিতৰতে সলনি হৈছে মানৱতাৰ সংজ্ঞা
ৰক্তৰ ৰঙত ৰহণ সানি কৰিছে
ৰঙা-সেউজীয়া।
শুকান হাড়ত লাগি থকা মঙহৰ দৰেই
সপোনবোৰ সপোন হয়েই থাকে হৃদয়ত,
কাউৰীৰ কৰ্কশ শব্দই
সামৰে এটি উজাগৰী নিশা
আসুৰিক তৃপ্তিৰে আৰম্ভ হয়
নতুন দিনৰ ব্যস্ততা।
সময় থমকি নৰয়,
উজাগৰী নিশাৰ ডায়েৰী
নিতৌ এনেদৰেই
সময়ৰ পৃষ্ঠাত লিপিবদ্ধ হৈ ৰয়।
** ** ***